--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছ-ইজৰাইল সংঘৰ্ষ আৰম্ভ হোৱাৰ এমাহৰো অধিক সময় পাৰ হৈ গৈছে। কিন্তু যুদ্ধ বন্ধ হোৱাৰ কোনো উমঘামেই নাই৷ ইজৰাইল চৰকাৰে যোৱা ৩৫ দিনত যুদ্ধবিৰতিৰ প্ৰস্তাৱ বাৰে বাৰে প্ৰত্যাখ্যান কৰিছে। এইবাৰ ইজৰাইলে গাজাৰ লোকসকলৰ স্বাৰ্থত নিজৰ স্থিতি কিছু  শিথিল কৰাৰ সিদ্ধান্ত লৈছে। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে উত্তৰ গাজাত দিনত চাৰি ঘণ্টাৰ বাবে অভিযান বন্ধ ৰাখিবলৈ সন্মত হৈছে। সেই সময়ছোৱাত গাজাবাসীয়ে "মানৱ অধিকাৰ কৰিডৰ"ৰ মাজেৰে সুৰক্ষিত স্থানলৈ  যাব পাৰিব৷ 

হোৱাইট হাউচৰ ৰাষ্ট্ৰীয় সুৰক্ষা মুখপাত্ৰ জন কাৰ্বিয়ে ইজৰাইলৰ পদক্ষেপক আদৰণি জনাইছে। তেওঁ বৰ্তমান ইজৰাইলতে আছে। তেওঁ কয়- "ইজৰাইলী সামৰিক বাহিনীৰ এই সিদ্ধান্ত গুৰুত্বপূৰ্ণ, যদিও প্ৰথম। কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আকৌ এবাৰ স্পষ্ট কৰি দিছে যে চাৰি ঘণ্টাৰ সময়সীমাক যুদ্ধবিৰতি বুলি ভবাটো ভুল হ'ব’’। সেই চাৰি ঘণ্টাৰ সময়ছোৱা কেৱল গাজাৰ নিৰীহ, অসামৰিক নাগৰিকসকলৰ কথা চিন্তা কৰিয়েই নিৰ্ধাৰণ কৰা হৈছে বুলি ইজৰাইলী সেনাৰ এগৰাকী বিষয়াই কয় । এই প্ৰসংগতে নেতান্যাহুৱে কয়, "হামাছৰ বিৰুদ্ধে যুঁজ যেনেকৈ আছে তেনেকৈয়ে অব্যাহত থাকিব। কিন্তু কিছু সময় দিয়া হৈছে কেৱল গাজাৰ বাসিন্দাসকলৰ বিষয়ে চিন্তা কৰি৷ যাতে তেওঁলোকে যুদ্ধক্ষেত্ৰৰ পৰা সুৰক্ষিত আশ্ৰয়স্থলীলৈ  যাব পাৰে। " ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে  লগতে কয় যে হামাছৰ বিৰুদ্ধে যুদ্ধ শেষ হোৱাৰ পিছত ইজৰাইলে গাজা দখল বা নিয়ন্ত্ৰণ কৰাৰ কথা ভবা নাই৷  

উল্লেখ্য হামাছৰ বিৰুদ্ধে অভিযান চলোৱাৰ উপৰি  আইডিএফে চিৰিয়াতো বিমান আক্ৰমণ চলাইছে। ইজৰাইলী সামৰিক বাহিনীয়ে কৈছে যে চিৰিয়াৰ সেনাই দক্ষিণ ইজৰাইলৰ ইলাত চহৰৰ এখন বিদ্যালয়ত ড্ৰোন আক্ৰমণ চলাইছে। বিদ্যালয়খনত ৪০ জন লোক আছিল। সৌভাগ্যক্ৰমে  হতাহত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই। ইজৰাইলৰ আক্ৰমণত হাজাৰ হাজাৰ পেলেষ্টাইনী লোকৰ  মৃত্যুৰ প্ৰতিবাদত মানৱ অধিকাৰ কৰ্মীসকলৰ এটা দলে ম্যানহাটানৰ এখন কাকতৰ  কাৰ্যালয়ত আক্ৰমণ চলোৱাৰ খবৰো পোৱা গৈছে । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ