--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছ-ইজৰাইল সংঘৰ্ষ আৰম্ভ হোৱাৰ এমাহৰো অধিক সময় পাৰ হৈ গৈছে। কিন্তু যুদ্ধ বন্ধ হোৱাৰ কোনো উমঘামেই নাই৷ ইজৰাইল চৰকাৰে যোৱা ৩৫ দিনত যুদ্ধবিৰতিৰ প্ৰস্তাৱ বাৰে বাৰে প্ৰত্যাখ্যান কৰিছে। এইবাৰ ইজৰাইলে গাজাৰ লোকসকলৰ স্বাৰ্থত নিজৰ স্থিতি কিছু  শিথিল কৰাৰ সিদ্ধান্ত লৈছে। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে উত্তৰ গাজাত দিনত চাৰি ঘণ্টাৰ বাবে অভিযান বন্ধ ৰাখিবলৈ সন্মত হৈছে। সেই সময়ছোৱাত গাজাবাসীয়ে "মানৱ অধিকাৰ কৰিডৰ"ৰ মাজেৰে সুৰক্ষিত স্থানলৈ  যাব পাৰিব৷ 

হোৱাইট হাউচৰ ৰাষ্ট্ৰীয় সুৰক্ষা মুখপাত্ৰ জন কাৰ্বিয়ে ইজৰাইলৰ পদক্ষেপক আদৰণি জনাইছে। তেওঁ বৰ্তমান ইজৰাইলতে আছে। তেওঁ কয়- "ইজৰাইলী সামৰিক বাহিনীৰ এই সিদ্ধান্ত গুৰুত্বপূৰ্ণ, যদিও প্ৰথম। কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আকৌ এবাৰ স্পষ্ট কৰি দিছে যে চাৰি ঘণ্টাৰ সময়সীমাক যুদ্ধবিৰতি বুলি ভবাটো ভুল হ'ব’’। সেই চাৰি ঘণ্টাৰ সময়ছোৱা কেৱল গাজাৰ নিৰীহ, অসামৰিক নাগৰিকসকলৰ কথা চিন্তা কৰিয়েই নিৰ্ধাৰণ কৰা হৈছে বুলি ইজৰাইলী সেনাৰ এগৰাকী বিষয়াই কয় । এই প্ৰসংগতে নেতান্যাহুৱে কয়, "হামাছৰ বিৰুদ্ধে যুঁজ যেনেকৈ আছে তেনেকৈয়ে অব্যাহত থাকিব। কিন্তু কিছু সময় দিয়া হৈছে কেৱল গাজাৰ বাসিন্দাসকলৰ বিষয়ে চিন্তা কৰি৷ যাতে তেওঁলোকে যুদ্ধক্ষেত্ৰৰ পৰা সুৰক্ষিত আশ্ৰয়স্থলীলৈ  যাব পাৰে। " ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে  লগতে কয় যে হামাছৰ বিৰুদ্ধে যুদ্ধ শেষ হোৱাৰ পিছত ইজৰাইলে গাজা দখল বা নিয়ন্ত্ৰণ কৰাৰ কথা ভবা নাই৷  

উল্লেখ্য হামাছৰ বিৰুদ্ধে অভিযান চলোৱাৰ উপৰি  আইডিএফে চিৰিয়াতো বিমান আক্ৰমণ চলাইছে। ইজৰাইলী সামৰিক বাহিনীয়ে কৈছে যে চিৰিয়াৰ সেনাই দক্ষিণ ইজৰাইলৰ ইলাত চহৰৰ এখন বিদ্যালয়ত ড্ৰোন আক্ৰমণ চলাইছে। বিদ্যালয়খনত ৪০ জন লোক আছিল। সৌভাগ্যক্ৰমে  হতাহত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই। ইজৰাইলৰ আক্ৰমণত হাজাৰ হাজাৰ পেলেষ্টাইনী লোকৰ  মৃত্যুৰ প্ৰতিবাদত মানৱ অধিকাৰ কৰ্মীসকলৰ এটা দলে ম্যানহাটানৰ এখন কাকতৰ  কাৰ্যালয়ত আক্ৰমণ চলোৱাৰ খবৰো পোৱা গৈছে । 
FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত