--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘য়ে হাথ মুঝে দে দে ঠাকুৰ’, ‘আৰে অ শাম্ভা.. কিটনে আদমি থে’, ‘য়হা ছে পছাস-পছাস কৌস দূৰ গাঁও মে জৱ বাচ্চা ৰাত কৌ ৰৌতা হে, তৌ মা কহতী হে..বেটা ছৌ যা, নহী ত’ গব্বৰ আ জায়েগা’.... কোনে পাহৰিব পাৰে এইবোৰ সংলাপ? প্ৰতিজন ভাৰতীয়ৰ মনত এইবোৰ সংলাপ আজিও সজীৱ হৈ আছে। আজিও সেই সংলাপ সিমানেই জনপ্ৰিয় যিমান জনপ্ৰিয় আছিল ৪৭ বছৰ আগতে। 

১৯৭৫ চনৰ ১৫ আগষ্টত মুক্তিলাভ কৰিছিল ৰমেশ চিপ্পী পৰিচালিত ‘শ্বলে’ ছবিখনে। ছবিখনৰ জয়, বীৰু, বসন্তী, গব্বৰ সিং, কালিয়া আদি চৰিত্ৰসমূহক মানুহে আজিও পাহৰিব পৰা নাই। ‘শ্বলে’ত খলনায়ক গব্বৰ সিঙৰ চৰিত্ৰ ৰূপায়ন কৰি ইতিহাস ৰচনা কৰিছল আমজাদ খানে। বৰ্তমান সময়তো গব্বৰ সিঙৰ দৰে জনপ্ৰিয়তা কোনো খলনায়কে অৰ্জন কৰিব পৰা নাই। ‘শ্বলে’ত গব্বৰ সিঙৰ চৰিত্ৰত অভিনয় কৰি লাইমলাইটলৈ অহা আমজাদ খানে চিৰদিনৰ বাবে ৰাইজৰ হৃদয় আৰু মনত থিতাপি লৈছিল। গব্বৰৰ চৰিত্ৰত অভিনয় কৰাৰ পাছত মানুহে অভিনেতা আমজাদ খানক গব্বৰ সিং বুলি ক’বলৈ আৰম্ভ কৰে। আজি আমজাদ খানৰ জন্মদিন। ১৯৪০ চনৰ ১২ নৱেম্বৰত পেছাৱৰত জন্মগ্ৰহণ কৰা আমজাদ খানৰ জন্মদিন উপলক্ষে তেওঁৰ সৈতে জড়িত কিছুমান কথা জানো আহক।

যদিও আমজাদ খানে নিজৰ কেৰিয়াৰত বহু ব্লকবাষ্টাৰ ছবিত কাম কৰিছে, কিন্তু তেওঁ শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৫১ চনৰ ‘নাজনীন’ ছবিত তেওঁক প্ৰথম দেখা গৈছিল। ইয়াৰ পিছত তেওঁ আৰু কিছুমান ছবিত শিশু শিল্পী হিচাপে কাম কৰে। তাৰ পিছত কেইবছৰমান থিয়েটাৰত কাম কৰি ১৯৭৩ চনত ‘হিন্দুস্তান কি কছম’ ছবিত মুখ্য নায়ক হিচাপে আত্মপ্ৰকাশ কৰে। আমজাদ খানে হয়তো বহু ছবিত কাম কৰিছিল, কিন্তু ‘শ্বলে’ত তেওঁৰ গব্বৰৰ চৰিত্ৰ অমৰ হৈ পৰিল। টিপিকেল দেশী ষ্টাইলত যেতিয়া তেওঁ ধঁপাত ঘঁহি ঘঁহি সংলাপ কৈছিল, তেতিয়া সকলোৱে তেওঁৰ অনুৰাগী হৈ পৰিছিল। গব্বৰ সিঙে প্ৰক্ষেপ কৰা সংলাপৰ ষ্টাইলে সকলোকে বৰকৈ আকৰ্ষণ কৰে। 

গব্বৰ সিঙে এইদৰে সংলাপ প্ৰদানৰ শৈলী ক’ৰপৰা শিকিছিল? এই উত্তৰ শুনিলে আপুনি আচৰিত হ’ব। গব্বৰ সিঙৰ সংলাপ প্ৰদানৰ শৈলী ছবিখনৰ পৰিচালকে শিকোৱা নাছিল বা চিত্ৰনাট্যকাৰেও শিকোৱা নাছিল। এতিয়া প্ৰশ্ন উত্থাপন হয় যে আমজাদে এই শৈলী ক’ৰ পৰা শিকিলে?

আমজাদ খানৰ গাঁৱত এজন ধোবা আছিল। যিজনে প্ৰতিদিনে গাঁৱৰ মানুহৰ লগত এনে ধৰণে কথা পাতিছিল। আমজাদ খানে তেওঁৰ কথা কোৱা শৈলীত অতিশয় আপ্লুত হৈছিল আৰু তেওঁৰ কথা অতি মনোযোগেৰে শুনিছিল। যেতিয়া তেওঁক ‘শ্বলে’ ছবিত গব্বৰ সিঙৰ চৰিত্ৰত অভিনয় কৰিবলৈ প্ৰস্তাৱ দিয়া হৈছিল তেতিয়া আমজাদ খানে সিদ্ধান্ত লৈছিল যে গাঁৱৰ সেই ধোবাজনে কথা কোৱা ষ্টাইলতে তেওঁ সংলাপ মাতিব। চলচ্চিত্ৰ জগতৰ বিখ্যাত খলনায়কৰ শৈলী নকল কৰাৰ পৰিৱৰ্তে আমজাদ খানে ধোবাজনে সাধাৰণভাৱে কথা কোৱা শৈলী প্ৰয়োগ কৰাৰ সিদ্ধান্ত লয়। আমজাদ খানৰ সংলাপৰ সুৰ শুনি ৰমেশ চিপ্পীয়েও আমজাদ খানক উচ্চ প্ৰশংসা কৰে। এনেদৰেই আমি লাভ কৰিছিলো চলচ্চিত্ৰ জগতৰ অজৰ-অমৰ চৰিত্ৰ গব্বৰ সিঙক। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক