--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি নিশ্চয় সাপৰ বহু বিপদজনক ভিডিঅ' দেখিছে, কিন্তু আজি আমি আপোনালোকক দেখুৱাবলৈ ওলোৱা ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰো বিশ্বাস নহ'ব। ভিডিঅ’টোত চিকিৎসকে এগৰাকী মহিলাৰ মুখৰ পৰা বিপজ্জনক সাপ উলিয়াই দিয়া দেখা গৈছে। এজন চিকিৎসকে ৰাছিয়ান মহিলাএগৰাকীৰ মুখৰ পৰা উলিয়াই আনিলে এটা বিপদজনক আৰু প্ৰায় ৪ ফুট দীঘলীয়া এটা সাপ। এই সাপটো মহিলাগৰাকীৰ মুখত প্ৰৱেশ কৰিছিল যেতিয়া তেওঁ দুৰ্ঘোৰ নিদ্ৰাত বিলীন হৈ আছিল।

ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে অপাৰেচন থিয়েটাৰত এগৰাকী মহিলা অচেতন হৈ পৰি আছে। চিকিৎসকে সাপটোৰ মুখৰ পৰা অস্ত্ৰোপচাৰ কৰি উলিয়াই আনিছে। এগৰাকী মহিলা চিকিৎসকে মহিলাগৰাকীৰ মুখত অস্ত্ৰোপচাৰৰ যন্ত্ৰটো সুমুৱাই সাপটো উলিয়াই আনিছে। আটাইতকৈ আচৰিত কথাটো হ’ল মহিলাগৰাকীৰ মুখৰ পৰা ওলাই অহাৰ লগে লগে সাপটোৱে ডাক্তৰক আক্ৰমণ কৰে। যদিও চিকিৎসক জনে চতুৰতাৰে পিছুৱাই গৈ সাপৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে।




ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই বিপজ্জনক ভিডিঅ’টো টুইটাৰত Fascinating Facts নামৰ একাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৰ কেপচনত লিখা আছে, ‘মহিলাগৰাকীৰ মুখৰ পৰা ৪ ফুট দীঘল সাপ উলিয়াই আনিলে চিকিৎসকে। মহিলাগৰাকী শুই থকাৰ অৱস্থাত মুখত সোমাই গৈছিল সাপটো। ১৭ লাখতকৈ অধিক ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো চাইছে আৰু ৩৮ হাজাৰৰো অধিক লোকে ভিডিঅ’টো লাইক কৰিছে। ভিডিঅ’টোত মানুহৰ বিভিন্ন প্ৰতিক্ৰিয়া আহি আছে, এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘কোনোবাই ইমান গভীৰ টোপনিত কেনেকৈ থাকিব পাৰে যে ইমান দীঘল সাপ এটা মুখত সোমাই গ'ল কিন্তু তেওঁ গমকে নাপালে।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক