--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপৰ জ্বৰে পাইছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক। ৰাজনীতি নহয়, এইবাৰ ক্ৰিকেট বেট লৈ খেলপথাৰত অৱতীৰ্ণ হৈছে যোগী। ইতিমধ্যে যোগীয়ে ক্ৰিকেট খেলাৰ এখন ছৱি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

সোমবাৰে লক্ষ্নৈত যোগীয়ে চৰ্দাৰ পেটেল নেচনেল দিব্যাংগ টি২০ কাপৰ উদ্বোধন কৰে। চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৭সংখ্যক জন্ম দিৱস উপলক্ষে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

যোগীৰ ইনষ্টাগ্ৰাম পেজত তেওঁ হাতত ক্ৰিকেট বেট লৈ থকা দেখা গৈছে। টুইটাৰতো যোগীয়ে ক্ৰিকেট বেটেৰে বল কোবোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তাত দেখা গৈছে যে কেইবাজনো বিষয়াবৰ্গই যোগীক আগুৰি আছে।.

প্ৰতিযোগিতাখন উদ্বোধন কৰি যোগীয়ে কয় যে আধুনিক ভাৰতৰ পুৰোধা ব্যক্তি চৰ্দাৰ পেটেলৰ জন্মজয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। তেওঁ ক্ৰিকেট প্ৰতিযোগিতাখনত অংশ লোৱা সকলো লোককে শুভকামনা প্ৰদান কৰে।

উল্লেখ্য যে প্ৰতিযোগিতাখনত ২০টাকৈ দলে অংশ লৈছে। মুঠ ৪৩খনকৈ মেচ থকা প্ৰতিযোগিতাখনৰ পুৰষ্কাৰ হৈছে ৩০ লাখ টকা। ৭ নৱেম্বৰত ইয়াৰ সামৰণি পৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক