--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বি-টাউনৰ মৰমলগা দম্পতীৰ ভিতৰত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ নাম গণ্য কৰা হয়। যদিও, বহুবাৰ তেওঁলোকৰ সম্পৰ্কত তিক্ততা অহা বুলি চৰ্চালৈ আহিছে, প্ৰতিবাৰেই দুয়োজনে এই খবৰবোৰ কেৱল উৰাবাতৰি বুলি প্ৰমাণ কৰিলে। ২০১৮ চনৰ ১৪ নৱেম্বৰত দীপিকা আৰু ৰণবীৰ বিবাহপাশত আৱদ্ধ হৈছিল। গতিকে এই দম্পতীয়ে কালি অৰ্থাৎ সোমবাৰে বিবাহৰ চাৰি বছৰ সম্পূৰ্ণ কৰিলে। অৱশ্যে কোনো দুপৰীয়া বা ৰাতিৰ আহাৰত দুয়োকে একেলগে দেখা পোৱা নগ’ল। 

কেৱল এয়াই নহয়, দীপিকাই ছ’চিয়েল মিডিয়াত স্বামী ৰণবীৰ সিঙক বিবাহ বাৰ্ষিকীৰ শুভকামনাও জনোৱা নাই। এতিয়া অনুৰাগীসকলে এই প্ৰশ্ন উত্থাপন কৰিছে যে দীপিকাই কিয় বিশেষ দিনটোত কোনো পোষ্ট শ্বেয়াৰ নকৰিলে? বহু অনুৰাগীয়ে এই বিষয়ত চিন্তিত হৈ এই প্ৰশ্ন উত্থাপন কৰিছে যে দুয়োজন পৃথক হ’ব নেকি?

স্বামী ৰণবীৰ সিঙক দীপিকা পাডুকনে যে অতিশয় ভাল পায় আৰু প্ৰেম প্ৰকাশ কৰিবলৈ ছ’চিয়েল মিডিয়ালৈ যোৱাৰ প্ৰয়োজন নাই বুলিও ব্যক্ত কৰিছে একাংশ অনুৰাগীয়ে। দীপিকাই এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে তেওঁ ব্যক্তিগত জীৱনৰ বাবে নহয়, কেৱল পেছাদাৰী কামৰ বাবেহে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে। এতিয়া সময়তহে গম পোৱা যাব সঁচাকৈয়ে তেওঁলোকৰ সংসাৰখন ঠিকে-ঠাকে চলি আছেনে নে নাই। 

উল্লেখ্য যে অতি সোনকালে ৰণবীৰ সিঙক আলিয়া ভাটৰ সৈতে দেখা যাব কৰণ জোহৰৰ ছবি 'ৰকি আৰু ৰাণী কিৰ প্ৰেম কাহিনী'ত । ইয়াৰ উপৰিও তেওঁৰ হাতত আছে ৰোহিত শ্বেট্টীৰ পৰৱৰ্তী ছবি 'চাৰ্কাছ'। একে সময়তে দীপিকাক পৰৱৰ্তী সময়ত শ্বাহৰুখ খান আৰু জন আব্ৰাহামৰ সৈতে 'পাঠান' ছবিত দেখা যাব। ইয়াৰ উপৰিও তেওঁৰ হাতত আছে ঋত্বিক ৰোশনৰ সৈতে ফাইটাৰৰ দৰে এখন ডাঙৰ ছবি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক