--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত  প্ৰথমবাৰৰ বাবে নেপালে সমকামী বিবাহ পঞ্জীয়ন কৰিছে। পাঁচ মাহ পূৰ্বে নেপালৰ উচ্চতম ন্যায়ালয়ে এনে বিবাহক অন্তৱৰ্তীকালীন বৈধতা প্ৰদান কৰিছিল। এইবাৰ এহাল দম্পতীয়ে আইন অনুসৰি সমকামী বিবাহ পঞ্জীয়ন কৰিছে। ৩৫ বছৰীয়া মায়া গুৰুং এগৰাকী ট্ৰেন্সজেণ্ডাৰ আৰু সুৰেন্দ্ৰ পাণ্ডে নামৰ এজন ২৭ বছৰীয়া সমকামী ব্যক্তি হৈছে নেপালৰ  প্ৰথম সমকামী দম্পতী। তেওঁলোকে তেওঁলোকৰ সংসাৰ  আৰম্ভ কৰাৰ প্ৰায় ছমাহ হ'ল। কিন্তু আইনী জটিলতাৰ বাবে বিবাহৰ পঞ্জীয়ন কৰিব পৰা নাছিল।

নেপালৰ ব্লু ডায়মণ্ড চছাইটিৰ সভাপতি সঞ্জীৱ গুৰুং ওৰফে পিঙ্কিয়ে কয় যে মায়া আৰু সুৰেন্দ্ৰই পশ্চিম নেপালৰ লামজুং জিলাৰ দৰ্দি পৌৰসভাত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এই বিবাহে ইতিহাস ৰচনা কৰিছে। কেৱল নেপালতে নহয়,  দক্ষিণ এছিয়াৰ ভিতৰতে  এইখন  এনেধৰণৰ প্ৰথম বিবাহ। সমকামী বিবাহ কেৱল টাইৱানত আইনী ভাবে বৈধ। মায়া গুৰুঙে কয়  "অধিকাৰৰ বাবে যুঁজ দিয়াটো সহজ নহয়। আমি সেই যুঁজ  কৰিছো। মই আশা কৰোঁ যে পৰৱৰ্তী প্ৰজন্মৰ বাবে এনে যুঁজ বহুত সহজ হৈ পৰিব।’’ 

দম্পতীহালে কয়  যে তেওঁলোকে একেলগে এটা বেংক একাউণ্ট খুলিব বিচাৰে। তেওঁলোকে মাটি ক্ৰয় কৰিব বিচাৰে, যি মাটিৰ  দুয়ো মালিক হ'ব। তেওঁলোকে শিশু এটিৰ  অভিভাৱকো হ'ব বিচাৰে।  অৰ্থনৈতিক দিশত অলপ শক্তিশালী হ’লেই  তেওঁলোকে এটা শিশু তুলি লোৱাৰ বিষয়ে বিবেচনা কৰিব বুলি প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ