--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ ছাত্ৰ ৰাজনীতিক সুদীৰ্ঘকাল সমুখৰ পৰা নেতৃত্ব দিয়া সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে জীপাল কৃষক শ্ৰমিক সংঘৰ নেতা সোণেশ্বৰ নৰহ৷ নগাঁৱত ছাত্ৰ নেতা কীৰ্তিকমল বৰাক অসম আৰক্ষীয়ে চলোৱা এনকাউণ্টাৰৰ বিৰুদ্ধে কালি গৰজি উঠিল কৃষক নেতা সোণেশ্বৰ নৰহ৷ নগাঁৱৰ এনকাউণ্টৰৰ ঘটনাটোক দুৰ্ভাগ্যজনক ঘটনা বুলি অভিহিত কৰি নৰহে অসমৰ একাংশ জাতীয় সংগঠনৰ নিৰ্লিপ্ততা, অৱজ্ঞা আৰু আপোচকামিতাৰ বাবেই অসমত এনে ঘটনা ঘটিবলৈ লৈছে বুলি মন্তব্য কৰে৷ সংবাদ মাধ্যমৰ সন্মুখত কালি কৃষক নেতা নৰহে আছুৰ মুখ্য উপদেষ্টাগৰাকীক সমালোচনাৰ লক্ষ্য কৰি লয়৷ সোণেশ্বৰ নৰহে কয়, অসমীয়া জাতিৰ প্ৰকৃত জাতীয় সংগ্ৰামক নেতৃত্ব দিয়াৰ পৰা সমুজ্জ্বল ভট্টাচাৰ্য বিচলিত হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ লগতে কয়, সমুজ্জ্বল ভট্টাচাৰ্য দৃঢ়, স্থিতপ্ৰজ্ঞ নহ’লে এদিন ধূলিস্যাৎ হৈ যাব৷ এনকাউণ্টাৰৰ বিৰুদ্ধে অসম চৰকাৰৰ বিৰুদ্ধে সৰব হৈ তেওঁ লগতে কয় যে, আজি আমি সমুজ্জ্বল ভট্টাচাৰ্যকো টাৰ্গেট কৰি ক’বই লাগিব যে আজি চৰকাৰ আৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে আমাৰ জাতীয় সংগঠনৰ স্থিতি দৃঢ় হৈ থকাতো অনিবাৰ্য৷ এনে নহ’লেও ৰাইজে এটা পৰ্যায়লৈ সকলো সহ্য কৰি থাকে৷ কিন্তু, তাৰ অৰ্থ এনেকুৱা নহয় যে আপোচ কৰি, জনতাক প্ৰতাৰণা কৰি থকা জাতীয় সংগঠনবোৰক আমি ক্ষমাৰ দৃষ্টিৰে চাম, আমি সমালোচনা নকৰিম৷ তেওঁ কয়, আমি কৈছোঁ যে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াৰ লগত ‘কা’বিৰোধী সংগ্ৰামত চামিল হৈছিলোঁ৷ জাতিটোৰ স্বাৰ্থত তেওঁ সকলো অসমবাসীক একত্ৰিত হ’বলৈ আহ্বান জনাইছিল৷ আমি একত্ৰিত হৈছিলোঁ৷ পৰৱৰ্তী সময়ত সমুজ্জ্বল ভট্টাচাৰ্যই আন্দোলনটোক বিপথে পৰিচালিত কৰিছে৷ প্ৰকৃত জাতীয় সংগ্ৰামটোক নেতৃত্ব দিয়াৰ পৰা তেওঁ বিচলিত হৈছে৷ অনিমেষ ভূঞাৰ ক্ষেত্ৰত আপোচবিহীনভাৱে তীব্ৰতৰ আন্দোলন কৰি ন্যায্য প্ৰাপ্যৰ বাবে যি বলিষ্ঠ ভূমিকাৰ দৰকাৰ আছিল, সেয়া আমি দেখা নাপালো৷ ‘কা’ বিৰোধী সংগ্ৰামৰ পাছত তেওঁলোকে অতুল বৰা, হিমন্ত বিশ্ব শৰ্মাহঁতৰ সৈতে একেলগে চাহমেলত বহিছে, আপোচ কৰিছে, ৰজাঘৰীয়াৰ চাহকাপ খাইহে আজিকালি তেওঁ বিভিন্নধৰণৰ বিষয় আলোচনা-পৰিদৰ্শনৰ বাবে যায়৷ সোণেশ্বৰ নৰহে স্পষ্টকৈ কয়, আপুনি আমাক স্পষ্টীকৰণ দিয়ক সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া৷ আপুনি সেই সংগঠনটোৰ চালিৰ দৰে থকা বুলি সন্মান কৰি আহিছোঁ, শ্ৰদ্ধা কৰি আহিছোঁ, কিন্তু তাৰ অৰ্থ এই নহয় যে যুগ যুগ ধৰি আপোনাৰ ছদ্মবেশী ৰূপক সদায় স্বীকৃতি দি থাকিম৷ আজি কীৰ্তিকমল বৰা স্পষ্ট নিদৰ্শন৷ নৰহে ভট্টাচাৰ্যক আক্ৰমণ কৰি পুনৰ কয়, আপোনাৰ নেতৃত্বক ভেঙুচালি কৰি আনন্দ মিশ্ৰই আপোনাৰ ভাতৃৰ ওপৰত যিটো আক্ৰমণ কৰিছে, ইয়াৰ পাছত যদি আপুনি স্থিতপ্ৰজ্ঞ নহয়, দৃঢ় নহয়, আপুনি ধূলিস্যাৎ হৈ যাব৷ কৃষক নেতা সোণেশ্বৰ নৰহে সমুজ্জ্বল ভট্টাচাৰ্যলৈ আহ্বান জনায় কয়, সকলোধৰণৰ সংবিধানবিৰোধী, মানৱতাবিৰোধী এনকাউণ্টাৰৰ বিৰুদ্ধে তীব্ৰতৰভাৱে, আপোচবিহীনভাৱে চৰকাৰক কাবু কৰাৰ সংগ্ৰামৰ নেতৃত্ব লওক, সেই সংগ্ৰামত আমিও চামিল হ’ম৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু