--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী অধ্যাদেশ বিধেয়কৰ বিৰুদ্ধে আপোনাৰ প্ৰতিশ্ৰুতিয়ে ভাৰতৰ গণতন্ত্ৰ আৰু ফেডাৰেল গাঁথনি সংৰক্ষণৰ বাবে শান্তি, অনুগ্ৰহ আৰু দৃঢ়বিশ্বাস শক্তিশালী কৰিছে।দিল্লী সেৱা বিধেয়ক গৃহীত হোৱাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী  অৰবিন্দ কেজৰিৱালে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ লিখা এখন  পত্ৰত এনেদৰে উল্লেখ কৰিছে।

 দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লী অধ্যাদেশ বিধেয়ক সন্দৰ্ভত কংগ্ৰেছৰ পৰা সমৰ্থন পোৱাৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ  পত্ৰখন  লিখিছে।পত্ৰ খনত কেজৰিৱালে লিখিছে  "অসুস্থ হৈ থকা  স্বত্বেও দিল্লী সেৱা বিধেয়কৰ বিৰুদ্ধে সদনত ভোট দিবলৈ অহাৰ বাবে আপোনাক ধন্যবাদ।’’

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে যে  ডঃ সিঙে  তেওঁৰ স্বাস্থ্য দুৰ্বল হোৱা স্বত্বেও  দিল্লীৰ জনসাধাৰণৰ স্বাৰ্থত ৰাজ্যসভাত দিল্লী অধ্যাদেশ বিধেয়কৰ বিৰোধিতা কৰিবলৈ হুইল চেয়াৰত বহি আহিছিল। 

কেজৰিৱালে পত্ৰত লিখিছে ’’ মই  দিল্লীৰ জনসাধাৰণৰ হৈ আপোনালোকৰ প্ৰতি আন্তৰিক প্ৰশংসা প্ৰকাশ কৰিব বিচাৰো। আপোনাৰ নিজৰ বয়স আৰু ভগ্ন  স্বাস্থ্য স্বত্বেও আমাৰ পক্ষত আপোনাৰ উপস্থিতিয়ে সকলো প্ৰতিকূলতাৰ পিছতো  ভাৰতৰ গণতন্ত্ৰ আৰু ফেডাৰেল গাঁথনি ৰক্ষাৰ  স্থিতিক  শক্তিশালী কৰিছে। ই ৰাজ্যসভাত আপোনাৰ উপস্থিতিয়ে ভাৰতীয় গণতন্ত্ৰক দুৰ্বল কৰিবলৈ কাম কৰি থকা সকলো শক্তিলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। ’’ উল্লেখ্য বিৰোধীৰ প্ৰতিবাদকো নেওঁচি শেহতীয়াকৈ সদনত গৃহীত হৈছে দিল্লী সেৱা অধ্যাদেশ বিধেয়ক। 






'

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন