--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেক্ষাপটত মোহময়ী অভিনেত্ৰী এঞ্জেলিনা জ’লী৷ শেহতীয়াকৈ বলীউড অভিনেত্ৰী এঞ্জেলিনা জ’লীয়ে ছ’চিয়েল মিডিয়াত গাজাৰ যুদ্ধৰ ওপৰত নিজৰ চিন্তাধাৰা প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰে যে ইজৰাইল “আৱদ্ধ জনসংখ্যাৰ ওপৰত ইচ্ছাকৃতভাৱে বোমা বিস্ফোৰণ”ৰ বাবে দায়ী। তাৰ লগতে এঞ্জেলিনাই জাবালিয়া শৰণাৰ্থী শিবিৰত সংঘটিত হোৱা ধ্বংসলীলাৰ ছবি এখনো পোষ্ট কৰিছিল।

মানৱীয় কামৰ বাবে এঞ্জেলিনা জলী বহুলভাৱে পৰিচিত।অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত গাজাত ইজৰাইলী বিমান আক্ৰমণক গৰিহণা দি ইয়াক ‘আৱদ্ধ জনসংখ্যাৰ ওপৰত ইচ্ছাকৃতভাৱে বোমা বিস্ফোৰণ’ বুলি অভিহিত কৰে। শেহতীয়াকৈ ইনষ্টাগ্ৰামত দিয়া এটা পোষ্টত তেওঁ গাজাৰ সৰ্ববৃহৎ শৰণাৰ্থী শিবিৰ জাবালিয়াত বিমান আক্ৰমণৰ ফলত হোৱা ধ্বংসলীলাক চিত্ৰিত কৰা এখন ফটো শ্বেয়াৰ কৰিছিল।

তেওঁ লিখিছে, "এয়া আৱদ্ধ জনসংখ্যাৰ ওপৰত ইচ্ছাকৃতভাৱে বোমা বিস্ফোৰণ, যাৰ ক'তো পলাবলৈ নাই। গাজা প্ৰায় দুটা দশক ধৰি মুকলি আকাশৰ কাৰাগাৰ হৈ আছে আৰু দ্ৰুতগতিত গণকবৰলৈ পৰিণত হৈছে। নিহতসকলৰ ৪০ শতাংশই নিৰীহ শিশু।"

অভিনেত্ৰীগৰাকীয়ে আৰু কয়, "ইজৰাইলী চৰকাৰৰ সক্ৰিয় সহযোগত, লাখ লাখ পেলেষ্টাইনী সাধাৰণ নাগৰিক - শিশু, মহিলা, পৰিয়াল -ক সামূহিকভাৱে শাস্তি আৰু অমানৱীয় কৰি তোলা হৈছে, এই সকলোবোৰ আন্তঃৰাষ্ট্ৰীয় আইনৰ বিৰুদ্ধে খাদ্য, ঔষধ আৰু মানৱীয় সাহায্যৰ পৰা বঞ্চিত কৰা হৈছে।বহু ৰাষ্ট্ৰই মানৱীয় যুদ্ধবিৰতিৰ দাবী কৰিবলৈ অস্বীকাৰ কৰিছে আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত দুয়োটা দলৰ ওপৰত যুদ্ধবিৰতি জাপি দিবলৈ বাধা দি বিশ্বৰ নেতাসকলে ইজৰাইলৰ এই অপৰাধসমূহৰ সহযোগী হৈ পৰিছে”

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা