--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ব্যস্ততাপূৰ্ণ জীৱনত বহু লোকে সময় ৰাহি কৰিবলৈ গা ধোৱাৰ আগতে পেট ভৰাই খাই লয়। আকৌ বহু লোকৰে অভ্যাস যে ৰাতি খোৱাৰ পাছত গা ধোৱাৰ। ইয়াৰ ফলত শৰীৰৰ যথেষ্ট ক্ষতি হয়। কাৰণ শৰীৰৰ নিয়ম অনুসৰি গা ধোৱাৰ পাছতহে খাদ্য খোৱাটো উচিত।

 অনেকে ভাবে যে খোৱা-বোৱাৰ পাছত গা ধোলে ভাল টোপনি হয়। সেয়েহে বহুতে ৰাতি খোৱাৰ পাছত গা ধুইছিল। কিন্তু এই প্ৰথাৰ ফলত স্বাস্থ্যৰ বহুতো ক্ষতি হ’ব পাৰে। ইয়াৰ ফলত পেটৰ বিষ, বদহজম, গেছৰ সমস্যা হোৱাৰ লগতে বিপাকীয় ক্ৰিয়াৰ হাৰ হ্ৰাস পায় আৰু সেইটোৱেই সমস্যাৰ সৃষ্টি কৰে। বিশেষকৈ চৰ্বি বা ৰিফাইনড কাৰ্বহাইড্ৰেট বা অতিৰিক্ত আঁহযুক্ত খাদ্য খোৱাৰ পাছত গা ধুলে হজম প্ৰক্ৰিয়া লেহেমীয়া হয়। গতিকে পেটৰ বিষ হোৱাৰ সম্ভাৱনা অধিক বাঢ়ি যায়।

 দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত বহুতে ফলমূল খায়। কিন্তু ইয়াৰ ফলতো বদহজমৰ সৃষ্টি হব পাৰে। ছাইট্ৰাছ ফল খালে এই সমস্যা আৰু বেছি ভয়াৱহ হৈ পৰে। বদহজম, বুকুৰ বিষ, পেটৰ বিষ আদিৰ সৃষ্টি কৰিব পাৰে আৰু নিয়মিতভাৱে ধূমপান কৰাৰ ফলতো অন্ত্ৰৰ ক্ষতি কৰে। এই অভ্যাসে পেটৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

 ৰাতি বা দুপৰীয়া গধুৰ আহাৰ খোৱাৰ পাছত চাহ খোৱাটো স্বাস্থ্যৰ বাবে ভাল নহয়। প্ৰটিনযুক্ত খাদ্য খোৱাৰ ঠিক পাছতেই চাহ খালে পাচনতন্ত্ৰৰ সমস্যা হব পাৰে। চাহত প্ৰচুৰ পৰিমাণে টেনিন থাকে, যি খাদ্য প্ৰটিনৰ লগত বিক্ৰিয়া কৰি এটা জটিল ৰাসায়নিক যৌগ গঠন কৰে। এই ৰাসায়নিক যৌগবোৰে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰে আৰু শৰীৰে আইৰন শোষণ কৰাত বাধা দিয়ে।

 সেয়েহে দুপৰীয়াই হওক বা ৰাতি হওক, খাই শোৱাৰ অভ্যাস থাকিলে তৎক্ষণাত এৰি দিয়ক। খোৱাৰ পাছত খাদ্য হজম হবলৈ সময় দিব লাগে। টোপনি আহিলে হজম শক্তি বিঘ্নিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ