--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলবোৰৰ মাজত তৎপৰতা বৃদ্ধিৰ সময়তে কংগ্ৰেছত পুনৰ আৰম্ভ হৈছে খহনীয়া। উত্তৰ প্ৰদেশ কংগ্ৰেছৰ অন্যতম জ্যেষ্ঠ তথা গুৰুত্বপূৰ্ণ নেতা আৰ পি এন সিঙে ত্যাগ কৰিছে কংগ্ৰেছৰ সংগ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে এয়া এক বৃহৎ আঘাত হিচাপে চিহ্নত হৈছে। কংগ্ৰেছত মোক্ষম আঘাত হানি এইগৰাকী নেতাই যোগদান কৰিছে বিজেপিত। তেওঁ নিজৰ দুৰ্গস্বৰূপ পাডৰৌনাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। এই সমষ্টিটোৰ পৰা তেওঁ তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছে। কংগ্ৰেছ ত্যাগ কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কয়, মই বিগত ৩২ বছৰে এটা দলতে আছিলোঁ। কিন্তু আজি মই ক’বই লাগিব যে, দলটো আৰু আগৰ দৰে হৈ থকা নাই। আজি সকলোৱে জানে যে, এতিয়া এটা দলেই সাধাৰণ জনতাৰ কল্যাণৰ বাবে কাম কৰি আছে আৰু দেশ নিৰ্মাণত ব্ৰতী হৈ আছে। সেই দলটো হৈছে বিজেপি। আৰপিএন সিঙৰ দৰে নেতাৰ এনে মন্তব্য নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিৰ বাবে যিদৰে এক বৃহৎ যোগাত্মক দিশ ঠিক একেদৰে কংগ্ৰেছৰ বাবে বৃহৎ আঘাত বিবেচিত হৈছে। মন কৰিবলগীয়া যে, বিজেপিত যোগদানৰ পাছত সাংবাদিকৰে হোৱা কথা-বতৰাৰ সময়ত তেওঁৰ সৈতে আছিল ৰাহুল গান্ধীৰ এসময়ৰ ঘনিষ্ঠ সতীৰ্থ তথা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। সিন্ধিয়াই ২০২০চনত যোগদান কৰিছিল বিজেপিত। আৰপিএন সিঙৰ দৰে নেতাই বিজেপিত যোগদানৰ আঁৰত জ্যোতিৰাদিত্য সিন্ধিয়াৰ দৰে নেতাৰ যে ভূমিকা আছে সেয়া স্পষ্ট হৈ পৰিছে। উল্লেখ্য যে, আৰপিএন সিং উত্তৰ প্ৰদেশৰ পূব প্ৰান্তৰ এগৰাকী অতি গুৰুত্বপূৰ্ণ অ’বিচি নেতা আছিল। জিতিন প্ৰসাদে কংগ্ৰেছ ত্যাগ কৰাৰ পাছত উত্তৰ প্ৰদেশৰ দ্বিতীয়গৰাকী অতি গুৰুত্বপূৰ্ণ নেতা সিঙে কংগ্ৰেছ এৰিলে। মন কৰিবলগীয়া যে, উত্তৰ প্ৰদেশত যিসকলক গুৰুত্বপূৰ্ণ নেতাই কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাবলগীয়া আছিল সেই তালিকাত সিঙৰ নামো আছিল। কালি কংগ্ৰেছৰ তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ হোৱাৰ পাছতে সিঙে পদত্যাগ কৰাটো অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। এইকথাই প্ৰমাণ কৰিছে যে, কংগ্ৰেছ নেতৃত্বই এতিয়া তেওঁলোকৰ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীসকলৰ সৈতে আন্তঃসম্পৰ্ক বজাই ৰখাত ব্যৰ্থ হৈছে। যাৰ বাবে তেওঁলোকে দলৰ নেতাৰ মনোভাব বুজিব পৰা অৱস্থাতে নাই। উল্লেখ্য যে, কংগ্ৰেছ মহাসচিব প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত উত্তৰ প্ৰদেশত কংগ্ৰেছে প্ৰচাৰ অভিযান চলাই আছে যদিও এই অভিযানকালত সিঙৰ দৰে নেতাই একাষৰীয়া অনুভৱ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। যাৰ পৰিপ্ৰেক্ষিতত দল ত্যাগৰ দৰে সিদ্ধান্ত তেওঁ গ্ৰহণ কৰে। ইফালে এই ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে কংগ্ৰেছে প্ৰিয়ংকা গান্ধীৰ মন্তব্যৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে, কংগ্ৰেছে যিখন যুঁজত অৱতীৰ্ণ হ’ব বিচাৰিছে সেই যুঁজত সাহসীজনেহে অৱতীৰ্ণ হ’ব পাৰিব। কোনো ভীৰুৱে এই যুঁজত অৱতীৰ্ণ হ’ব নোৱাৰে। নিজৰ সপক্ষে কংগ্ৰেছে যিয়েই নকওক লাগে গান্ধী পৰিয়ালক কেন্দ্ৰত লৈ আগবাঢ়িব খোজা দলটোৰ মনোবৃত্তি সলনি নহ’লে কংগ্ৰেছৰ ভৱিষ্যৎ যে এতিয়া ধূৱলি-কুঁৱলী সেইকথা এতিয়া স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু