--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিক্ষাৰ বাবে বয়স নাই! সেই কথা পুনৰ প্ৰমাণ কৰিলে ৮৭ বছৰীয়া এগৰাকী বৃদ্ধাই। ইজিপ্তৰ জুবাইদা আব্দেল নামৰ বৃদ্ধাগৰাকীয়ে সৰুৰে পৰা শিক্ষাৰ প্ৰতি আকৰ্ষিত আছিল যদিও পৰিয়ালৰ হেঁচাত পঢ়া-শুনা কৰিবলৈ সময় আৰু সুযোগ নাপালে।

জুবাইদা আব্দেলে এতিয়া শিক্ষা অব্যাহত ৰখাৰ সপোন দেখিছে। বৰ্তমান তেওঁৰ জীৱনৰ লক্ষ্য হৈছে সাক্ষৰতাৰ প্ৰমাণ পত্ৰ লাভ কৰা। তেওঁ কয় যে তেওঁ জীৱনত অন্ততঃ এজন মানুহক শিক্ষিত কৰিব পাৰিলেও তেওঁৰ জীৱনটো মূল্যৱান।

ইজিপ্তৰ বাসিন্দাসকলৰ মাজত চৰকাৰে সাক্ষৰতা অভিযান আৰম্ভ কৰিছে। আৰু এই কাৰণেই জুবাইদাৰ দৰে আন বহুতেই বৃদ্ধ বয়সত পুনৰ শিক্ষাৰ সুযোগ পালে।

আঠটা সন্তানৰ মাতৃ জুবাইদা। এজন পুত্ৰ আৰু এগৰাকী কন্যাক হেৰুৱালে। ১৪ গৰাকী নাতি-নাতিনীৰে ভৰি আছে জুবাইদাৰ পৰিয়াল। সৰুৰে পৰা শিক্ষা শিকিব বিচাৰিছিল। কিন্তু পিতৃৰ ৰক্ষণশীল মনোভাৱৰ বাবে তেওঁ সেই সুযোগ নাপালে।

দেউতাকৰ মৃত্যুৰ পিছত জুবাইদাই ভনীয়েকহঁতক পঢ়া-শুনা কৰিবলৈ বাধ্য কৰাইছিল। কিন্তু নিজৰ বাবে চিন্তা কৰাৰ কোনো সুযোগ নাছিল। ১৮ বছৰ বয়সত তেওঁৰ বিয়া হৈছিল। নিজৰ ল’ৰা-ছোৱালীকো তেওঁ স্কুলত ভৰ্তি কৰাইছিল।

চৰকাৰৰ পৰা পঢ়া-শুনাৰ সুযোগ পাই জুবাইদাই খুব সুখী। ইজিপ্ত চৰকাৰৰ এই পদক্ষেপ ২০২২ চনৰ জুলাই মাহৰ পৰা আৰম্ভ হৈছিল। যোৱা ডিচেম্বৰৰ শেষলৈকে সমগ্ৰ দেশৰ প্ৰায় ৯০০০ লোকে এই প্ৰকল্পত অংশগ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন