--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত  প্ৰথমবাৰৰ বাবে নেপালে সমকামী বিবাহ পঞ্জীয়ন কৰিছে। পাঁচ মাহ পূৰ্বে নেপালৰ উচ্চতম ন্যায়ালয়ে এনে বিবাহক অন্তৱৰ্তীকালীন বৈধতা প্ৰদান কৰিছিল। এইবাৰ এহাল দম্পতীয়ে আইন অনুসৰি সমকামী বিবাহ পঞ্জীয়ন কৰিছে। ৩৫ বছৰীয়া মায়া গুৰুং এগৰাকী ট্ৰেন্সজেণ্ডাৰ আৰু সুৰেন্দ্ৰ পাণ্ডে নামৰ এজন ২৭ বছৰীয়া সমকামী ব্যক্তি হৈছে নেপালৰ  প্ৰথম সমকামী দম্পতী। তেওঁলোকে তেওঁলোকৰ সংসাৰ  আৰম্ভ কৰাৰ প্ৰায় ছমাহ হ'ল। কিন্তু আইনী জটিলতাৰ বাবে বিবাহৰ পঞ্জীয়ন কৰিব পৰা নাছিল।

নেপালৰ ব্লু ডায়মণ্ড চছাইটিৰ সভাপতি সঞ্জীৱ গুৰুং ওৰফে পিঙ্কিয়ে কয় যে মায়া আৰু সুৰেন্দ্ৰই পশ্চিম নেপালৰ লামজুং জিলাৰ দৰ্দি পৌৰসভাত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এই বিবাহে ইতিহাস ৰচনা কৰিছে। কেৱল নেপালতে নহয়,  দক্ষিণ এছিয়াৰ ভিতৰতে  এইখন  এনেধৰণৰ প্ৰথম বিবাহ। সমকামী বিবাহ কেৱল টাইৱানত আইনী ভাবে বৈধ। মায়া গুৰুঙে কয়  "অধিকাৰৰ বাবে যুঁজ দিয়াটো সহজ নহয়। আমি সেই যুঁজ  কৰিছো। মই আশা কৰোঁ যে পৰৱৰ্তী প্ৰজন্মৰ বাবে এনে যুঁজ বহুত সহজ হৈ পৰিব।’’ 

দম্পতীহালে কয়  যে তেওঁলোকে একেলগে এটা বেংক একাউণ্ট খুলিব বিচাৰে। তেওঁলোকে মাটি ক্ৰয় কৰিব বিচাৰে, যি মাটিৰ  দুয়ো মালিক হ'ব। তেওঁলোকে শিশু এটিৰ  অভিভাৱকো হ'ব বিচাৰে।  অৰ্থনৈতিক দিশত অলপ শক্তিশালী হ’লেই  তেওঁলোকে এটা শিশু তুলি লোৱাৰ বিষয়ে বিবেচনা কৰিব বুলি প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে