--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এনচিবিৰ অভিযানত জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াৰ বাসগৃহত উদ্ধাৰ হয়   ৮৬.৫ গ্ৰাম ভাং৷ এনচিবিৰ  বিষয়াসকলে জানিবলৈ দিয়া মতে ভাৰতী আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়া দুয়োজনেই গাঞ্জা সেৱন কৰিছিল।

গাঞ্জা সেৱনৰ এই গোচৰে  কমেডিয়ান ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ বাবে কিছু  আইনী জটিলতা সৃষ্টি কৰাৰ সম্ভাৱনা আছে। তদুপৰি   দম্পতীহালৰ বিৰুদ্ধে ইতিমধ্যে আদালতত ২০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা হৈছে৷  উল্লেখ্য যে, ২০২০ চনতো  ড্ৰাগছৰ দুয়োকে  গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বৰ্তমান তেওঁলোক জামিনত  আছে।

ভাৰতী আৰু হাৰ্ষ লিম্বাচিয়া বৰ্তমান এটি  ছমহীয়া শিশু আছে। এনচিবিয়ে তেওঁলোকৰ আন্ধেৰীৰ বাসগৃহৰ  পৰা গাঞ্জা জব্দ কৰিছিল৷ 
দুয়োৰে বিৰুদ্ধে এনডিপিএছ আইনৰ ২০(খ)(ii)(ক)  ৮(গ) (ড্ৰাগছ ৰখা) আৰু ২৭ (ড্ৰাগছ সেৱন) ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

কৌতুক অভিনেতা হিচাপে বৰ্তমান ভাৰতী আৰু হৰ্ষ বিশেষভাৱে জনপ্ৰিয়৷ বৰ্তমান দুয়োয়ে সাৰে গা মা পা শীৰ্ষক ৰিয়েলিটি শ্ব’টো পৰিচালনা কৰি আছে৷ 
ছ’চিয়েল মিডিয়াতো সক্ৰিয় এই দুয়োজন শিল্পী৷ গাঞ্জা সেৱন আৰু সংগ্ৰহৰ এই গোচৰে তেওঁলোকৰ এই সামাজিক জীৱনত বহু বিৰুপ প্ৰভাৱ পেলোৱাৰ আশংকা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা