--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিখ্যাত তথা জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাই(Kapil Sharma) পূৰ্বে প্ৰকাশ কৰিছিল যে তেওঁ ছানী দেওলৰ ছুপাৰহিট ছবি ‘গদাৰ: এক প্ৰেম কথা’ত এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল যদিও সেই দৃশ্য ফাইনেল কাটত বাদ দিয়া হৈছিল। এতিয়া পোহৰলৈ আহিছে যে কিয় কপিলৰ সেই দৃশ্যটো কাটিছিল। শেহতীয়াকৈ মুকেশ খান্নাৰ সৈতে হোৱা এক কথা-বতৰাত চলচ্চিত্ৰখনৰ একচন পৰিচালক টিনু বাৰ্মাই (Tinu Verma) কয় যে তেওঁ কপিল শৰ্মাৰ ওপৰত অতিশয় ক্ষুব্ধ হৈছিল আৰু কপিল শৰ্মাক চেটৰ পৰা বাহিৰ কৰি দিছিল।

টিনু বাৰ্মাই জনোৱা মতে, গদাৰ ছবিখনৰ ক্লাইমেক্স দৃশ্যটো এখন ৰে’লত শ্বুট কৰা হৈছিল। য’ত বহি তৰা আৰু সাকিনাই পাকিস্তানৰ সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰে। এই দৃশ্যৰ শ্বুটিঙৰ সময়ত ৰে’লখনৰ ফালে দৌৰিবলগীয়া হৈছিল এক বিশাল জনসমাগম। তেওঁ একচন বুলি কোৱাৰ লগে লগে গোটেই ভিৰটো ৰেলখনৰ ফালে দৌৰিবলৈ ধৰিলে যদিও তাত এজন ল’ৰা আছিল যিয়ে বিপৰীত দিশত দৌৰিবলৈ ধৰিলে। 

এই ল’ৰাটো আন কোনো নাছিল, তেওঁ আছিল কপিল শৰ্মা। টিনুৱে কপিলক মাতি ক’লে, ‘তোমাৰ বাবেই মই আৰু এটা শ্বট ল’ব লাগিব।’ ইয়াৰ পিছত যেতিয়া দ্বিতীয়বাৰৰ বাবে শ্বটটো লোৱা হ’ল, তেতিয়া কপিল শৰ্মাই আকৌ বিপৰীত দিশত দৌৰিবলৈ ধৰিলে। পুনৰ শ্বটটোত গণ্ডগোল লগাই দিলে কপিলে।

দ্বিতীয় বাৰতো কপিলে একে ভুল কৰাত টিনু বাৰ্মাৰ বহুত খং উঠিল। তেওঁ ক’লে, ‘‘মই কেমেৰাটো তাতে এৰি কপিলৰ ফালে দৌৰি গলো আৰু কপিলক ধৰি জোৰেৰে এক চৰ মাৰিলো। চৰ মাৰি মই চিঞৰি চিঞৰি কৈছিলো যে ইয়াক উলিয়াই দিয়ক।’’ উল্লেখ্য যে কপিল শৰ্মাৰ অনুষ্ঠানত যেতিয়া ছানী দেউল আহিছিল, তেতিয়া কপিলে এই কথাও কৈছিল যদিও সকলোখিনি খুলি কোৱা নাছিল। শেহতীয়াকৈ টিনু বাৰ্মাইহে সমগ্ৰ ঘটনাটো সদৰী কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু