--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অসমীয়া যুৱতী!যাৰ কৃতকাৰ্যতাই সমগ্ৰ ভাৰতবাসীৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে৷যুৱতীগৰাকীৰ নাম প্ৰিয়ম ডেকা৷প্ৰিয়মে ইংলেণ্ডত অনুষ্ঠিত অন্যতম কঠিন পৰীক্ষা সংযুক্ত গণৰাজ্য অসামৰিক সেৱা পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷

বৰ্তমান প্ৰিয়ম ডেকাই  ব্ৰিটেইনৰ পৰিবহণ বিভাগৰ নীতি উপদেষ্টা পদৰ বাবে যোগ্যতা অৰ্জন কৰি ৰাজ্য আৰু সমগ্ৰ দেশক গৌৰৱান্বিত কৰি তুলিছে৷প্ৰিয়মে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে এই সফলতাৰ বাট তেওঁৰ বাবে সহজ নাছিল৷লণ্ডন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত সৰু এপাৰ্টমেণ্টত থাকি প্ৰস্তুতি চলাই গৈছিল৷প্ৰিয়মে এই কৃতকাৰ্যতাৰ অন্তৰালত থকা প্ৰতিজন সুহৃদ ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে৷

ইংলেণ্ডত কৰ্মৰত প্ৰিয়মে ব্ৰিটিছ মন্ত্ৰী মাৰ্ক হাৰ্পাৰৰ অধীনস্থ বিভাগ পৰিবহণ বিভাগৰ কেবিনেট সচিবৰ অধীনত কাম কৰিব। আমোলা হিচাপে প্ৰিয়ম ডেকাৰ দায়িত্বসমূহৰ ভিতৰত আছে চৰকাৰী নীতি প্ৰণয়নত সহায় কৰা, বিভাগীয় মন্ত্ৰীক পৰামৰ্শ দিয়া, নীতি বিশ্লেষণ কৰা, ৰাজহুৱা সেৱা ব্যৱহাৰ কৰাসকলক প্ৰত্যক্ষ সহায় আগবঢ়োৱা আদি৷

উল্লেখ্য যে যে ইংলেণ্ডৰ অসামৰিক সেৱাৰ পৰীক্ষা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বাবে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ সমতুল্য হিচাপে গণ্য কৰা হয়।প্ৰিয়মে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ইংলেণ্ডৰ অসামৰিক পৰীক্ষাৰ বাছনি প্ৰক্ৰিয়াটো এবছৰতকৈ অধিক সময় ধৰি চলিছিল৷ আৰু ৫ টাতকৈ অধিক পৰীক্ষা তথা মূল্যায়নৰ অন্তত ৯ ঘণ্টাৰ মৌখিক পৰীক্ষা হৈছিল। পৰীক্ষাটোত সংখ্যাগত আৰু যুক্তিসংগত প্ৰশ্নৰ মূল্যায়নৰ লগতে নীতিগত প্ৰত্যাহ্বান আৰু অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে একাধিক সাক্ষাৎকাৰৰ ৰাউণ্ড কৰা হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক