--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলবোৰৰ মাজত তৎপৰতা বৃদ্ধিৰ সময়তে কংগ্ৰেছত পুনৰ আৰম্ভ হৈছে খহনীয়া। উত্তৰ প্ৰদেশ কংগ্ৰেছৰ অন্যতম জ্যেষ্ঠ তথা গুৰুত্বপূৰ্ণ নেতা আৰ পি এন সিঙে ত্যাগ কৰিছে কংগ্ৰেছৰ সংগ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে এয়া এক বৃহৎ আঘাত হিচাপে চিহ্নত হৈছে। কংগ্ৰেছত মোক্ষম আঘাত হানি এইগৰাকী নেতাই যোগদান কৰিছে বিজেপিত তেওঁ নিজৰ দুৰ্গস্বৰূপ পাডৰৌনাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। এই সমষ্টিটোৰ পৰা তেওঁ তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছে। কংগ্ৰেছ ত্যাগ কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কয়, মই বিগত ৩২ বছৰে এটা দলতে আছিলোঁ। কিন্তু আজি মই ক’বই লাগিব যে, দলটো আৰু আগৰ দৰে হৈ থকা নাই। আজি সকলোৱে জানে যে, এতিয়া এটা দলেই সাধাৰণ জনতাৰ কল্যাণৰ বাবে কাম কৰি আছে আৰু দেশ নিৰ্মাণত ব্ৰতী হৈ আছে। সেই দলটো হৈছে বিজেপি। আৰপিএন সিঙৰ দৰে নেতাৰ এনে মন্তব্য নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিৰ বাবে যিদৰে এক বৃহৎ যোগাত্মক দিশ ঠিক একেদৰে কংগ্ৰেছৰ বাবে বৃহৎ আঘাত বিবেচিত হৈছে। মন কৰিবলগীয়া যে, বিজেপিত যোগদানৰ পাছত সাংবাদিকৰে হোৱা কথা-বতৰাৰ সময়ত তেওঁৰ সৈতে আছিল ৰাহুল গান্ধীৰ এসময়ৰ ঘনিষ্ঠ সতীৰ্থ তথা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। সিন্ধিয়াই ২০২০চনত যোগদান কৰিছিল বিজেপিত। আৰপিএন সিঙৰ দৰে নেতাই বিজেপিত যোগদানৰ আঁৰত জ্যোতিৰাদিত্য সিন্ধিয়াৰ দৰে নেতাৰ যে ভূমিকা আছে সেয়া স্পষ্ট হৈ পৰিছে। উল্লেখ্য যে, আৰপিএন সিং উত্তৰ প্ৰদেশৰ পূব প্ৰান্তৰ এগৰাকী অতি গুৰুত্বপূৰ্ণ অ’বিচি নেতা আছিল। জিতিন প্ৰসাদে কংগ্ৰেছ ত্যাগ কৰাৰ পাছত উত্তৰ প্ৰদেশৰ দ্বিতীয়গৰাকী অতি গুৰুত্বপূৰ্ণ নেতা সিঙে কংগ্ৰেছ এৰিলে। মন কৰিবলগীয়া যে, উত্তৰ প্ৰদেশত যিসকলক গুৰুত্বপূৰ্ণ নেতাই কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাবলগীয়া আছিল সেই তালিকাত সিঙৰ নামো আছিল। কালি কংগ্ৰেছৰ তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ হোৱাৰ পাছতে সিঙে পদত্যাগ কৰাটো অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। এইকথাই প্ৰমাণ কৰিছে যে, কংগ্ৰেছ নেতৃত্বই এতিয়া তেওঁলোকৰ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীসকলৰ সৈতে আন্তঃসম্পৰ্ক বজাই ৰখাত ব্যৰ্থ হৈছে। যাৰ বাবে তেওঁলোকে দলৰ নেতাৰ মনোভাব বুজিব পৰা অৱস্থাতে নাই। উল্লেখ্য যে, কংগ্ৰেছ মহাসচিব প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত উত্তৰ প্ৰদেশত কংগ্ৰেছে প্ৰচাৰ অভিযান চলাই আছে যদিও এই অভিযানকালত সিঙৰ দৰে নেতাই একাষৰীয়া অনুভৱ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। যাৰ পৰিপ্ৰেক্ষিতত দল ত্যাগৰ দৰে সিদ্ধান্ত তেওঁ গ্ৰহণ কৰে। ইফালে এই ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে কংগ্ৰেছে প্ৰিয়ংকা গান্ধীৰ মন্তব্যৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে, কংগ্ৰেছে যিখন যুঁজত অৱতীৰ্ণ হ’ব বিচাৰিছে সেই যুঁজত সাহসীজনেহে অৱতীৰ্ণ হ’ব পাৰিব। কোনো ভীৰুৱে এই যুঁজত অৱতীৰ্ণ হ’ব নোৱাৰে। নিজৰ সপক্ষে কংগ্ৰেছে যিয়েই নকওক লাগে গান্ধী পৰিয়ালক কেন্দ্ৰত লৈ আগবাঢ়িব খোজা দলটোৰ মনোবৃত্তি সলনি নহ’লে কংগ্ৰেছৰ ভৱিষ্যৎ যে এতিয়া ধূৱলি-কুঁৱলী সেইকথা এতিয়া স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ