--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপৰ জ্বৰে পাইছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক। ৰাজনীতি নহয়, এইবাৰ ক্ৰিকেট বেট লৈ খেলপথাৰত অৱতীৰ্ণ হৈছে যোগী। ইতিমধ্যে যোগীয়ে ক্ৰিকেট খেলাৰ এখন ছৱি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

সোমবাৰে লক্ষ্নৈত যোগীয়ে চৰ্দাৰ পেটেল নেচনেল দিব্যাংগ টি২০ কাপৰ উদ্বোধন কৰে। চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৭সংখ্যক জন্ম দিৱস উপলক্ষে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

যোগীৰ ইনষ্টাগ্ৰাম পেজত তেওঁ হাতত ক্ৰিকেট বেট লৈ থকা দেখা গৈছে। টুইটাৰতো যোগীয়ে ক্ৰিকেট বেটেৰে বল কোবোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তাত দেখা গৈছে যে কেইবাজনো বিষয়াবৰ্গই যোগীক আগুৰি আছে।.

প্ৰতিযোগিতাখন উদ্বোধন কৰি যোগীয়ে কয় যে আধুনিক ভাৰতৰ পুৰোধা ব্যক্তি চৰ্দাৰ পেটেলৰ জন্মজয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। তেওঁ ক্ৰিকেট প্ৰতিযোগিতাখনত অংশ লোৱা সকলো লোককে শুভকামনা প্ৰদান কৰে।

উল্লেখ্য যে প্ৰতিযোগিতাখনত ২০টাকৈ দলে অংশ লৈছে। মুঠ ৪৩খনকৈ মেচ থকা প্ৰতিযোগিতাখনৰ পুৰষ্কাৰ হৈছে ৩০ লাখ টকা। ৭ নৱেম্বৰত ইয়াৰ সামৰণি পৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু