--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধই চিন্তাত পেলাইছে বিশ্ববাসীক। এই যুদ্ধক লৈ মানুহৰ প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে। ছ’চিয়েল মিডিয়া দুটা গোটত বিভক্ত হৈছে। সকলোৱে নিজ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাতৰ ইতিহাস বহু পুৰণি। ইজৰাইলৰ জন্মলগ্নৰে পৰাই দুয়োখন দেশৰ মাজত সংঘাত চলি আহিছে। ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষক ‘পৃথিৱীৰ আটাইতকৈ বেয়া সংঘৰ্ষ’ বুলি কোৱা হয়। জেৰুজালেম নামৰ ঠাইডোখৰৰ বাবে ইজৰাইল আৰু পেলেষ্টাইন দুয়োপক্ষৰ মাজত প্ৰায়ে সংঘৰ্ষৰ সূত্ৰপাত হৈ থাকে। 

ইহুদীসকলে তেওঁলোকৰ বাইবেল স্বীকৃত জন্মগত অধিকাৰ হিচাপে জেৰুজালেম ঠাইডোখৰ দাবী কৰে আৰু পেলেষ্টাইনীসকলে জেৰুজালেম ঠাইডোখৰক আত্মনিৰ্ণয়ৰ অধিকাৰ হিচাপে দাবী কৰে। দুয়োখন দেশৰ মাজত সংঘৰ্ষৰ সমাপ্তিৰ বাবে বাৰে বাৰে চেষ্টা কৰা স্বত্বেও কিন্তু বৰ্তমানলৈ দুয়োখন দেশৰ মাজত কোনো শান্তি-নিষ্পত্তি হোৱা দৃষ্টিগোচৰ হোৱা নাই। 

এই যুদ্ধত পেলেষ্টাইনক সমৰ্থন কৰি বিপদত পৰিল প্ৰাক্তন পৰ্ণ তাৰকা মিয়া খলিফা। এই সমৰ্থনে তেওঁৰ যথেষ্ট ক্ষতিসাধন কৰিছে। পেলেষ্টাইনৰ সমৰ্থনত পোষ্ট কৰি চাকৰি হেৰুৱাইলে মিয়া খলিফাই। ৰেড্ৰেই লাইট হলণ্ডৰ চিইঅ’ টড শ্বেপিৰ’ই ছ’চিয়েল মিডিয়াত মিয়া খলিফাক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ