--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ ছাত্ৰ ৰাজনীতিক সুদীৰ্ঘকাল সমুখৰ পৰা নেতৃত্ব দিয়া সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে জীপাল কৃষক শ্ৰমিক সংঘৰ নেতা সোণেশ্বৰ নৰহ৷ নগাঁৱত ছাত্ৰ নেতা কীৰ্তিকমল বৰাক অসম আৰক্ষীয়ে চলোৱা এনকাউণ্টাৰৰ বিৰুদ্ধে কালি গৰজি উঠিল কৃষক নেতা সোণেশ্বৰ নৰহ৷ নগাঁৱৰ এনকাউণ্টৰৰ ঘটনাটোক দুৰ্ভাগ্যজনক ঘটনা বুলি অভিহিত কৰি নৰহে অসমৰ একাংশ জাতীয় সংগঠনৰ নিৰ্লিপ্ততা, অৱজ্ঞা আৰু আপোচকামিতাৰ বাবেই অসমত এনে ঘটনা ঘটিবলৈ লৈছে বুলি মন্তব্য কৰে৷ সংবাদ মাধ্যমৰ সন্মুখত কালি কৃষক নেতা নৰহে আছুৰ মুখ্য উপদেষ্টাগৰাকীক সমালোচনাৰ লক্ষ্য কৰি লয়৷ সোণেশ্বৰ নৰহে কয়, অসমীয়া জাতিৰ প্ৰকৃত জাতীয় সংগ্ৰামক নেতৃত্ব দিয়াৰ পৰা সমুজ্জ্বল ভট্টাচাৰ্য বিচলিত হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ লগতে কয়, সমুজ্জ্বল ভট্টাচাৰ্য দৃঢ়, স্থিতপ্ৰজ্ঞ নহ’লে এদিন ধূলিস্যাৎ হৈ যাব৷ এনকাউণ্টাৰৰ বিৰুদ্ধে অসম চৰকাৰৰ বিৰুদ্ধে সৰব হৈ তেওঁ লগতে কয় যে, আজি আমি সমুজ্জ্বল ভট্টাচাৰ্যকো টাৰ্গেট কৰি ক’বই লাগিব যে আজি চৰকাৰ আৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে আমাৰ জাতীয় সংগঠনৰ স্থিতি দৃঢ় হৈ থকাতো অনিবাৰ্য৷ এনে নহ’লেও ৰাইজে এটা পৰ্যায়লৈ সকলো সহ্য কৰি থাকে৷ কিন্তু, তাৰ অৰ্থ এনেকুৱা নহয় যে আপোচ কৰি, জনতাক প্ৰতাৰণা কৰি থকা জাতীয় সংগঠনবোৰক আমি ক্ষমাৰ দৃষ্টিৰে চাম, আমি সমালোচনা নকৰিম৷ তেওঁ কয়, আমি কৈছোঁ যে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াৰ লগত ‘কা’বিৰোধী সংগ্ৰামত চামিল হৈছিলোঁ৷ জাতিটোৰ স্বাৰ্থত তেওঁ সকলো অসমবাসীক একত্ৰিত হ’বলৈ আহ্বান জনাইছিল৷ আমি একত্ৰিত হৈছিলোঁ৷ পৰৱৰ্তী সময়ত সমুজ্জ্বল ভট্টাচাৰ্যই আন্দোলনটোক বিপথে পৰিচালিত কৰিছে৷ প্ৰকৃত জাতীয় সংগ্ৰামটোক নেতৃত্ব দিয়াৰ পৰা তেওঁ বিচলিত হৈছে৷ অনিমেষ ভূঞাৰ ক্ষেত্ৰত আপোচবিহীনভাৱে তীব্ৰতৰ আন্দোলন কৰি ন্যায্য প্ৰাপ্যৰ বাবে যি বলিষ্ঠ ভূমিকাৰ দৰকাৰ আছিল, সেয়া আমি দেখা নাপালো৷ ‘কা’ বিৰোধী সংগ্ৰামৰ পাছত তেওঁলোকে অতুল বৰা, হিমন্ত বিশ্ব শৰ্মাহঁতৰ সৈতে একেলগে চাহমেলত বহিছে, আপোচ কৰিছে, ৰজাঘৰীয়াৰ চাহকাপ খাইহে আজিকালি তেওঁ বিভিন্নধৰণৰ বিষয় আলোচনা-পৰিদৰ্শনৰ বাবে যায়৷ সোণেশ্বৰ নৰহে স্পষ্টকৈ কয়, আপুনি আমাক স্পষ্টীকৰণ দিয়ক সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া৷ আপুনি সেই সংগঠনটোৰ চালিৰ দৰে থকা বুলি সন্মান কৰি আহিছোঁ, শ্ৰদ্ধা কৰি আহিছোঁ, কিন্তু তাৰ অৰ্থ এই নহয় যে যুগ যুগ ধৰি আপোনাৰ ছদ্মবেশী ৰূপক সদায় স্বীকৃতি দি থাকিম৷ আজি কীৰ্তিকমল বৰা স্পষ্ট নিদৰ্শন৷ নৰহে ভট্টাচাৰ্যক আক্ৰমণ কৰি পুনৰ কয়, আপোনাৰ নেতৃত্বক ভেঙুচালি কৰি আনন্দ মিশ্ৰই আপোনাৰ ভাতৃৰ ওপৰত যিটো আক্ৰমণ কৰিছে, ইয়াৰ পাছত যদি আপুনি স্থিতপ্ৰজ্ঞ নহয়, দৃঢ় নহয়, আপুনি ধূলিস্যাৎ হৈ যাব৷ কৃষক নেতা সোণেশ্বৰ নৰহে সমুজ্জ্বল ভট্টাচাৰ্যলৈ আহ্বান জনায় কয়, সকলোধৰণৰ সংবিধানবিৰোধী, মানৱতাবিৰোধী এনকাউণ্টাৰৰ বিৰুদ্ধে তীব্ৰতৰভাৱে, আপোচবিহীনভাৱে চৰকাৰক কাবু কৰাৰ সংগ্ৰামৰ নেতৃত্ব লওক, সেই সংগ্ৰামত আমিও চামিল হ’ম৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক