--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০ বছৰ আগৰ প্ৰতিশোধ পূৰণ নহ’ল। ১২ বছৰৰ পাছতো জয়ী নহ’ল বিশ্বকাপ। ১০ বছৰ ধৰি আইচিচি ট্ৰফী নোপোৱাৰ খৰাং শেষ নহ’ল। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয় ঘটিল।

এই বিশ্বকাপত ভাৰতে মাত্ৰ এখন খেলতে পৰাস্ত হৈছে  আৰু এইখনেই সেইখন চূড়ান্ত মেচ। প্ৰথমে বেটিং কৰি ২৪০ ৰান সংগ্ৰহ কৰা ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই ৬ উইকেটত জয়লাভ কৰে ট্ৰেভিছ হেডৰ শতকৰ সহায়ত।

কামিন্সে টছত জয়ী হৈ প্ৰথমে বলিং কৰিবলৈ বাছি লোৱাৰ লগে লগে প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে। বিশ্বকাপ বিজয়ী প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙে মন্তব্য কৰি কয়, ‘টছ জয় কৰাৰ পিছত বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ কাৰণ বুজা হোৱা নাই। এই খেলপথাৰত আগতে বেটিং কৰিলে লাভজনক হ’লহেঁতেন।’ কিন্তু কামিন্স আৰু অষ্ট্ৰেলিয়াৰ বাকী বলাৰসকলে ২০০৩ চনৰ বিশ্বকাপ বিজয়ী অধিনায়কজনক ভুল প্ৰমাণ কৰিলে।

এইবাৰ বিশ্বকাপত ৰোহিতে যিদৰে খেলিছিল, এই মেচতো ইয়াৰ কোনো ভিন্নতা নাছিল। খৰধৰকৈ ৰান সংগ্ৰহ কৰে। ডাঙৰ শ্বট খেলি আউট হয়। ৪৭ ৰান কৰে। কিন্তু ৰোহিতৰ লক্ষ্য আছিল দলটোক ডাঙৰ ৰানৰ ভেটি বান্ধি দিয়া। তাৰপাছতে ভাৰতে থতমত খালে। ৰোহিতৰ আউটৰ পিছত ভাৰতে বাকী থকা ইনিংছত মাত্ৰ চাৰিটা বাউণ্ডেৰীহে মাৰিব পাৰিলে। ৰোহিতে নিজেই তিনিটা ছয় আৰু চাৰিটা চাৰি মাৰিলে। ভাৰতীয় অধিনায়ক আউট হোৱাৰ সময়তে ভাৰত ভাঙি পৰিল।

একেৰাহে ১০খন খেলত জয়লাভ কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে ভাৰত। সেই বিজয় যাত্ৰা আৰম্ভ হৈছিল অষ্ট্ৰেলিয়াক পৰাস্ত কৰি। ফাইনেলতো পুনৰ মুখামুখি হয় অষ্ট্ৰেলিয়া। যিয়ে একেৰাহে আঠখন মেচত জয়লাভ কৰিছে। যদিও ভাৰতে একপক্ষীয়ভাৱে বিশ্বকাপৰ বহু মেচত জয়লাভ কৰিছিল, তথাপিও বিশ্বকাপৰ ফাইনেলত সেয়া নহ’ব বুলি জনা গৈছিল।

পাঁচবাৰৰ বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়া গ্ৰুপ পৰ্যায়ত পৰাস্ত হয় যদিও ফাইনেলখন বেলেগ ধৰণৰ খেল। অষ্ট্ৰেলিয়াৰ ফিল্ডিঙে প্ৰথম অভাৰৰ পৰাই সেই কথা দেখুৱাইছিল। ডেভিদ ৱাৰ্নাৰে হয়তো শেষ এদিনীয়া খেলিলে। ৩৭ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে যি ধৰণে খেলিছিল, সেইটোৱে বাকীসকলক অনুপ্ৰাণিত কৰাটো নিশ্চিত।

পৰিস্থিতি বুজি বিৰাট আৰু ৰাহুলে চিংগল ল’বলৈ ধৰিলে। কোনো বলাৰক মেডেন ল’বলৈ নিদিলে। তেওঁলোকে অভাৰত কমেও চাৰিটা একক ৰান কৰি স্ক’ৰব’ৰ্ডক গতিশীল কৰি ৰাখিছিল। শ্ৰেয়াছ আয়াৰৰ উইকেট হেৰুৱাই শোক প্ৰকাশ কৰিছিল ভাৰতীয় অনুৰাগীসকলে। মাত্ৰ চাৰি ৰাণতে আউট হৈছিল। শ্ৰেয়াছ থাকিলে আৰু কেইটামান ৰান কৰিব পৰা গ’লহেঁতেন।

কিন্তু ৰোহিতৰ আউট হোৱাৰ চাৰিটা বলৰ ভিতৰতে আউট হৈছিল শ্ৰেয়াছ। ভাৰতৰ বাবে সেয়া আছিল এক ডাঙৰ জোকাৰণি। বিৰাট আৰু ৰাহুলে ডাঙৰ ডাঙৰ শ্বট খেলাৰ ৰিস্ক লোৱাৰ সামৰ্থ্য নাছিল। গতিকে বিৰাটে ৬৩টা বলত ৫৪ ৰান আৰু ৰাহুলে ১০৭ বলত ৬৬ ৰান সংগ্ৰহ কৰে। কামিন্সৰ বল বিৰাটৰ বেটত খুন্দা মাৰি উইকেট ভাঙি যায়। আৰু নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ১ লাখৰো অধিক দৰ্শকে হতাশাত নিমাত হৈ পৰিল।

বিৰাট আউট হোৱাৰ পিছতে বেটিং কৰিবলৈ আহে ৰবীন্দ্ৰ জাডেজা। ৰাহুলৰ সৈতে ইনিংছ নিৰ্মাণৰ দায়িত্ব তেওঁক দিয়া হৈছিল। কিন্তু ২২টা বল খেলাৰ পিছতো জাদেজাই ৯ ৰানতকৈ বেছি ৰান কৰিব নোৱাৰিলে। ভাৰতৰ আশা আছিল সূৰ্যকুমাৰ যাদৱৰ ওপৰত। আই পি এলত ঘূৰ্ণীবতাহৰ ইনিংছ খেলা সূৰ্য্যই যদি শেষ অভাৰত দ্ৰুত ৫০ ৰান কৰিব পাৰিলেহেঁতেন তেন্ত সেয়াও বহুত। কিন্তু সূৰ্য্যই নোৱাৰিলে। ২৮টা বলত ১৮ ৰান সংগ্ৰহ কৰা সূৰ্য্যই ভাৰতক ৰানৰ পোহৰ দেখুৱাব নোৱাৰিলে। এই বিশ্বকাপত প্ৰথমবাৰৰ বাবে ভাৰতে ১০টা উইকেট হেৰুৱাইছে।

ফাইনেলত বেটছমেনসকলে আপ্লুত কৰিব নোৱাৰাৰ বাবে ভাৰতৰ আশা বলাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। সমগ্ৰ প্ৰতিযোগিতাখনত বুমৰাহ আৰু ছামিয়ে দেখুওৱা শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব হৈছিল। কিন্তু আৰম্ভণিতেই বুমৰাহৰ বলত ৱাৰ্নাৰৰ কেচটো বিৰাট আৰু শুবমানৰ মাজেৰে সৰকি ফ’ৰ হৈছিল। ভাৰতীয় ফিল্ডিঙৰ দুৰ্দশা তাতেই বন্দী হৈছিল। মেচখন আগবাঢ়ি যোৱাৰ লগে লগে ৰোহিতৰ ফিল্ডিঙত অধিক সুৰুঙা দেখা গ’ল।

শামীয়ে আশাৰ সঞ্চাৰ কৰিছিল। প্ৰথম অভাৰতে এটা উইকেট দখল কৰে। মাত্ৰ ৭ ৰান সংগ্ৰহ কৰি ৱাৰ্নাৰে আউট হয়। ইনিংছৰ পঞ্চম অভাৰত বুমৰাহে মিচেল মাৰ্ছক আউট কৰে। সপ্তম অভাৰত স্মিথকো আউট কৰে। ইয়াৰ পিছত হেড আৰু লাবুচেনে লিকতা লগাদি লাগি ধৰে।

বিশ্বকাপত শ্বামীয়ে ৬খন মেচত ২৩টা উইকেট দখল কৰিছিল। কিন্তু ফাইনেলৰ প্ৰথম অভাৰৰ পৰাই তেওঁৰ লাইন, লেংথ হেৰাই গ’ল। এটা উইকেট লোৱাৰ পিছতো ছামীয়ে চাপ গঢ়িব নোৱাৰিলে। বুমৰাহে কিছু প্ৰচেষ্টা চলাইছিল যদিও প্ৰথম ১০ অভাৰত সকলো হেঁচা ভাৰতৰ ওপৰত আছিল। বাকী তিনিজন বলাৰক অষ্ট্ৰেলিয়াৰ হেড আৰু লাবুচেনে সহজে খেলিছিল। ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ আৰু মহম্মদ ছিৰাজে কোনো ধৰণৰ চাপ সৃষ্টি কৰিব নোৱাৰিলে। বিশ্বকাপৰ ফাইনেলত শতক অৰ্জন কৰে হেডে। লাবুশ্বানে অৰ্ধশতক কৰে।

ফাইনেলত পৰাজয়ৰ কিছু দায়িত্ব ল’ব লগা হৈছে অধিনায়ক ৰোহিতে। হাতত মাত্ৰ ২৪০ ৰান থকাৰ বাবে তেওঁ অধিক আক্ৰমণাত্মক ফিল্ডিঙৰ ব্যৱস্থা কৰিব লাগিছিল। কুলদীপ আৰু জাদেজাই বলিং কৰাৰ সময়ত তেওঁ স্লিপত ফিল্ডাৰ নিদিলে। 

এই বিশ্বকাপৰ টেগলাইন আছিল ‘ইট টেকছ ৱান ডে’। সঁচাকৈয়ে এদিনীয়া খেল। সমগ্ৰ প্ৰতিযোগিতাত জয়ী হৈ ভাৰত এটা দিনত পৰাস্ত হয়। অষ্ট্ৰেলিয়াই বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পৰা উভতি আহি ট্ৰফী লাভ কৰে। সঁচাকৈয়ে ক্ৰিকেট এক বৃহৎ অনিশ্চয়তাৰ খেল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?