ডিজিটেল ডেস্কঃ অঘটনৰ
বিশ্বকাপ! এইবাৰৰ কাটাৰ বিশ্বকাপক সকলোৱে ‘অঘটনৰ বিশ্বকাপ’ হিচাপে আখ্যা দিছিল।
বিশ্বকাপৰ কেইবাখনো মেচে ফুটবলপ্ৰেমীসকলক স্তম্ভিত কৰি তুলিছে। কোনেনো ভাবিছিল যে
চৌদী আৰৱৰ দৰে এটা দলে লিঅ’নেল মেছিৰ আৰ্জেণ্টিনাক দমন কৰিব! অথবা কোনোৱে ভবা
নাছিল যে বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰাই উলাই যাব জাৰ্মানী, বেলজিয়াম, উৰুগুৱেৰ দৰে
তাৰকাখচিত শক্তিশালী দল।
শুক্ৰবাৰে বিশ্বকাপৰ
গ্ৰুপ পৰ্যায়ৰ খেলসমূহ শেষ হৈছে। এতিয়া নকআউট পৰ্ব। গ্ৰুপ পৰ্যায়ৰ কেইবাখনো মেচত
কোনেও নভবা নিচিন্তা ফলাফল লাভ কৰা গৈছে। চাও আহক এই সন্দৰ্ভত এটা প্ৰতিবেদন!
বিশ্বকাপত প্ৰথমটো অঘটন ঘটায় চৌদী আৰৱে। গ্ৰুপ-চিৰ প্ৰথমখন
মেচত আৰ্জেণ্টিনাক ২-১ গ’লত হৰুৱাই চাঞ্চল্যৰ সৃষ্টি কৰে চৌদীয়ে। মেচখনত ১০ মিনিটত
মেছিৰ পেনাল্টি গ’লেৰে আৰ্জেণ্টিনা আগুৱালেও ৪৮ মিনিটত চালেহ আলছেহৰী আৰু তাৰ পাঁচ
মিনিট পাছতে চালেম আলদাওচাৰীৰ গ’লেৰে ২-১ ব্যৱধানত বিজয়ী হয় চৌদী আৰৱ।
সকলোৱে ভাবিছিল যে আৰ্জেণ্টিনাই এইবাৰ বিশ্বকাপত দূৰ্দান্ত
বিজয়েৰে আৰম্ভণি কৰিব। কিন্তু চৌদী আৰৱে সেয়া হ’বলৈ নিদিলে। বিশ্বকাপৰ পৰৱৰ্তী
পৰ্যায়লৈ আগুৱাবলৈ নোৱাৰিলেও আৰ্জেণ্টিনাক পৰাজীত কৰাটো চৌদীৰ বাবে পৰম
প্ৰাপ্তিস্বৰূপ!
চৌদী আৰৱে অঘটন ঘটোৱাৰ পাছদিনাই জাপানেও চাঞ্চল্যৰ সৃষ্টি
কৰে। এইবাৰ বলি হয় চাৰিবাৰৰ চেম্পিয়ন জাৰ্মানী। গ্ৰুপ-ইৰ প্ৰথমখন মেচত ২-১ গ’লত
জাৰ্মানীক হৰুৱাই জাপানে। আৰ্জেণ্টিনাৰ দৰেই জাৰ্মানীয়েও ৩৩ মিনিটত ইলকাই
গুণ্দগানে লোৱা পেনাল্টি গ’লৰ দ্বাৰা ১-০ ব্যৱধানত আগুৱাই আছিল। কিন্তু ৯০ মিনিটলৈ
১৫ মিনিট বাকী থকা অৱস্থাত সকলো সলনি হৈ পৰে। ৭৫ মিনিটত জাপানৰ হৈ গ’ল কৰে ৰিট্ছু
দোৱানে। ৮৩ মিনিটত আনটো গ’ল কৰে টাকুমা আছান’ই। ২-১ গ’লত বিজয়ী হয় সূৰ্য উঠাৰ দেশ
জাপান।
প্ৰথমখন মেচতে পৰাজিত হোৱাৰ পাছত বিশ্বকাপত মূৰ দাঙি উঠিব
নোৱাৰিলে জাৰ্মানীয়ে। গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় ল’ব লগা হয় ২০১৪ চনৰ বিশ্বজয়ী
মুলাৰ, নয়াৰহঁত।
জাৰ্মানীৰ পাছত অঘটনৰ বলি হয় বেলজিয়াম। উত্তৰ আফ্ৰিকাৰ
আণ্ডাৰডগ মৰক্কোৱে ২-০ গ’লত গ্ৰুপ এফৰ মেচখনত চমকপ্ৰদ বিজয়সাব্যষ্ট কৰে। মেচখনৰ ৭৩
মিনিটলৈকে কোনো এটা পক্ষই গ’ল কৰিবলৈ সক্ষম হোৱা নাছিল। ব্যৰ্থ হৈছিল কেভিন ডি
ব্ৰুইন, এডিন হাজাৰ্ডৰ দৰে বেলজিয়ামৰ তাৰকাসকল। কিন্তু ৭৩ মিনিটত মৰক্কোৰ হৈ গ’ল দিয়ে
ৰোমাইন চাইছে। অতিৰিক্ত সময়ত গ’ল কৰে জাকাৰিয়া আবুখলালে। ফলত ২-০ গ’লত
বিজয়সাব্যষ্ট কৰি অঘটন ঘটায় মৰক্কোৱে।
প্ৰথমখন মেচত এইদৰে অপ্ৰত্যাশিত পৰাজয়ৰ মুখামুখি হৈ গ্ৰুপত
বিশেষ উধাব নোৱাৰিলে বেলজিয়ামে। ফলস্বৰূপে বিশ্বকাপৰ পৰাই বাহিৰ হ’ব লগা হয় ফিফা
ৰেংকিঙৰ শীৰ্ষক্ৰমত থকা দেশখন।
অঘটনৰ বলি হয় বিশ্বচেম্পিয়ন ফ্ৰান্সো। গ্ৰুপ-ডিৰ এখন মেচত টিউনিছিয়াৰ হাতত ১-০
ব্যৱধানত পৰাজীত হয় এমবাপেৰ ফ্ৰান্স। ৫৮ মিনিটত টিউনিছিয়াৰ হৈ গ’ল কৰে ৱাহবী
খাজ্ৰীয়ে।
অৱশ্যে টিউনিছিয়াৰ হাতত হাৰিলেও কোনো সমস্যা নহ’ল ফ্ৰান্সৰ।
ইতিমধ্যে ফ্ৰান্সে গ্ৰুপত সন্তোষজনক স্থানত উপনীত হৈছিল। আনহাতে, ফ্ৰান্সক পৰাজীত
কৰোৱাটোৱেই এইবাৰৰ বিশ্বকাপত টিউনিছিয়াৰ বাবে পৰম প্ৰাপ্তি। বিশ্বকাপৰ পৰৱৰ্তী
পৰ্যায়লৈ আগুৱাবলৈ অক্ষম হয় দলটো।
অঘটনৰ বলি হয় ২০১০ চনৰ বিশ্বজয়ী স্পেইনো। বিশ্বকাপৰ প্ৰথমখন
মেচত কোষ্টাৰিকাক ৭ গ’ল দি স্পেইনে নিজৰ পৰাক্ৰম প্ৰদৰ্শন কৰিছিল। কিন্তু জাপানৰ
হাতত পৰাজীত হয় মৰাটা, পেড্ৰীহঁত।
গ্ৰুপ-ইৰ নিৰ্ণায়ক মেচখনত ১১ মিনিটতে আলভাৰো মৰাটাৰ গ’লেৰে ১-০
ব্যৱধানত আগুৱায় স্পেইন। কিন্তু দ্বিতীয়াৰ্ধৰ ৪৮ মিনিটত জাপানৰ ৰিটছু দোৱানে গ’ল
কৰে। তাৰ ঠিক ৩ মিনিটৰ পাছতে আৱ’ টানাকাইও গ’ল কৰে। ফলত ২-১ ব্যৱধানত আগুৱায়
জাপান। তাৰপাছত মেচখন ঘূৰাব নোৱাৰিলে স্পেইনে। শেষত পৰাজীত হয়।
এছিয়াৰ আন এখন দেশ দক্ষিণ কোৰিয়াৰ হাতত বিধ্বস্ত হয়
পৰ্তুগাল। গ্ৰুপ-এইচৰ নিৰ্ণায়ক
মেচখনত পৰ্তুগালৰ হৈ ৫ মিনিটতে ৰিকাৰ্ড’ হৰ্টাই গ’ল কৰে। কিন্তু ২৭ মিনিটত উভটি
ধৰে দক্ষিণ কোৰিয়াই। গ’ল দিয়ে কিম য়ং-গউনে। তাৰপাছৰ পৰা মেচখন ড্ৰ’ৰ দিশে ৰাওনা হয়
কিন্তু অতিৰিক্ত সময়ত হোৱাং হী-চানৰ গ’লেৰে দক্ষিণ কোৰিয়া ২-১ ব্যৱধানত বিজয়ী হয়।
পৰ্টুগালক পৰাস্ত কৰি
বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডলৈ যায় দক্ষিণ কোৰিয়া। ফলত বাহিৰ হয় উৰুগুৱে। লুইচ
চুৱাৰেজ, এডিনচন কাভানিৰ দৰে তাৰকাখচিত দেশ উৰুগুৱে বিশ্বকাপৰ পৰা বাহিৰ হোৱাটোও
এইবাৰ এটা অঘটনেই বুলিব পাৰি।
অঘটনৰ পৰা বাচি নগ’ল
ফুটবলৰ ৰজা ব্ৰাজিলো! গ্ৰুপ-জিৰ শেষৰখন মেচত কেমেৰুণৰ হাতত ১-০ ব্যৱধানত পৰাস্ত হয়
নেইমাৰবিহীন ব্ৰাজিল। মেচখন গ’লশূণ্যভাৱে শেষ হ’বলৈ ৰাওনা হৈছিল। কিন্তু কেমেৰুণৰ
হৈ ৯০ মিনিটৰ পাছত অতিৰিক্ত সময়ত ভিনচেণ্ট আবুবাকাৰে গ’ল কৰিবলৈ সক্ষম হয়। ফলত
পৰাজীত হ’ব লগা হয় ব্ৰাজিল। অৱশ্যে গ্ৰুপৰ শিখৰত ইতিমধ্যেই উপৱিষ্ট হৈছিল ব্ৰাজিল।
কেমেৰুণৰ হাতত পৰাজীত হ’লেও কোনো হানি বিঘিনি নঘটিল দলটোৰ।
এতিয়া লক্ষ্যণীয় হ’ব জাপান, কোৰিয়াৰ দৰে যিকেইটা দলে গ্ৰুপ
পৰ্যায়ত অঘটন ঘটায় পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে, সেই দলসমূহে নকআউট পৰ্যায়ত
কেনেধৰণৰ প্ৰদৰ্শন কৰে।