--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱীত সভ্যতাৰ নিচান উৰিছে৷ অনাদি অনন্ত প্ৰসাৰী মানুহৰ চিন্তাই জন্ম দিছে এখন নতুন জগত৷ প্ৰযুক্তিৰ দ্ৰুত আগ্ৰাসনে সংকুচিত কৰি ৰাখিছে ভৌগোলিক দুৰত্ব৷ 

বিজ্ঞানৰ জয়যাত্ৰাই আনি দিছে স্বাচ্ছন্দ্য আৰু আঁকিছে নতুন দিনৰ স্বপ্ন৷ কিন্তু, আপুনি জানি আচৰিত হ’ব যে এনে এক সময়তে যুদ্ধবিধ্বস্ত গাজাৰ শিশুৱে হেৰুৱাই পেলাইছে শৈশৱৰ ৰং৷ 

গুৰুতৰ পুষ্টিহীনতাৰ বিপদাশংকাত ভুগিছে গাজাৰ ১ লক্ষাধিক শিশু৷ ইউনিচেফৰ শেহতীয়া তথ্য অনুসৰি যুদ্ধৰ সময়ত গাজাত প্ৰায় ২০,০০০ শিশুৰ জন্ম হৈছে৷ আৰু দুবছৰৰ তলৰ ১,৩৫,০০০ শিশু পুষ্টিহীনতাৰ গুৰুতৰ বিপদাশংকাত দিন পাৰ কৰিছে৷ ইউনিচেফৰ এজন মুখপাত্ৰ টেছ ইনগ্ৰামে জেনেভাত সংবাদ মাধ্যমক সম্বোধন কৰি কয়, গাজা ষ্ট্ৰিপত গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ পৰিস্থিতি অবিশ্বাস্যভাৱে বিপজ্জনক হৈ পৰিছে৷ তেওঁলোকৰ বাবে তৎকালীন পদক্ষেপ গ্ৰহণ কৰাটো উচিত৷

যুদ্ধৰ সময়ত গাজা ষ্ট্ৰিপত প্ৰায় ২৫,০০০ লোক নিহত হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে আৰু তাৰে ৭০ শতাংশই মহিলা আৰু শিশু বুলি জানিব পৰা গৈছে।

ইনগ্ৰামে লগতে কয় যে মাতৃসকলে সন্তান জন্মৰ পূৰ্বে আৰু পাছত পৰ্যাপ্ত চিকিৎসা সেৱা, পুষ্টি আৰু সুৰক্ষা লাভ কৰাৰ ক্ষেত্ৰত অকল্পনীয় প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। গৰ্ভৱতী আৰু স্তনপান কৰাই থকা মাতৃ আৰু তেওঁলোকৰ কেঁচুৱাবোৰে অমানৱীয় পৰিস্থিতি, দুৰ্বল পুষ্টি আৰু অসুৰক্ষিত পৰিবেশত বাস কৰি আছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, গাজাৰ ৩৬খন চিকিৎসালয়ৰ ভিতৰত মাত্ৰ ১৫খন চিকিৎসালয় কাৰ্যক্ষম হৈ আছে৷ উত্তৰৰ চিকিৎসালয়বোৰে সীমিতভাৱে প্ৰসূতি, আঘাত আৰু জৰুৰীকালীন যত্ন সেৱা আগবঢ়াই আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন