--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী অধ্যাদেশ বিধেয়কৰ বিৰুদ্ধে আপোনাৰ প্ৰতিশ্ৰুতিয়ে ভাৰতৰ গণতন্ত্ৰ আৰু ফেডাৰেল গাঁথনি সংৰক্ষণৰ বাবে শান্তি, অনুগ্ৰহ আৰু দৃঢ়বিশ্বাস শক্তিশালী কৰিছে।দিল্লী সেৱা বিধেয়ক গৃহীত হোৱাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী  অৰবিন্দ কেজৰিৱালে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ লিখা এখন  পত্ৰত এনেদৰে উল্লেখ কৰিছে।

 দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লী অধ্যাদেশ বিধেয়ক সন্দৰ্ভত কংগ্ৰেছৰ পৰা সমৰ্থন পোৱাৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ  পত্ৰখন  লিখিছে।পত্ৰ খনত কেজৰিৱালে লিখিছে  "অসুস্থ হৈ থকা  স্বত্বেও দিল্লী সেৱা বিধেয়কৰ বিৰুদ্ধে সদনত ভোট দিবলৈ অহাৰ বাবে আপোনাক ধন্যবাদ।’’

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে যে  ডঃ সিঙে  তেওঁৰ স্বাস্থ্য দুৰ্বল হোৱা স্বত্বেও  দিল্লীৰ জনসাধাৰণৰ স্বাৰ্থত ৰাজ্যসভাত দিল্লী অধ্যাদেশ বিধেয়কৰ বিৰোধিতা কৰিবলৈ হুইল চেয়াৰত বহি আহিছিল। 

কেজৰিৱালে পত্ৰত লিখিছে ’’ মই  দিল্লীৰ জনসাধাৰণৰ হৈ আপোনালোকৰ প্ৰতি আন্তৰিক প্ৰশংসা প্ৰকাশ কৰিব বিচাৰো। আপোনাৰ নিজৰ বয়স আৰু ভগ্ন  স্বাস্থ্য স্বত্বেও আমাৰ পক্ষত আপোনাৰ উপস্থিতিয়ে সকলো প্ৰতিকূলতাৰ পিছতো  ভাৰতৰ গণতন্ত্ৰ আৰু ফেডাৰেল গাঁথনি ৰক্ষাৰ  স্থিতিক  শক্তিশালী কৰিছে। ই ৰাজ্যসভাত আপোনাৰ উপস্থিতিয়ে ভাৰতীয় গণতন্ত্ৰক দুৰ্বল কৰিবলৈ কাম কৰি থকা সকলো শক্তিলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। ’’ উল্লেখ্য বিৰোধীৰ প্ৰতিবাদকো নেওঁচি শেহতীয়াকৈ সদনত গৃহীত হৈছে দিল্লী সেৱা অধ্যাদেশ বিধেয়ক। 






'

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস