--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বি-টাউনৰ মৰমলগা দম্পতীৰ ভিতৰত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ নাম গণ্য কৰা হয়। যদিও, বহুবাৰ তেওঁলোকৰ সম্পৰ্কত তিক্ততা অহা বুলি চৰ্চালৈ আহিছে, প্ৰতিবাৰেই দুয়োজনে এই খবৰবোৰ কেৱল উৰাবাতৰি বুলি প্ৰমাণ কৰিলে। ২০১৮ চনৰ ১৪ নৱেম্বৰত দীপিকা আৰু ৰণবীৰ বিবাহপাশত আৱদ্ধ হৈছিল। গতিকে এই দম্পতীয়ে কালি অৰ্থাৎ সোমবাৰে বিবাহৰ চাৰি বছৰ সম্পূৰ্ণ কৰিলে। অৱশ্যে কোনো দুপৰীয়া বা ৰাতিৰ আহাৰত দুয়োকে একেলগে দেখা পোৱা নগ’ল। 

কেৱল এয়াই নহয়, দীপিকাই ছ’চিয়েল মিডিয়াত স্বামী ৰণবীৰ সিঙক বিবাহ বাৰ্ষিকীৰ শুভকামনাও জনোৱা নাই। এতিয়া অনুৰাগীসকলে এই প্ৰশ্ন উত্থাপন কৰিছে যে দীপিকাই কিয় বিশেষ দিনটোত কোনো পোষ্ট শ্বেয়াৰ নকৰিলে? বহু অনুৰাগীয়ে এই বিষয়ত চিন্তিত হৈ এই প্ৰশ্ন উত্থাপন কৰিছে যে দুয়োজন পৃথক হ’ব নেকি?

স্বামী ৰণবীৰ সিঙক দীপিকা পাডুকনে যে অতিশয় ভাল পায় আৰু প্ৰেম প্ৰকাশ কৰিবলৈ ছ’চিয়েল মিডিয়ালৈ যোৱাৰ প্ৰয়োজন নাই বুলিও ব্যক্ত কৰিছে একাংশ অনুৰাগীয়ে। দীপিকাই এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে তেওঁ ব্যক্তিগত জীৱনৰ বাবে নহয়, কেৱল পেছাদাৰী কামৰ বাবেহে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে। এতিয়া সময়তহে গম পোৱা যাব সঁচাকৈয়ে তেওঁলোকৰ সংসাৰখন ঠিকে-ঠাকে চলি আছেনে নে নাই। 

উল্লেখ্য যে অতি সোনকালে ৰণবীৰ সিঙক আলিয়া ভাটৰ সৈতে দেখা যাব কৰণ জোহৰৰ ছবি 'ৰকি আৰু ৰাণী কিৰ প্ৰেম কাহিনী'ত । ইয়াৰ উপৰিও তেওঁৰ হাতত আছে ৰোহিত শ্বেট্টীৰ পৰৱৰ্তী ছবি 'চাৰ্কাছ'। একে সময়তে দীপিকাক পৰৱৰ্তী সময়ত শ্বাহৰুখ খান আৰু জন আব্ৰাহামৰ সৈতে 'পাঠান' ছবিত দেখা যাব। ইয়াৰ উপৰিও তেওঁৰ হাতত আছে ঋত্বিক ৰোশনৰ সৈতে ফাইটাৰৰ দৰে এখন ডাঙৰ ছবি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু