--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল আৰু হামাছ দুয়োপক্ষৰ সহমতত কাইলৈলৈকে যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। দুয়োফালৰ পৰা এজন এজনকৈ কাৰাবন্দীক মুকলি কৰি দিয়া হৈছে। সোমবাৰে নিশা হামাছে গাজাৰ পৰা ১১ জন ইজৰাইলীক মুকলি কৰি দিয়ে। ইজৰাইলত বন্দী হৈ থকা ৫৩ জন পেলেষ্টাইনীক মঙলবাৰে পুৱাই মুকলি কৰি ৰামাল্লালৈ অনা হয়।


কয়দী কেইজনৰ মুক্তিৰ লগে লগে ছ’চিয়েল মিডিয়াত বিয়পি পৰে এটা ভিডিঅ’। দেখা গৈছে যে বন্দী কৰাৰ ৫০ দিনৰ পাছত হামাছে ইজৰাইলী পণবন্দীসকলক ৰেড ক্ৰছ নামৰ স্বেচ্ছাসেৱী সংগঠনটোক গতাই দিছে।বৰ্তমান মুক্ত ইজৰাইলীৰ মুখত হাঁহি। হামাছ বাহিনীক হাত জোকাৰি বিদায় দিয়ে।এই সকলোবোৰ ভিডিঅ’ত ইজৰাইলক তীব্ৰ সমালোচনা কৰা হৈছে। সেনাই এই ভিডিঅ’টো কাউণ্টাৰ ৰিলিজ কৰি হামাছৰ অপপ্ৰচাৰ ভিডিঅ’ বুলি দাবী কৰে। 


উল্লেখ্য যে, যুদ্ধবিৰতিৰ পাছত গাজাত অধিক ইন্ধন আৰু সাহায্য যোগান ধৰা হৈছে। কিন্তু স্বেচ্ছাসেৱী সংস্থাসমূহৰ মতে, ২৩ লাখ পেলেষ্টাইনীৰ প্ৰয়োজনীয়তাৰ তুলনাত সেয়া এক ক্ষুদ্ৰ প্ৰচেষ্টা। এতিয়ালৈকে হামাছে ১৯ জন পণবন্দীকে ধৰি মুঠ ৫০ জন ইজৰাইলী আৰু বিদেশী নাগৰিকক মুকলি কৰি দিছে। আৰু ইজৰাইলৰ কাৰাগাৰৰ পৰা মুক্তি পালে ১৫০ জন পেলেষ্টাইনীয়ে।


আনহাতে, আজি ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে গাজাৰ আক্ৰমণৰ অন্ত পেলাবলৈ আবেদন জনায়। এক বিবৃতিত তেওঁ কয় যে পেলেষ্টাইনীসকলে যিখিনিৰ মাজেৰে পাৰ হৈ আহিছে সেয়া ইতিহাসৰ অন্যতম ক’লা অধ্যায় হ’ব। হামাছৰ কাৰ্যৰ বাবে গাজাৰ সকলো জনসাধাৰণৰ দুখ-কষ্ট মানি ল’ব নোৱাৰি।এই প্ৰেক্ষাপটত আমেৰিকাৰ এটা সংস্থাই কৰা এক সমীক্ষাৰ কথা আহি পৰিছে। আমেৰিকান-পেলেষ্টাইনী সমীক্ষা গোটটোৱে দাবী কৰিছে যে ৮ অক্টোবৰত হামাছৰ আক্ৰমণৰ পূৰ্বে ৬৭% গাজাবাসীয়ে হামাছ শাসনৰ বিৰোধিতা কৰিছিল। ২০০৬ চনত নিৰ্বাচিত হোৱা হামাছ চৰকাৰখন সম্পূৰ্ণ একনায়কত্ববাদী আৰু দুৰ্নীতিগ্ৰস্ত বুলি স্থানীয় লোকে অভিযোগ কৰে। বিশ্লেষকসকলে দাবী কৰিছে যে ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণক গাজাৰ গৰিষ্ঠসংখ্যক লোকে সমৰ্থন কৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক