--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধভূমি গাজাত এতিয়া দম দম মৃতদেহৰ শাৰী। শিশু-মহিলা-পুৰুষ ...কেৱল মৃতদেহৰ শাৰী। ইয়াৰ মাজতে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ শীৰ্ষ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে মঙলবাৰে কৈছে  যে শনিবাৰে হামাছৰ  আক্ৰমণৰ পিছত  সামৰিক বাহিনীয়ে সফলতাৰে গাজা সীমান্তৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ পুনৰ নিজৰ দখললৈ আনিছে।  ইজৰাইলী বাহিনীয়ে ইজৰাইলী অঞ্চলৰ ভিতৰত প্ৰায় ১,৫০০ হামাছ সন্ত্ৰাসবাদীৰ মৃতদেহ পোৱা বুলিও দাবী কৰিছে। 

হাগাৰীয়ে নিশ্চিত কৰিছিল যে যোৱা দিনকেইটাত  কোনো সন্ত্ৰাসবাদীয়ে সীমান্ৰ বেৰৰ মাজেৰে অনুপ্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই।  লুকাই থকা সন্ত্ৰাসবাদীক বিচাৰি উলিওৱা আৰু নিষ্ক্ৰিয় কৰাৰ বাবে অভিযান  চলি আছে । অৱশ্যে, টাইমছ অফ ইজৰাইলৰ বাতৰি অনুসৰি এতিয়াও ইজৰাইলৰ ভূখণ্ডৰ ভিতৰত কিছু  সন্ত্ৰাসবাদী লুকাই আছে। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম 'এক্স'ত আপডেট শ্বেয়াৰ কৰি, ইজৰাইলৰ বায়ু সেনাই ঘোষণা কৰিছে যে গাজা ষ্ট্ৰিপৰ সীমান্তৰ বেৰৰ ওচৰৰ বসতি সমূহৰ পৰা মানুহ  স্থানান্তৰ কৰা হৈছে। 

ইজৰাইলৰ সামৰিক মুখপাত্ৰজনে গাজা-ইজিপ্ত সীমান্তত মানুহৰ চলাচল বন্ধ কৰি দিছে।   ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে লেবানন সীমান্তত হাজাৰ হাজাৰ অতিৰিক্ত সৈন্যৰ মোতায়েন কৰিছে। আইডিএফৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল জনাথন কনৰিকাছৰ মতে  যুদ্ধত  দুয়োপক্ষৰ ১,৬০০ ৰো অধিক লোক নিহত  আৰু হাজাৰ হাজাৰ লোক আহত হৈছে। 

গাজাৰ পৰা হামাছে  ইজৰাইলৰ ওপৰত প্ৰায় ৪,৫০০টা  ৰকেট নিক্ষেপ কৰা বুলিও তেওঁ কয়।  ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত হামাছৰ ১,২৯০  টা ঘাটিত  আঘাত হানিছে। এই যুদ্ধত কমেও ৯০০  ইজৰাইলীয়ে প্ৰাণ হেৰুৱাইছে, ১,৬১৬  জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে।  ইজৰাইলী বায়ু সেনাই জনাইছে যে তেওঁলোকৰ যুঁজাৰু বিমানে গাজা ষ্ট্ৰিপৰ হামাছৰ অসংখ্য সন্ত্ৰাসবাদী থকা  স্থানক লক্ষ্য কৰি লৈছে, হামাছৰ সন্ত্ৰাসবাদীৰ বিচৰণভূমি  ৰিমাল আৰু খান য়ুনিছৰ দৰে কেন্দ্ৰসমূহত ব্যাপক আক্ৰমণ চলাই থকা হৈছে।

 গাজাত হামাছে বন্দী কৰি ৰখা ইজৰাইলী বন্দীসকলক মুকলি কৰি দিয়া, ইজৰাইলৰ কাৰাগাৰত বন্দী হৈ থকা ৩৬ গৰাকী পেসেষ্টাইনী মহিলা আৰু শিশুৰ মুক্তিৰ বিনিময়ত শান্তি স্থাপন কৰিবলৈ কাটাৰে চেষ্টা অব্যাহত ৰাখিছে। আলোচনাৰ উদ্দেশ্য হৈছে ৰক্তপাত সমাপ্ত কৰা, বন্দীসকলক মুক্তি দিয়া, আৰু কোনো ক্ষতি  নোহোৱাকৈ সংঘৰ্ষ  নিয়ন্ত্ৰণ কৰা।  কাটাৰৰ  বৈদেশিক দপ্তৰৰ মুখপাত্ৰ মাজেদ আল-আনছাৰীয়ে শান্তিৰ অন্বেষণত মধ্যস্থতাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ