--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আপেল,চেৰি,কেশৰৰ খেতিৰ বাবে কাশ্মীৰ সদায় বিখ্যাত৷ কিন্তু এইবাৰ কাশ্মীৰত আৰম্ভ হৈছে - বেঙুনীয়া বিপ্লৱ ৷ শেহতীয়াকৈ কাশ্মীৰৰ খেতিয়কসকল ব্যস্ত হৈ পৰিছে লেভেণ্ডাৰৰ খেতিত। লগে লগে পৰ্যটকৰ দৃষ্টিও আকৰ্ষণ কৰিছে এই  বেঙুনীয়া হৈ থকা লেভেণ্ডাৰৰ বিশাল পথাৰসমূহে৷ 
 প্ৰতিদিনে লেভেণ্ডাৰৰ  পথাৰত বহু সংখ্যক পৰ্যটকক চেলফি তুলি থকা দেখা পোৱা গৈছে৷ 
সমান্তৰালভাৱে এই  ফুলে কাশ্মীৰৰ পৰ্যটন উদ্যোগকো উৎসাহিত কৰিছে।   

 জম্বুৰ প্ৰায় বিশখন জিলাতে লেভেণ্ডাৰ খেতি কৰা হৈছে আনহাতে কাশ্মীৰে শেহতীয়াকৈ এই সন্মানীয় কৃষি কাৰ্য হাতত লৈছে। লেভেণ্ডাৰৰ খেতিয়ে 'এৰোমা মিছন বা বেঙুনীয়া বিপ্লৱ'ৰ অধীনত জে এণ্ড কেৰ কৃষকসকলৰ ভাগ্য সলনি কৰিবলৈ সক্ষম হৈছে৷ প্ৰাসংগিকভাৱে, কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ (চিএছআইআৰ) এৰোমা মিছনৰ জৰিয়তে ২০১৬ চনত বেঙুনীয়া বা লেভেণ্ডাৰ বিপ্লৱ আৰম্ভ কৰিছিল।

এই অভিযানৰ উদ্দেশ্য হৈছে আমদানি কৰা সুগন্ধি তেলৰ পৰা ঘৰুৱা প্ৰকাৰলৈ স্থানান্তৰ কৰি ঘৰুৱা সুগন্ধি শস্য-আধাৰিত কৃষি-অৰ্থনীতিক সমৰ্থন কৰা।
এই অভিযানৰ অধীনত, প্ৰথমবাৰৰ বাবে কৃষকসকলক বিনামূলীয়া লেভেণ্ডাৰ গছপুলি দিয়া হৈছিল ৷আনহাতে যিসকলে আগতে লেভেণ্ডাৰ খেতি কৰিছিল তেওঁলোকৰ পৰা প্ৰতিটো গছপুলি ৫-৬  টকাত ক্ৰয় কৰা  হৈছিল।

কৃষকসকল এৰোমা মিছনৰ অধীনত এই  অগতানুগতিক সুগন্ধি উদ্ভিদৰ খেতিত জড়িত হৈ যথেষ্ট সুখী।বৰ্তমান ১০০০ ৰো অধিক কৃষক পৰিয়ালে জে এণ্ড কেৰ বিভিন্ন অংশত ২০০ একৰতকৈও অধিক মাটিত লেভেণ্ডাৰ খেতি কৰি আছে। প্ৰতিজন কৃষকে কমেও পাঁচজন আন লোকক নিযুক্তি দিছে। সেয়েহে, এই অভিযানত ইতিমধ্যে ৬০০০ ৰো অধিক পৰিয়াল নিয়োজিত হৈছে।

কৃষকসকলে কয় যে এক হেক্টৰ ভূমিত খেতি কৰা লেভেণ্ডাৰে তেওঁলোকক নিম্নতম ৪০ লিটাৰ লেভেণ্ডাৰ তেল দিয়ে।লেভেণ্ডাৰ খেতিয়ে কেৱল খেতিৰ উপাৰ্জন বৃদ্ধি কৰাত সহায় কৰা নাই লগতে  শস্য খেতি কৰা আৰু স্থিৰ উপাৰ্জন কৰা মহিলা কৃষকসকলৰো উপাৰ্জনৰ বাট মুকলি কৰিছে৷  লেভেণ্ডাৰ পৰা  তেলৰ উপৰি , ধূপ কাঠি তৈয়াৰ কৰা হয়। ফুলৰ পৰা  হাইড্ৰ'চোল, চাবোন আৰু ৰুম ফ্ৰেচনাৰ তৈয়াৰ  কৰা হয়৷বহুতো ব্যক্তিগত কোম্পানীয়ে কৃষকসকলৰ পৰা লেভেণ্ডাৰ ক্ৰয় কৰে৷। 

লক্ষণীয়ভাৱে, এই খেতিৰ বাবে কাশ্মীৰৰ ডোডা জিলা আগবাঢ়ি আছে আৰু জিলাখনত চাৰিটা কৃষি প্ৰকল্প স্থাপন কৰা হৈছে। জিলাখনৰ পৰা দূৰত অৱস্থিত  অঞ্চলৰ কৃষকসকলে লেভেণ্ডাৰ তেল আহৰণৰ বাবে এই প্ৰকল্পবোৰত উপস্থিত হয়।
ডোডাৰ ৮০০ তকৈও অধিক প্ৰগতিশীল কৃষকে এই  সুগন্ধি খেতি গ্ৰহণ কৰিছে যি এতিয়া লাভজনক বুলি প্ৰমাণিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান