--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিক্ষাৰ বাবে বয়স নাই! সেই কথা পুনৰ প্ৰমাণ কৰিলে ৮৭ বছৰীয়া এগৰাকী বৃদ্ধাই। ইজিপ্তৰ জুবাইদা আব্দেল নামৰ বৃদ্ধাগৰাকীয়ে সৰুৰে পৰা শিক্ষাৰ প্ৰতি আকৰ্ষিত আছিল যদিও পৰিয়ালৰ হেঁচাত পঢ়া-শুনা কৰিবলৈ সময় আৰু সুযোগ নাপালে।

জুবাইদা আব্দেলে এতিয়া শিক্ষা অব্যাহত ৰখাৰ সপোন দেখিছে। বৰ্তমান তেওঁৰ জীৱনৰ লক্ষ্য হৈছে সাক্ষৰতাৰ প্ৰমাণ পত্ৰ লাভ কৰা। তেওঁ কয় যে তেওঁ জীৱনত অন্ততঃ এজন মানুহক শিক্ষিত কৰিব পাৰিলেও তেওঁৰ জীৱনটো মূল্যৱান।

ইজিপ্তৰ বাসিন্দাসকলৰ মাজত চৰকাৰে সাক্ষৰতা অভিযান আৰম্ভ কৰিছে। আৰু এই কাৰণেই জুবাইদাৰ দৰে আন বহুতেই বৃদ্ধ বয়সত পুনৰ শিক্ষাৰ সুযোগ পালে।

আঠটা সন্তানৰ মাতৃ জুবাইদা। এজন পুত্ৰ আৰু এগৰাকী কন্যাক হেৰুৱালে। ১৪ গৰাকী নাতি-নাতিনীৰে ভৰি আছে জুবাইদাৰ পৰিয়াল। সৰুৰে পৰা শিক্ষা শিকিব বিচাৰিছিল। কিন্তু পিতৃৰ ৰক্ষণশীল মনোভাৱৰ বাবে তেওঁ সেই সুযোগ নাপালে।

দেউতাকৰ মৃত্যুৰ পিছত জুবাইদাই ভনীয়েকহঁতক পঢ়া-শুনা কৰিবলৈ বাধ্য কৰাইছিল। কিন্তু নিজৰ বাবে চিন্তা কৰাৰ কোনো সুযোগ নাছিল। ১৮ বছৰ বয়সত তেওঁৰ বিয়া হৈছিল। নিজৰ ল’ৰা-ছোৱালীকো তেওঁ স্কুলত ভৰ্তি কৰাইছিল।

চৰকাৰৰ পৰা পঢ়া-শুনাৰ সুযোগ পাই জুবাইদাই খুব সুখী। ইজিপ্ত চৰকাৰৰ এই পদক্ষেপ ২০২২ চনৰ জুলাই মাহৰ পৰা আৰম্ভ হৈছিল। যোৱা ডিচেম্বৰৰ শেষলৈকে সমগ্ৰ দেশৰ প্ৰায় ৯০০০ লোকে এই প্ৰকল্পত অংশগ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন