--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধভূমি গাজাত এতিয়া দম দম মৃতদেহৰ শাৰী। শিশু-মহিলা-পুৰুষ ...কেৱল মৃতদেহৰ শাৰী। ইয়াৰ মাজতে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ শীৰ্ষ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে মঙলবাৰে কৈছে  যে শনিবাৰে হামাছৰ  আক্ৰমণৰ পিছত  সামৰিক বাহিনীয়ে সফলতাৰে গাজা সীমান্তৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ পুনৰ নিজৰ দখললৈ আনিছে।  ইজৰাইলী বাহিনীয়ে ইজৰাইলী অঞ্চলৰ ভিতৰত প্ৰায় ১,৫০০ হামাছ সন্ত্ৰাসবাদীৰ মৃতদেহ পোৱা বুলিও দাবী কৰিছে। 

হাগাৰীয়ে নিশ্চিত কৰিছিল যে যোৱা দিনকেইটাত  কোনো সন্ত্ৰাসবাদীয়ে সীমান্ৰ বেৰৰ মাজেৰে অনুপ্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই।  লুকাই থকা সন্ত্ৰাসবাদীক বিচাৰি উলিওৱা আৰু নিষ্ক্ৰিয় কৰাৰ বাবে অভিযান  চলি আছে । অৱশ্যে, টাইমছ অফ ইজৰাইলৰ বাতৰি অনুসৰি এতিয়াও ইজৰাইলৰ ভূখণ্ডৰ ভিতৰত কিছু  সন্ত্ৰাসবাদী লুকাই আছে। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম 'এক্স'ত আপডেট শ্বেয়াৰ কৰি, ইজৰাইলৰ বায়ু সেনাই ঘোষণা কৰিছে যে গাজা ষ্ট্ৰিপৰ সীমান্তৰ বেৰৰ ওচৰৰ বসতি সমূহৰ পৰা মানুহ  স্থানান্তৰ কৰা হৈছে। 

ইজৰাইলৰ সামৰিক মুখপাত্ৰজনে গাজা-ইজিপ্ত সীমান্তত মানুহৰ চলাচল বন্ধ কৰি দিছে।   ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে লেবানন সীমান্তত হাজাৰ হাজাৰ অতিৰিক্ত সৈন্যৰ মোতায়েন কৰিছে। আইডিএফৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল জনাথন কনৰিকাছৰ মতে  যুদ্ধত  দুয়োপক্ষৰ ১,৬০০ ৰো অধিক লোক নিহত  আৰু হাজাৰ হাজাৰ লোক আহত হৈছে। 

গাজাৰ পৰা হামাছে  ইজৰাইলৰ ওপৰত প্ৰায় ৪,৫০০টা  ৰকেট নিক্ষেপ কৰা বুলিও তেওঁ কয়।  ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত হামাছৰ ১,২৯০  টা ঘাটিত  আঘাত হানিছে। এই যুদ্ধত কমেও ৯০০  ইজৰাইলীয়ে প্ৰাণ হেৰুৱাইছে, ১,৬১৬  জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে।  ইজৰাইলী বায়ু সেনাই জনাইছে যে তেওঁলোকৰ যুঁজাৰু বিমানে গাজা ষ্ট্ৰিপৰ হামাছৰ অসংখ্য সন্ত্ৰাসবাদী থকা  স্থানক লক্ষ্য কৰি লৈছে, হামাছৰ সন্ত্ৰাসবাদীৰ বিচৰণভূমি  ৰিমাল আৰু খান য়ুনিছৰ দৰে কেন্দ্ৰসমূহত ব্যাপক আক্ৰমণ চলাই থকা হৈছে।

 গাজাত হামাছে বন্দী কৰি ৰখা ইজৰাইলী বন্দীসকলক মুকলি কৰি দিয়া, ইজৰাইলৰ কাৰাগাৰত বন্দী হৈ থকা ৩৬ গৰাকী পেসেষ্টাইনী মহিলা আৰু শিশুৰ মুক্তিৰ বিনিময়ত শান্তি স্থাপন কৰিবলৈ কাটাৰে চেষ্টা অব্যাহত ৰাখিছে। আলোচনাৰ উদ্দেশ্য হৈছে ৰক্তপাত সমাপ্ত কৰা, বন্দীসকলক মুক্তি দিয়া, আৰু কোনো ক্ষতি  নোহোৱাকৈ সংঘৰ্ষ  নিয়ন্ত্ৰণ কৰা।  কাটাৰৰ  বৈদেশিক দপ্তৰৰ মুখপাত্ৰ মাজেদ আল-আনছাৰীয়ে শান্তিৰ অন্বেষণত মধ্যস্থতাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক