--°C
Loading...
Listen to Article
2 min read
80%


নতুন দিল্লী : বুধবাৰে পুৱা নতুন দিল্লীৰ পৰা আমেৰিকা ভ্ৰমণলৈ বুলি  উৰা মাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  মোদীয়ে যাত্ৰা কালত দিয়া এখন ফটোৰ পাছতে বহুতৰে মনত উদয় হৈছে বিমানখনক লৈ৷ মোদীয়ে আমেৰিকালৈ যাত্ৰা কৰা বিমানখনৰ নাম AIR INDIA-1। BOEING 77 VVIP শ্ৰেণীৰ এই বিমানখন। ভাৰতীয় বায়ু সেনাৰ পাইলটে চলাই গৈছে বিমানখন। বিগত বৰ্ষত এই বিমানখন নিয়োগ কৰা হৈছে প্ৰধানমন্ত্ৰী, ৰাষ্ট্রপতি আৰু উপ-ৰাষ্ট্রপতিৰ ব্যৱহাৰৰ বাবে। 

উল্লেখ্য যে মিছাইল আক্ৰমণ প্ৰতিৰোধী সুৰক্ষা ব্যৱস্থাৰে সু-সজ্জিত AIR INDIA-1। ক্ষেপাণাস্ত্ৰ আক্ৰমণতো সুৰক্ষিত থাকিব পাৰে বিমানখন আৰু ইয়াৰ আৰোহীসকল। আমেৰিকাৰ ৰাষ্ট্রপতিয়ে ব্যৱহাৰ কৰা AIR FORCE-1 বিমানৰ সমকক্ষ AIR INDIA-1 ৰ নিৰাপত্তা ব্যৱস্থা। উল্লেখযোগ্য যে অহা ২৬ ছেপ্টেম্বৰলৈকে আমেৰিকাত থাকিব মোদী। এই ভ্ৰমণত মোদীয়ে বিভিন্ন আন্তঃৰাষ্ট্রীয় প্ৰসংগত আলোচনাত মিলিত হ’ব মাৰ্কিন ৰাষ্ট্রপতি জ’ বাইডেন, উপ-ৰাষ্ট্রপতি কমলা হেৰিছৰ সৈতে। 

বিশ্বৰ বহুকেইটা আগশাৰীৰ কোম্পানীৰ CEOই সাক্ষাত কৰিব মোদীক। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণত অংশগ্ৰহণ কৰিব কোৱাৰ্ড ছামিটত। আন্তঃৰাষ্ট্রীয় সন্ত্ৰাসবাদ আৰু চীনৰ আগ্ৰাসন প্ৰতিৰোধ কৰাৰ কৌশল ৰচনাৰ বাবে এই ছামিটত অংশগ্ৰহণ কৰিব মোদী, বাইডেনৰ লগতে অষ্ট্রেলিয়া আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ