--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটৰ এটা ক’লা অধ্যায় আছিল ২০০৭ চনৰ এদিনীয়া বিশ্বকাপ৷ ৱেষ্ট ইণ্ডিজত হোৱা সেইবাৰৰ বিশ্বকাপত ভাৰতে বাংলাদেশ আৰু শ্ৰীলংকাৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই বাহিৰ হ’ব লগা হৈছিল! তাৰবাবে মূলতঃ দায়ী কৰা হৈছিল প্ৰশিক্ষক গ্ৰেগ চেপেলক৷

উল্লেখ্য যে গ্ৰেগ চেপেলে সেই সময়ত ভাৰতীয় দলত কেইবাটাও সম্পৰীক্ষা আৰম্ভ কৰিছিল৷ অধিনায়কত্ব এৰিব লগা হৈছিল সৌৰভ গাংগুলীয়ে৷ আনকি দলতো স্থান লাভ কঠিন হৈ পৰিছিল গাংগুলীৰ বাবে৷ আনহাতে, অধিনায়কত্ব প্ৰদান কৰা হৈছিল ৰাহুল দ্ৰাৱিড়ক৷ কিন্তু বিশ্বকাপৰ চৰম ব্যৰ্থতাৰ পাছতে গ্ৰেগ চেপেলক সকলোৱে নিন্দা কৰিছিল৷

এই বিষয়ে সেই দলৰ অন্যতম তাৰকা যুৱৰাজ সিঙে এবাৰ কৈছিল- ‘‘২০০৭ চনৰ বিশ্বকাপত ভাৰতৰ বাহিৰ হোৱাৰ আঁৰত আছিল প্ৰশিক্ষক গ্ৰেগ চেপেল! তেওঁ দলীয় পৰিৱেশ নষ্ট কৰিছিল! যেতিয়া এটা দলৰ পৰিৱেশ ভাঙি যায়, দলটোৰ যিমানেই ছুপাৰষ্টাৰ নাথাকক কিয়, দলটো বিফল হ’বই! পিছত যেতিয়াই বিশ্বকাপৰ পিছত প্ৰশিক্ষক গ্ৰেগ চেপেলে গুচি গ’ল, তেতিয়া দলৰ পৰিৱেশ ভাল হ’ল!’ 

দলটোৰ তাৰকা হৰভজন সিঙেও এবাৰ চেপেলৰ নিন্দা কৰিছিল৷ তেওঁ কৈছিল- ‘‘গ্ৰেগ চেপেলে প্ৰশিক্ষক হিচাপে আহিয়েই গোটেই দলটোক ধ্বংস কৰি পেলালে। প্ৰশিক্ষক হিচাপে তেওঁৰ উদ্দেশ্য কি আছিল তেওঁ জানে। কিন্তু এটা কঠিন দল কেনেকৈ ধ্বংস কৰিব পাৰি তাৰ তুলনাত ভালকৈ কোনেও নাজানে! তেওঁ যি ইচ্ছা কৰিছিল, সেই সময়ত সকলোৱে তেওঁৰ কথা মানি চলিছিল!’’

সিঙৰ ভাষাত- ‘‘২০০৭ চনৰ বিশ্বকাপত আমাৰ দলটো সঁচাকৈয়ে শক্তিশালী আছিল। কিন্তু আমি নিজকে উজাৰি দিব পৰা নাছিলো। কাৰণ, মানসিকভাৱে কোনোৱেই উত্তম স্থানত নাছিল। কোনেও কাকো বিশ্বাস কৰিব পৰা নাছিল। দলটো যদি অসুখী হয় তেন্তে ইয়াৰ প্ৰতিফলন ঘটিব প্ৰদৰ্শনত। চেপেলে দায়িত্ব লৈ গোটেই দলটোক গোলমাল কৰি পেলালে। সংগঠিত দল এটা ভাঙি পেলোৱাৰ মূল স্থপতি আছিল তেওঁ। আগতে তেওঁ দলৰ ওপৰত নিজৰ ইচ্ছা জাপি দিছিল। তেওঁ নিজৰ ইচ্ছামতে সকলো কৰিলে!'

উল্লেখ্য যে ২০০৭ চনৰ বিশ্বকাপত ভাৰত প্ৰতিযোগিতাখনৰ অন্যতম শ্ৰেষ্ঠ দল আছিল! শচীন-দ্ৰাবিড়-সৌৰভ-গাংগুলীৰ পৰা আৰম্ভ কৰি ধোনী-যুৱৰাজ-হৰভজনৰ দৰে সকলো কিংবদন্তি ক্ৰিকেটাৰ আছিল! কিন্তু ব্যৰ্থ হৈছিল বিশ্বকাপত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক