--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভুৱন বাদ্যকৰকনো কোনে নাজানে? সেই ‘কাচা বাদাম’ গাই ভাইৰলে হোৱা লোকজন! ভুৱন বাদ্যকৰ এতিয়া ৰাস্তাই-ঘাটে বাদাম বিক্ৰী কৰি ফুৰা লোক হৈ থকা নাই। তেওঁ এতিয়া চেলিব্ৰিটী। অইনে নক’লেও তেওঁ নিজেই এই কথা ঘোষণা কৰিছে। চেলিব্ৰিটীৰ পৰিচয়েৰে জিলিকি উঠা ভুৱন বাদ্যকৰৰ এতিয়া জীৱনশৈলীও সলনি হৈছে। গাড়ী কিনিও তেওঁ চৰ্চালৈ আহিছিল কিছুদিন পূৰ্বে। এতিয়া তেওঁৰ সম্পত্তি অধিক বৃদ্ধি হৈ গৈ আছে। শেহতীয়াকৈ নিজৰ আন এক প্ৰয়োজন পূৰণৰ দিশে অগ্ৰসৰ হৈছে ভুৱন বাদ্যকৰ।

গাড়ী কিনাৰ পাছত এইবাৰ ঘৰ সজাত লাগিছে ‘কাচা বাদাম’ৰ ভুৱনে। এতিয়া তেওঁ এটা সুদৃশ্য ঘৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে। পশ্চিমবংগৰ বীৰভূমৰ দুবৰাজপুৰৰ উড়ালজুৰি গাঁৱত নিজৰ পুৰণি কেঁচা ঘৰটোৰ কাষতে এটা সুদৃশ্য পকী ঘৰ নিৰ্মাণ কৰি আছে ভুৱন বাদ্যকৰে। অতি নিপুনতাৰে, খুঁটি-নাটি মাৰি নিজৰ সপোনৰ ঘৰটো সজাৰ চেষ্টা কৰিছে নৱোদিত ‘তাৰকা’ ভুৱন বাদ্যকৰে। ঘৰত তেওঁ মাৰ্বলো লগাইছে। আভ্যন্তৰীণ সাজ-সজ্জাও কৰিছে নিপুনতাৰে। ‘আনন্দ বাজাৰ পত্ৰিকা’ত ভুৱনৰ এই নতুন ঘৰ আৰু ঘৰটোক লৈ তেওঁৰ পৰিকল্পনাৰ কথা তেওঁ বৰ্ণনা কৰিছে। তেওঁ জনাইছে যে, এতিয়ালৈ ৬ লাখ টকা তেওঁ খৰচ কৰিছে। আৰু কিছু টকা খৰচ কৰি তেওঁ চালে চকু ৰোৱাকৈ ঘৰটো নিৰ্মাণ কৰিব। তেওঁ কয়, আগেয়ে কেঁচা ঘৰত আছিলোঁ। এতিয়া নিজৰ পকী ঘৰ এটা হৈছে। ভাল লাগিছে। ঘৰৰ বাৰান্দখনো খুব সুন্দৰকৈ সজাই তুলিম। প্লাই আৰু অন্যান্য আলংকৰিক আহিলাৰে সজোৱা হ’ব ঘৰৰ বাৰান্দাখন। এগৰাকী শিল্পীৰ সৈতে এই বিষয়ে কথাও পাতিছোঁ। ইমান দিব ভবা নাছিলোঁ যে, মূৰৰ ওপৰত পকী ছাদ হ’ব। মানুহে মোৰ গীত শুনি ইমান আদৰ কৰা দেখি খুব সুখী হৈছোঁ।’ 

নতুন ঘৰ নিৰ্মাণ হৈ থকাৰ সময়তে তেওঁ ইতিমধ্যেই পুৰণি কেঁচা ঘৰ এৰি সেই ঘৰত থাকিবলৈ লৈছে। নিজৰ অৱস্থাৰ পৰিৱৰ্তনক লৈ তেওঁ নতুন গীতো ৰচনা কৰিছে। অৱশ্যে তেওঁৰ ঘৰৰ দৰেই তেওঁৰ নতুন গীতো নিৰ্মীয়মান অৱস্থাত আছে। তেওঁৰ সেই নিৰ্মীয়মান গীতৰ প্ৰথম কলিতো হৈছে, ‘নাছিল আমাৰ ঘৰবাৰী, এতিয়া হ’ল পকীঘৰ...’
কাঁচা বাদাম শীৰ্ষক এটা সৰু ভাইৰেল ভিডিঅ’ এজন লোকৰ জীৱনলৈ এনে অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই অনাটো নিসন্দেহে এক তাৎপৰ্যপূৰ্ণ বিষয়। ভুৱন বাদ্যকৰৰ এই জয়যাত্ৰা অব্যাহত থকাৰে কামনা কৰিছে তেওঁৰ অনুৰাগীসকলে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান