--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰটো আছিল ২০০৭ চন। সেই বছৰতে খুশীৰ ছানাইয়ে বলীউডৰ বচ্চন পৰিয়ালত বাজি উঠিছিল আনন্দৰ ছেহনাই। অমিতাভ বচ্চন আৰু তেওঁৰ পত্নী জয়া বচ্চনে মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায়ক ঘৰৰ বোৱাৰী কৰি আদৰি আনে। ঐশ্বৰ্য ৰায় জীৱনসংগী হৈ আহিল অভিষেক বচ্চনৰ জীৱনলৈ। বলীউডৰ এই হাই প্ৰফাইল বিয়াক লৈ সেই সময়ত বহুত চৰ্চা হৈছিল। 

অভিষেক-ঐশ্বৰ্যৰ প্ৰথম সাক্ষাৎ হৈছিল ১৯৯৭ চনত। ববি দেউলে তেওঁলোকক প্ৰথমবাৰৰ চিনাকি কৰাই দিছিল। সেইসময়ত অৱশ্যে দুয়োজনেই আন সম্পৰ্কত বান্ধ খাই আছিল। ছলমান খানৰ সৈতে ঐশ্বৰ্যৰ প্ৰেমৰ সম্পৰ্ক তেতিয়া বলীউডৰ এক উত্তপ্ত বিষয় আছিল। অন্যহাতে অভিষেকৰ কৰিশ্মা কাপুৰৰ লগত বিচ্ছেদ হোৱাৰ খবৰেও চৰ্চা লাভ কৰিছিল। লাহে লাহে অভিষেক-ঐশ্বৰ্য ইজনে সিজনৰ ওচৰ চাপি আহিবলৈ ধৰিলে।

তেওঁলোকৰ বন্ধুত্বৰ আৰম্ভণি হৈছিল ২০০০ চনত। লগ পোৱাৰ ঠিক তিনিবছৰৰ পাছত ‘ধাই অক্ষৰ প্ৰেম কি’ ছবিখনৰ পৰা। তাৰ পিছত ‘কিউ হো গয়া না’ ছবিখনৰ পিছত বলীউডত আৰম্ভ হ’ল তেওঁলোকৰ প্ৰেমৰ গুণগুণনি। অভিষেক-ঐশ্বৰ্যৰ সম্পৰ্কক চিৰস্থায়ী কৰাত আগভাগ ললে অমিতাভ আৰু জয়াই। দুয়োটা পৰিয়ালৰ সন্মতিত ২০০৭ চনৰ ২০ এপ্ৰিলত ধুমধামেৰে অভিষেক-ঐশ্বৰ্যৰ বিয়া হৈ যায়। ২০১১ চনৰ ১৬ নৱেম্বৰত তেওঁলোকৰ সংসাৰলৈ আহে কন্যা সন্তান আৰাধ্যা। 

অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ মাজত কোন বেছি সফল? পাৰিশ্ৰমিকৰ ক্ষেত্ৰত কোন আগবাঢ়ি আছে? এই প্ৰসংগত প্ৰায়ে চৰ্চা হয়। অভিষেকতকৈ ঐশ্বৰ্যই বেছি পাৰিশ্ৰমিক লাভ কৰে। আনকি একেখন ছবিত অভিনয় কৰিও ঐশ্বৰ্যই অভিষেকতকৈ লাভ কৰে অধিক পাৰিশ্ৰমিক। 

২০১৮ চনত এক সাক্ষাৎকাৰত অভিষেকে কয় যে তেওঁ আৰু ঐশ্বৰ্যই এতিয়ালৈকে যি ৯খন ছবিত কাম কৰিছে তাৰ ভিতৰত ৮খন ছবিত ঐশ্বৰ্যৰ পাৰিতোষিক অভিষেকতকৈ বেছি। উদাহৰণ দি অভিষেকে কয় যে ‘পিকু’ ছবিখনত অমিতাভ আৰু ইৰফান খানতকৈ দীপিকা পাডুকনক অধিক দৰমহা দিয়া হৈছিল।

আচলতে চিনেমাৰ ক্ষেত্ৰত যি তাৰকাৰ ব্ৰেণ্ড ভেল্যু বেছি, তেওঁকৰে পাৰিশ্ৰমিক বেছি। ঐশ্বৰ্যৰ ব্ৰেণ্ড ভেল্যু অভিষেকতকৈ বেছি বাবে তেওঁ বেছিকৈ টকা লাভ কৰে। অভিষেক আৰু ঐশ্বৰ্যৰ সম্পৰ্কৰ মাজত ঐশ্বৰ্যই বেছি পাৰিশ্ৰমিক পোৱাক লৈ কেতিয়াও কোনো প্ৰত্যক্ষ সমস্যাৰ উদ্ভৱ হোৱা নাই। দুয়ো প্ৰফেছনেল আৰু পাৰ্চনেল লাইফ সুন্দৰকৈ বৰ্তাই ৰাখিছে। অভিষেক-ঐশ্বৰ্যই বৈবাহিক জীৱনৰ ১৫ বছৰ সম্পূৰ্ণ কৰিলে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মধ্য প্রাচ্যৰ পৰিস্থিতিয়ে বিশ্বলৈ বিনাশ মাতি আনিব পাৰে:ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান গুটাৰেছ
জুলাইত পৰিবহণ বিভাগৰ 'সম্পূৰ্ণ সেৱা মাহ'
UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলক আছুৱে কৰিব সহায়
যদি আপুনি বৃদ্ধ বয়সলৈকে সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে তেন্তে এই কাম কৰক
তিনিচুকীয়া  স্ক্ৰেপিং প্ৰতিষ্ঠানত চুৰি ডাম্পাৰ উদ্ধাৰৰ অভিযোগ
পাকিস্তানলৈ বোৱা সিন্ধুৰ জলধাৰাৰ গতি পৰিৱৰ্তন কৰিব ৰাজস্থানলৈ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত