--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ ৭৩সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰত চৰকাৰে বিভিন্ন অসামৰিক সন্মানসমূহ ঘোষণা কৰিছে। সেই অনুসৰি দেশৰ প্ৰয়াত সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটক আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ।  তদুপৰি এই সন্মান আগবঢ়োৱা হৈছে প্ৰতিভা আত্ৰে, ৰাধেশ্যাম খেমকা, আৰু কল্যাণ সিঙলৈও। আনহাতে দেশৰ বিভিন্ন ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও বৰেণ্যলৈ আগবঢ়োৱা হৈছে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ। ইয়াৰ ভিতৰত আছিল কংগ্ৰেছ নেতা গুলাম নবী আজাদ, ভিক্টৰ বেনাৰ্জী আৰু পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দেশৰ বাওপন্থী শিবিৰৰ অগ্ৰণী নেতা বুদ্ধদেৱ ভট্টাচাৰ্য্যও।   গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা এই সন্মানৰ বিষয়ে আনু্ষ্ঠানিক ঘোষাণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু অপ্ৰত্যাশিতভাৱে বুদ্ধদেৱ ভট্টাচাৰ্যই তেওঁলৈ আগবঢ়োৱা সন্মান প্ৰত্যাখ্যান কৰাৰ কথা ঘোষণা কৰিছে। পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্মান সম্পৰ্কীয় বাতৰি লাভৰ পাছতে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, এই বিষয়ে তেওঁক কোনেও একো জনোৱা নাই আৰু তেওঁ এই বিষয়ে একো অৱগত নহয়। আৰু যদিহে তেওঁক এই সন্মান চৰকাৰে দিছে তেন্তে সেয়া তেওঁ প্ৰত্যাখ্যান কৰিছে। ‘মই পদ্মভূষণ সন্মান প্ৰদান সম্পৰ্কত একো নাজানো। কোনেও এইবিষয়ে মোক একো কোৱা নাই। যদিহে তেওঁলোকে মোক পদ্মভূষণ সন্মান দিছেও মই সেয়া প্ৰত্যাখ্যান কৰিছোঁ।’ বাংলাত প্ৰচাৰ কৰা এটা চমু বিজ্ঞপ্তিত তেওঁ এইকথা প্ৰকাশ কৰে।   দেশৰ বাঁও শিবিৰৰ অগ্ৰণী প্ৰতিনিধি ভট্টাচাৰ্য্য আছিল বংগৰ অষ্টম মুখ্যমন্ত্ৰী। ২০০০চনৰ পৰা ২০১১চনলৈ তেওঁ মুখ্যমন্ত্ৰীৰ আসনত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপিৰ কঠোৰ সমালোচক ৭৭ বছৰীয়া নেতাগৰাকী এতিয়া ভালেমান বাৰ্ধক্যজনিত ৰোগত ভুগি আছে। পদ্মভূষণ সম্পৰ্কত তেওঁৰ এই প্ৰতিক্ৰিয়াৰ কাৰণ অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু