--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অসমীয়া যুৱতী!যাৰ কৃতকাৰ্যতাই সমগ্ৰ ভাৰতবাসীৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে৷যুৱতীগৰাকীৰ নাম প্ৰিয়ম ডেকা৷প্ৰিয়মে ইংলেণ্ডত অনুষ্ঠিত অন্যতম কঠিন পৰীক্ষা সংযুক্ত গণৰাজ্য অসামৰিক সেৱা পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷

বৰ্তমান প্ৰিয়ম ডেকাই  ব্ৰিটেইনৰ পৰিবহণ বিভাগৰ নীতি উপদেষ্টা পদৰ বাবে যোগ্যতা অৰ্জন কৰি ৰাজ্য আৰু সমগ্ৰ দেশক গৌৰৱান্বিত কৰি তুলিছে৷প্ৰিয়মে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে এই সফলতাৰ বাট তেওঁৰ বাবে সহজ নাছিল৷লণ্ডন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত সৰু এপাৰ্টমেণ্টত থাকি প্ৰস্তুতি চলাই গৈছিল৷প্ৰিয়মে এই কৃতকাৰ্যতাৰ অন্তৰালত থকা প্ৰতিজন সুহৃদ ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে৷

ইংলেণ্ডত কৰ্মৰত প্ৰিয়মে ব্ৰিটিছ মন্ত্ৰী মাৰ্ক হাৰ্পাৰৰ অধীনস্থ বিভাগ পৰিবহণ বিভাগৰ কেবিনেট সচিবৰ অধীনত কাম কৰিব। আমোলা হিচাপে প্ৰিয়ম ডেকাৰ দায়িত্বসমূহৰ ভিতৰত আছে চৰকাৰী নীতি প্ৰণয়নত সহায় কৰা, বিভাগীয় মন্ত্ৰীক পৰামৰ্শ দিয়া, নীতি বিশ্লেষণ কৰা, ৰাজহুৱা সেৱা ব্যৱহাৰ কৰাসকলক প্ৰত্যক্ষ সহায় আগবঢ়োৱা আদি৷

উল্লেখ্য যে যে ইংলেণ্ডৰ অসামৰিক সেৱাৰ পৰীক্ষা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বাবে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ সমতুল্য হিচাপে গণ্য কৰা হয়।প্ৰিয়মে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ইংলেণ্ডৰ অসামৰিক পৰীক্ষাৰ বাছনি প্ৰক্ৰিয়াটো এবছৰতকৈ অধিক সময় ধৰি চলিছিল৷ আৰু ৫ টাতকৈ অধিক পৰীক্ষা তথা মূল্যায়নৰ অন্তত ৯ ঘণ্টাৰ মৌখিক পৰীক্ষা হৈছিল। পৰীক্ষাটোত সংখ্যাগত আৰু যুক্তিসংগত প্ৰশ্নৰ মূল্যায়নৰ লগতে নীতিগত প্ৰত্যাহ্বান আৰু অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে একাধিক সাক্ষাৎকাৰৰ ৰাউণ্ড কৰা হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ