--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰটো আছিল ২০০৭ চন। সেই বছৰতে খুশীৰ ছানাইয়ে বলীউডৰ বচ্চন পৰিয়ালত বাজি উঠিছিল আনন্দৰ ছেহনাই। অমিতাভ বচ্চন আৰু তেওঁৰ পত্নী জয়া বচ্চনে মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায়ক ঘৰৰ বোৱাৰী কৰি আদৰি আনে। ঐশ্বৰ্য ৰায় জীৱনসংগী হৈ আহিল অভিষেক বচ্চনৰ জীৱনলৈ। বলীউডৰ এই হাই প্ৰফাইল বিয়াক লৈ সেই সময়ত বহুত চৰ্চা হৈছিল। 

অভিষেক-ঐশ্বৰ্যৰ প্ৰথম সাক্ষাৎ হৈছিল ১৯৯৭ চনত। ববি দেউলে তেওঁলোকক প্ৰথমবাৰৰ চিনাকি কৰাই দিছিল। সেইসময়ত অৱশ্যে দুয়োজনেই আন সম্পৰ্কত বান্ধ খাই আছিল। ছলমান খানৰ সৈতে ঐশ্বৰ্যৰ প্ৰেমৰ সম্পৰ্ক তেতিয়া বলীউডৰ এক উত্তপ্ত বিষয় আছিল। অন্যহাতে অভিষেকৰ কৰিশ্মা কাপুৰৰ লগত বিচ্ছেদ হোৱাৰ খবৰেও চৰ্চা লাভ কৰিছিল। লাহে লাহে অভিষেক-ঐশ্বৰ্য ইজনে সিজনৰ ওচৰ চাপি আহিবলৈ ধৰিলে।

তেওঁলোকৰ বন্ধুত্বৰ আৰম্ভণি হৈছিল ২০০০ চনত। লগ পোৱাৰ ঠিক তিনিবছৰৰ পাছত ‘ধাই অক্ষৰ প্ৰেম কি’ ছবিখনৰ পৰা। তাৰ পিছত ‘কিউ হো গয়া না’ ছবিখনৰ পিছত বলীউডত আৰম্ভ হ’ল তেওঁলোকৰ প্ৰেমৰ গুণগুণনি। অভিষেক-ঐশ্বৰ্যৰ সম্পৰ্কক চিৰস্থায়ী কৰাত আগভাগ ললে অমিতাভ আৰু জয়াই। দুয়োটা পৰিয়ালৰ সন্মতিত ২০০৭ চনৰ ২০ এপ্ৰিলত ধুমধামেৰে অভিষেক-ঐশ্বৰ্যৰ বিয়া হৈ যায়। ২০১১ চনৰ ১৬ নৱেম্বৰত তেওঁলোকৰ সংসাৰলৈ আহে কন্যা সন্তান আৰাধ্যা। 

অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ মাজত কোন বেছি সফল? পাৰিশ্ৰমিকৰ ক্ষেত্ৰত কোন আগবাঢ়ি আছে? এই প্ৰসংগত প্ৰায়ে চৰ্চা হয়। অভিষেকতকৈ ঐশ্বৰ্যই বেছি পাৰিশ্ৰমিক লাভ কৰে। আনকি একেখন ছবিত অভিনয় কৰিও ঐশ্বৰ্যই অভিষেকতকৈ লাভ কৰে অধিক পাৰিশ্ৰমিক। 

২০১৮ চনত এক সাক্ষাৎকাৰত অভিষেকে কয় যে তেওঁ আৰু ঐশ্বৰ্যই এতিয়ালৈকে যি ৯খন ছবিত কাম কৰিছে তাৰ ভিতৰত ৮খন ছবিত ঐশ্বৰ্যৰ পাৰিতোষিক অভিষেকতকৈ বেছি। উদাহৰণ দি অভিষেকে কয় যে ‘পিকু’ ছবিখনত অমিতাভ আৰু ইৰফান খানতকৈ দীপিকা পাডুকনক অধিক দৰমহা দিয়া হৈছিল।

আচলতে চিনেমাৰ ক্ষেত্ৰত যি তাৰকাৰ ব্ৰেণ্ড ভেল্যু বেছি, তেওঁকৰে পাৰিশ্ৰমিক বেছি। ঐশ্বৰ্যৰ ব্ৰেণ্ড ভেল্যু অভিষেকতকৈ বেছি বাবে তেওঁ বেছিকৈ টকা লাভ কৰে। অভিষেক আৰু ঐশ্বৰ্যৰ সম্পৰ্কৰ মাজত ঐশ্বৰ্যই বেছি পাৰিশ্ৰমিক পোৱাক লৈ কেতিয়াও কোনো প্ৰত্যক্ষ সমস্যাৰ উদ্ভৱ হোৱা নাই। দুয়ো প্ৰফেছনেল আৰু পাৰ্চনেল লাইফ সুন্দৰকৈ বৰ্তাই ৰাখিছে। অভিষেক-ঐশ্বৰ্যই বৈবাহিক জীৱনৰ ১৫ বছৰ সম্পূৰ্ণ কৰিলে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত উজলিল অসম; দেশৰ ভিতৰতে শ্ৰেষ্ঠ অসমৰ ৩খন গাঁও পঞ্চায়ত
ভাৰতত ভয়াৱহ আক্ৰমণৰ ষড়যন্ত্ৰ ISIৰ
দিল্লীৰ মছনদত অধিষ্ঠিত হোৱাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিৰ নখন ৰাজ্য দখল
উপকাৰী পাচলি গাজৰ; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে থালাপতি বিজয়ে
দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীৰ মাহে ৩০ হাজাৰ কোটি টকা লোকচান
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা
পাকিস্তান সেনাৰ বৃহৎ স্বীকাৰোক্তি: হাফিজ ছৈয়দ আৰু মাছূদ আজহাৰক ৰক্ষা কৰিবলৈ যুঁজ দিছে চুবুৰীয়া দেশে
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত