--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱীত সভ্যতাৰ নিচান উৰিছে৷ অনাদি অনন্ত প্ৰসাৰী মানুহৰ চিন্তাই জন্ম দিছে এখন নতুন জগত৷ প্ৰযুক্তিৰ দ্ৰুত আগ্ৰাসনে সংকুচিত কৰি ৰাখিছে ভৌগোলিক দুৰত্ব৷ 

বিজ্ঞানৰ জয়যাত্ৰাই আনি দিছে স্বাচ্ছন্দ্য আৰু আঁকিছে নতুন দিনৰ স্বপ্ন৷ কিন্তু, আপুনি জানি আচৰিত হ’ব যে এনে এক সময়তে যুদ্ধবিধ্বস্ত গাজাৰ শিশুৱে হেৰুৱাই পেলাইছে শৈশৱৰ ৰং৷ 

গুৰুতৰ পুষ্টিহীনতাৰ বিপদাশংকাত ভুগিছে গাজাৰ ১ লক্ষাধিক শিশু৷ ইউনিচেফৰ শেহতীয়া তথ্য অনুসৰি যুদ্ধৰ সময়ত গাজাত প্ৰায় ২০,০০০ শিশুৰ জন্ম হৈছে৷ আৰু দুবছৰৰ তলৰ ১,৩৫,০০০ শিশু পুষ্টিহীনতাৰ গুৰুতৰ বিপদাশংকাত দিন পাৰ কৰিছে৷ ইউনিচেফৰ এজন মুখপাত্ৰ টেছ ইনগ্ৰামে জেনেভাত সংবাদ মাধ্যমক সম্বোধন কৰি কয়, গাজা ষ্ট্ৰিপত গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ পৰিস্থিতি অবিশ্বাস্যভাৱে বিপজ্জনক হৈ পৰিছে৷ তেওঁলোকৰ বাবে তৎকালীন পদক্ষেপ গ্ৰহণ কৰাটো উচিত৷

যুদ্ধৰ সময়ত গাজা ষ্ট্ৰিপত প্ৰায় ২৫,০০০ লোক নিহত হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে আৰু তাৰে ৭০ শতাংশই মহিলা আৰু শিশু বুলি জানিব পৰা গৈছে।

ইনগ্ৰামে লগতে কয় যে মাতৃসকলে সন্তান জন্মৰ পূৰ্বে আৰু পাছত পৰ্যাপ্ত চিকিৎসা সেৱা, পুষ্টি আৰু সুৰক্ষা লাভ কৰাৰ ক্ষেত্ৰত অকল্পনীয় প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। গৰ্ভৱতী আৰু স্তনপান কৰাই থকা মাতৃ আৰু তেওঁলোকৰ কেঁচুৱাবোৰে অমানৱীয় পৰিস্থিতি, দুৰ্বল পুষ্টি আৰু অসুৰক্ষিত পৰিবেশত বাস কৰি আছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, গাজাৰ ৩৬খন চিকিৎসালয়ৰ ভিতৰত মাত্ৰ ১৫খন চিকিৎসালয় কাৰ্যক্ষম হৈ আছে৷ উত্তৰৰ চিকিৎসালয়বোৰে সীমিতভাৱে প্ৰসূতি, আঘাত আৰু জৰুৰীকালীন যত্ন সেৱা আগবঢ়াই আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ