--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল আৰু হামাছ দুয়োপক্ষৰ সহমতত কাইলৈলৈকে যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। দুয়োফালৰ পৰা এজন এজনকৈ কাৰাবন্দীক মুকলি কৰি দিয়া হৈছে। সোমবাৰে নিশা হামাছে গাজাৰ পৰা ১১ জন ইজৰাইলীক মুকলি কৰি দিয়ে। ইজৰাইলত বন্দী হৈ থকা ৫৩ জন পেলেষ্টাইনীক মঙলবাৰে পুৱাই মুকলি কৰি ৰামাল্লালৈ অনা হয়।


কয়দী কেইজনৰ মুক্তিৰ লগে লগে ছ’চিয়েল মিডিয়াত বিয়পি পৰে এটা ভিডিঅ’। দেখা গৈছে যে বন্দী কৰাৰ ৫০ দিনৰ পাছত হামাছে ইজৰাইলী পণবন্দীসকলক ৰেড ক্ৰছ নামৰ স্বেচ্ছাসেৱী সংগঠনটোক গতাই দিছে।বৰ্তমান মুক্ত ইজৰাইলীৰ মুখত হাঁহি। হামাছ বাহিনীক হাত জোকাৰি বিদায় দিয়ে।এই সকলোবোৰ ভিডিঅ’ত ইজৰাইলক তীব্ৰ সমালোচনা কৰা হৈছে। সেনাই এই ভিডিঅ’টো কাউণ্টাৰ ৰিলিজ কৰি হামাছৰ অপপ্ৰচাৰ ভিডিঅ’ বুলি দাবী কৰে। 


উল্লেখ্য যে, যুদ্ধবিৰতিৰ পাছত গাজাত অধিক ইন্ধন আৰু সাহায্য যোগান ধৰা হৈছে। কিন্তু স্বেচ্ছাসেৱী সংস্থাসমূহৰ মতে, ২৩ লাখ পেলেষ্টাইনীৰ প্ৰয়োজনীয়তাৰ তুলনাত সেয়া এক ক্ষুদ্ৰ প্ৰচেষ্টা। এতিয়ালৈকে হামাছে ১৯ জন পণবন্দীকে ধৰি মুঠ ৫০ জন ইজৰাইলী আৰু বিদেশী নাগৰিকক মুকলি কৰি দিছে। আৰু ইজৰাইলৰ কাৰাগাৰৰ পৰা মুক্তি পালে ১৫০ জন পেলেষ্টাইনীয়ে।


আনহাতে, আজি ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে গাজাৰ আক্ৰমণৰ অন্ত পেলাবলৈ আবেদন জনায়। এক বিবৃতিত তেওঁ কয় যে পেলেষ্টাইনীসকলে যিখিনিৰ মাজেৰে পাৰ হৈ আহিছে সেয়া ইতিহাসৰ অন্যতম ক’লা অধ্যায় হ’ব। হামাছৰ কাৰ্যৰ বাবে গাজাৰ সকলো জনসাধাৰণৰ দুখ-কষ্ট মানি ল’ব নোৱাৰি।এই প্ৰেক্ষাপটত আমেৰিকাৰ এটা সংস্থাই কৰা এক সমীক্ষাৰ কথা আহি পৰিছে। আমেৰিকান-পেলেষ্টাইনী সমীক্ষা গোটটোৱে দাবী কৰিছে যে ৮ অক্টোবৰত হামাছৰ আক্ৰমণৰ পূৰ্বে ৬৭% গাজাবাসীয়ে হামাছ শাসনৰ বিৰোধিতা কৰিছিল। ২০০৬ চনত নিৰ্বাচিত হোৱা হামাছ চৰকাৰখন সম্পূৰ্ণ একনায়কত্ববাদী আৰু দুৰ্নীতিগ্ৰস্ত বুলি স্থানীয় লোকে অভিযোগ কৰে। বিশ্লেষকসকলে দাবী কৰিছে যে ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণক গাজাৰ গৰিষ্ঠসংখ্যক লোকে সমৰ্থন কৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ