--°C
Loading...
Listen to Article
2 min read
80%


নতুন দিল্লী : বুধবাৰে পুৱা নতুন দিল্লীৰ পৰা আমেৰিকা ভ্ৰমণলৈ বুলি  উৰা মাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  মোদীয়ে যাত্ৰা কালত দিয়া এখন ফটোৰ পাছতে বহুতৰে মনত উদয় হৈছে বিমানখনক লৈ৷ মোদীয়ে আমেৰিকালৈ যাত্ৰা কৰা বিমানখনৰ নাম AIR INDIA-1। BOEING 77 VVIP শ্ৰেণীৰ এই বিমানখন। ভাৰতীয় বায়ু সেনাৰ পাইলটে চলাই গৈছে বিমানখন। বিগত বৰ্ষত এই বিমানখন নিয়োগ কৰা হৈছে প্ৰধানমন্ত্ৰী, ৰাষ্ট্রপতি আৰু উপ-ৰাষ্ট্রপতিৰ ব্যৱহাৰৰ বাবে। 

উল্লেখ্য যে মিছাইল আক্ৰমণ প্ৰতিৰোধী সুৰক্ষা ব্যৱস্থাৰে সু-সজ্জিত AIR INDIA-1। ক্ষেপাণাস্ত্ৰ আক্ৰমণতো সুৰক্ষিত থাকিব পাৰে বিমানখন আৰু ইয়াৰ আৰোহীসকল। আমেৰিকাৰ ৰাষ্ট্রপতিয়ে ব্যৱহাৰ কৰা AIR FORCE-1 বিমানৰ সমকক্ষ AIR INDIA-1 ৰ নিৰাপত্তা ব্যৱস্থা। উল্লেখযোগ্য যে অহা ২৬ ছেপ্টেম্বৰলৈকে আমেৰিকাত থাকিব মোদী। এই ভ্ৰমণত মোদীয়ে বিভিন্ন আন্তঃৰাষ্ট্রীয় প্ৰসংগত আলোচনাত মিলিত হ’ব মাৰ্কিন ৰাষ্ট্রপতি জ’ বাইডেন, উপ-ৰাষ্ট্রপতি কমলা হেৰিছৰ সৈতে। 

বিশ্বৰ বহুকেইটা আগশাৰীৰ কোম্পানীৰ CEOই সাক্ষাত কৰিব মোদীক। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণত অংশগ্ৰহণ কৰিব কোৱাৰ্ড ছামিটত। আন্তঃৰাষ্ট্রীয় সন্ত্ৰাসবাদ আৰু চীনৰ আগ্ৰাসন প্ৰতিৰোধ কৰাৰ কৌশল ৰচনাৰ বাবে এই ছামিটত অংশগ্ৰহণ কৰিব মোদী, বাইডেনৰ লগতে অষ্ট্রেলিয়া আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু