--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ ৭৩সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰত চৰকাৰে বিভিন্ন অসামৰিক সন্মানসমূহ ঘোষণা কৰিছে। সেই অনুসৰি দেশৰ প্ৰয়াত সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটক আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ।  তদুপৰি এই সন্মান আগবঢ়োৱা হৈছে প্ৰতিভা আত্ৰে, ৰাধেশ্যাম খেমকা, আৰু কল্যাণ সিঙলৈও। আনহাতে দেশৰ বিভিন্ন ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও বৰেণ্যলৈ আগবঢ়োৱা হৈছে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ। ইয়াৰ ভিতৰত আছিল কংগ্ৰেছ নেতা গুলাম নবী আজাদ, ভিক্টৰ বেনাৰ্জী আৰু পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দেশৰ বাওপন্থী শিবিৰৰ অগ্ৰণী নেতা বুদ্ধদেৱ ভট্টাচাৰ্য্যও।   গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা এই সন্মানৰ বিষয়ে আনু্ষ্ঠানিক ঘোষাণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু অপ্ৰত্যাশিতভাৱে বুদ্ধদেৱ ভট্টাচাৰ্যই তেওঁলৈ আগবঢ়োৱা সন্মান প্ৰত্যাখ্যান কৰাৰ কথা ঘোষণা কৰিছে। পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্মান সম্পৰ্কীয় বাতৰি লাভৰ পাছতে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, এই বিষয়ে তেওঁক কোনেও একো জনোৱা নাই আৰু তেওঁ এই বিষয়ে একো অৱগত নহয়। আৰু যদিহে তেওঁক এই সন্মান চৰকাৰে দিছে তেন্তে সেয়া তেওঁ প্ৰত্যাখ্যান কৰিছে। ‘মই পদ্মভূষণ সন্মান প্ৰদান সম্পৰ্কত একো নাজানো। কোনেও এইবিষয়ে মোক একো কোৱা নাই। যদিহে তেওঁলোকে মোক পদ্মভূষণ সন্মান দিছেও মই সেয়া প্ৰত্যাখ্যান কৰিছোঁ।’ বাংলাত প্ৰচাৰ কৰা এটা চমু বিজ্ঞপ্তিত তেওঁ এইকথা প্ৰকাশ কৰে।   দেশৰ বাঁও শিবিৰৰ অগ্ৰণী প্ৰতিনিধি ভট্টাচাৰ্য্য আছিল বংগৰ অষ্টম মুখ্যমন্ত্ৰী। ২০০০চনৰ পৰা ২০১১চনলৈ তেওঁ মুখ্যমন্ত্ৰীৰ আসনত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপিৰ কঠোৰ সমালোচক ৭৭ বছৰীয়া নেতাগৰাকী এতিয়া ভালেমান বাৰ্ধক্যজনিত ৰোগত ভুগি আছে। পদ্মভূষণ সম্পৰ্কত তেওঁৰ এই প্ৰতিক্ৰিয়াৰ কাৰণ অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু