--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ব্যস্ততাপূৰ্ণ জীৱনত বহু লোকে সময় ৰাহি কৰিবলৈ গা ধোৱাৰ আগতে পেট ভৰাই খাই লয়। আকৌ বহু লোকৰে অভ্যাস যে ৰাতি খোৱাৰ পাছত গা ধোৱাৰ। ইয়াৰ ফলত শৰীৰৰ যথেষ্ট ক্ষতি হয়। কাৰণ শৰীৰৰ নিয়ম অনুসৰি গা ধোৱাৰ পাছতহে খাদ্য খোৱাটো উচিত।

 অনেকে ভাবে যে খোৱা-বোৱাৰ পাছত গা ধোলে ভাল টোপনি হয়। সেয়েহে বহুতে ৰাতি খোৱাৰ পাছত গা ধুইছিল। কিন্তু এই প্ৰথাৰ ফলত স্বাস্থ্যৰ বহুতো ক্ষতি হ’ব পাৰে। ইয়াৰ ফলত পেটৰ বিষ, বদহজম, গেছৰ সমস্যা হোৱাৰ লগতে বিপাকীয় ক্ৰিয়াৰ হাৰ হ্ৰাস পায় আৰু সেইটোৱেই সমস্যাৰ সৃষ্টি কৰে। বিশেষকৈ চৰ্বি বা ৰিফাইনড কাৰ্বহাইড্ৰেট বা অতিৰিক্ত আঁহযুক্ত খাদ্য খোৱাৰ পাছত গা ধুলে হজম প্ৰক্ৰিয়া লেহেমীয়া হয়। গতিকে পেটৰ বিষ হোৱাৰ সম্ভাৱনা অধিক বাঢ়ি যায়।

 দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত বহুতে ফলমূল খায়। কিন্তু ইয়াৰ ফলতো বদহজমৰ সৃষ্টি হ’ব পাৰে। ছাইট্ৰাছ ফল খালে এই সমস্যা আৰু বেছি ভয়াৱহ হৈ পৰে। বদহজম, বুকুৰ বিষ, পেটৰ বিষ আদিৰ সৃষ্টি কৰিব পাৰে আৰু নিয়মিতভাৱে ধূমপান কৰাৰ ফলতো অন্ত্ৰৰ ক্ষতি কৰে। এই অভ্যাসে পেটৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

 ৰাতি বা দুপৰীয়া গধুৰ আহাৰ খোৱাৰ পাছত চাহ খোৱাটো স্বাস্থ্যৰ বাবে ভাল নহয়। প্ৰটিনযুক্ত খাদ্য খোৱাৰ ঠিক পাছতেই চাহ খালে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। চাহত প্ৰচুৰ পৰিমাণে টেনিন থাকে, যি খাদ্য প্ৰটিনৰ লগত বিক্ৰিয়া কৰি এটা জটিল ৰাসায়নিক যৌগ গঠন কৰে। এই ৰাসায়নিক যৌগবোৰে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰে আৰু শৰীৰে আইৰন শোষণ কৰাত বাধা দিয়ে।

 সেয়েহে দুপৰীয়াই হওক বা ৰাতি হওক, খাই শোৱাৰ অভ্যাস থাকিলে তৎক্ষণাত এৰি দিয়ক। খোৱাৰ পাছত খাদ্য হজম হ’বলৈ সময় দিব লাগে। টোপনি আহিলে হজম শক্তি বিঘ্নিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু