--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধভূমি ইজৰাইলত এতিয়া মৃত্যুৰ মিছিল। হামাছ সন্ত্ৰাসবাদীৰ  আক্ৰমণৰ ফলত ইজৰাইলত আৰম্ভ হোৱা  ৰক্তপাত বন্ধ হোৱা নাই। ইজৰাইলৰ সমান্তৰালভাবে পেলেষ্টাইনীসকলেও  সমানে অব্যাহত ৰাখিছে  আক্ৰমণ ।  ইপিনে গাজাৰ ঘন বসতিপূৰ্ণ অঞ্চলত নিষিদ্ধ বগা ফছফৰাছ বোমা নিক্ষেপ কৰাৰ  অভিযোগ উঠিছে। আক্ৰমণৰ ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য বগা ফছফৰাছ হৈছে এক অতি বিষাক্ত পদাৰ্থ। ই ফছফৰাছৰ এক আইচ'টোপ। যি দেখাত  মমৰ দৰে। অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে ই জ্বলি উঠে। ফুটাৰ লগে লগে ই উজ্জ্বল বগা ধোঁৱাৰ কুণ্ডলী এটা সৃষ্টি কৰে।ই যেতিয়াই  অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়াই বিধ্বংসী জুইৰ সৃষ্টি কৰে।

 এই বোমাৰ পৰা নিৰ্গত পদাৰ্থ কেৱল ছালৰ জড়িয়তেই  নহয়,  উশাহ-নিশাহৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰিব পাৰে আৰু মৃত্যু ঘটাব পাৰে। কোৱা হয় যে ১৮০০ চনত আইৰিছ সেনাই ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে বগা ফছফৰাছ বোমা  ব্যৱহাৰ কৰিছিল। 

ব্ৰিটিছ সেনাই পৰৱৰ্তী দুয়োখন বিশ্বযুদ্ধত এই অস্ত্ৰ ব্যৱহাৰ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীয়েও ইৰাণৰ বিৰুদ্ধে বগা ফছফৰাছ বোমা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।অৱশ্যে ইজৰাইলৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ