--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এনচিবিৰ অভিযানত জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াৰ বাসগৃহত উদ্ধাৰ হয়   ৮৬.৫ গ্ৰাম ভাং৷ এনচিবিৰ  বিষয়াসকলে জানিবলৈ দিয়া মতে ভাৰতী আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়া দুয়োজনেই গাঞ্জা সেৱন কৰিছিল।

গাঞ্জা সেৱনৰ এই গোচৰে  কমেডিয়ান ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ বাবে কিছু  আইনী জটিলতা সৃষ্টি কৰাৰ সম্ভাৱনা আছে। তদুপৰি   দম্পতীহালৰ বিৰুদ্ধে ইতিমধ্যে আদালতত ২০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা হৈছে৷  উল্লেখ্য যে, ২০২০ চনতো  ড্ৰাগছৰ দুয়োকে  গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বৰ্তমান তেওঁলোক জামিনত  আছে।

ভাৰতী আৰু হাৰ্ষ লিম্বাচিয়া বৰ্তমান এটি  ছমহীয়া শিশু আছে। এনচিবিয়ে তেওঁলোকৰ আন্ধেৰীৰ বাসগৃহৰ  পৰা গাঞ্জা জব্দ কৰিছিল৷ 
দুয়োৰে বিৰুদ্ধে এনডিপিএছ আইনৰ ২০(খ)(ii)(ক)  ৮(গ) (ড্ৰাগছ ৰখা) আৰু ২৭ (ড্ৰাগছ সেৱন) ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

কৌতুক অভিনেতা হিচাপে বৰ্তমান ভাৰতী আৰু হৰ্ষ বিশেষভাৱে জনপ্ৰিয়৷ বৰ্তমান দুয়োয়ে সাৰে গা মা পা শীৰ্ষক ৰিয়েলিটি শ্ব’টো পৰিচালনা কৰি আছে৷ 
ছ’চিয়েল মিডিয়াতো সক্ৰিয় এই দুয়োজন শিল্পী৷ গাঞ্জা সেৱন আৰু সংগ্ৰহৰ এই গোচৰে তেওঁলোকৰ এই সামাজিক জীৱনত বহু বিৰুপ প্ৰভাৱ পেলোৱাৰ আশংকা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক