--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটৰ এটা ক’লা অধ্যায় আছিল ২০০৭ চনৰ এদিনীয়া বিশ্বকাপ৷ ৱেষ্ট ইণ্ডিজত হোৱা সেইবাৰৰ বিশ্বকাপত ভাৰতে বাংলাদেশ আৰু শ্ৰীলংকাৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই বাহিৰ হ’ব লগা হৈছিল! তাৰবাবে মূলতঃ দায়ী কৰা হৈছিল প্ৰশিক্ষক গ্ৰেগ চেপেলক৷

উল্লেখ্য যে গ্ৰেগ চেপেলে সেই সময়ত ভাৰতীয় দলত কেইবাটাও সম্পৰীক্ষা আৰম্ভ কৰিছিল৷ অধিনায়কত্ব এৰিব লগা হৈছিল সৌৰভ গাংগুলীয়ে৷ আনকি দলতো স্থান লাভ কঠিন হৈ পৰিছিল গাংগুলীৰ বাবে৷ আনহাতে, অধিনায়কত্ব প্ৰদান কৰা হৈছিল ৰাহুল দ্ৰাৱিড়ক৷ কিন্তু বিশ্বকাপৰ চৰম ব্যৰ্থতাৰ পাছতে গ্ৰেগ চেপেলক সকলোৱে নিন্দা কৰিছিল৷

এই বিষয়ে সেই দলৰ অন্যতম তাৰকা যুৱৰাজ সিঙে এবাৰ কৈছিল- ‘‘২০০৭ চনৰ বিশ্বকাপত ভাৰতৰ বাহিৰ হোৱাৰ আঁৰত আছিল প্ৰশিক্ষক গ্ৰেগ চেপেল! তেওঁ দলীয় পৰিৱেশ নষ্ট কৰিছিল! যেতিয়া এটা দলৰ পৰিৱেশ ভাঙি যায়, দলটোৰ যিমানেই ছুপাৰষ্টাৰ নাথাকক কিয়, দলটো বিফল হ’বই! পিছত যেতিয়াই বিশ্বকাপৰ পিছত প্ৰশিক্ষক গ্ৰেগ চেপেলে গুচি গ’ল, তেতিয়া দলৰ পৰিৱেশ ভাল হ’ল!’ 

দলটোৰ তাৰকা হৰভজন সিঙেও এবাৰ চেপেলৰ নিন্দা কৰিছিল৷ তেওঁ কৈছিল- ‘‘গ্ৰেগ চেপেলে প্ৰশিক্ষক হিচাপে আহিয়েই গোটেই দলটোক ধ্বংস কৰি পেলালে। প্ৰশিক্ষক হিচাপে তেওঁৰ উদ্দেশ্য কি আছিল তেওঁ জানে। কিন্তু এটা কঠিন দল কেনেকৈ ধ্বংস কৰিব পাৰি তাৰ তুলনাত ভালকৈ কোনেও নাজানে! তেওঁ যি ইচ্ছা কৰিছিল, সেই সময়ত সকলোৱে তেওঁৰ কথা মানি চলিছিল!’’

সিঙৰ ভাষাত- ‘‘২০০৭ চনৰ বিশ্বকাপত আমাৰ দলটো সঁচাকৈয়ে শক্তিশালী আছিল। কিন্তু আমি নিজকে উজাৰি দিব পৰা নাছিলো। কাৰণ, মানসিকভাৱে কোনোৱেই উত্তম স্থানত নাছিল। কোনেও কাকো বিশ্বাস কৰিব পৰা নাছিল। দলটো যদি অসুখী হয় তেন্তে ইয়াৰ প্ৰতিফলন ঘটিব প্ৰদৰ্শনত। চেপেলে দায়িত্ব লৈ গোটেই দলটোক গোলমাল কৰি পেলালে। সংগঠিত দল এটা ভাঙি পেলোৱাৰ মূল স্থপতি আছিল তেওঁ। আগতে তেওঁ দলৰ ওপৰত নিজৰ ইচ্ছা জাপি দিছিল। তেওঁ নিজৰ ইচ্ছামতে সকলো কৰিলে!'

উল্লেখ্য যে ২০০৭ চনৰ বিশ্বকাপত ভাৰত প্ৰতিযোগিতাখনৰ অন্যতম শ্ৰেষ্ঠ দল আছিল! শচীন-দ্ৰাবিড়-সৌৰভ-গাংগুলীৰ পৰা আৰম্ভ কৰি ধোনী-যুৱৰাজ-হৰভজনৰ দৰে সকলো কিংবদন্তি ক্ৰিকেটাৰ আছিল! কিন্তু ব্যৰ্থ হৈছিল বিশ্বকাপত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement