--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিখ্যাত তথা জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাই(Kapil Sharma) পূৰ্বে প্ৰকাশ কৰিছিল যে তেওঁ ছানী দেওলৰ ছুপাৰহিট ছবি ‘গদাৰ: এক প্ৰেম কথা’ত এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল যদিও সেই দৃশ্য ফাইনেল কাটত বাদ দিয়া হৈছিল। এতিয়া পোহৰলৈ আহিছে যে কিয় কপিলৰ সেই দৃশ্যটো কাটিছিল। শেহতীয়াকৈ মুকেশ খান্নাৰ সৈতে হোৱা এক কথা-বতৰাত চলচ্চিত্ৰখনৰ একচন পৰিচালক টিনু বাৰ্মাই (Tinu Verma) কয় যে তেওঁ কপিল শৰ্মাৰ ওপৰত অতিশয় ক্ষুব্ধ হৈছিল আৰু কপিল শৰ্মাক চেটৰ পৰা বাহিৰ কৰি দিছিল।

টিনু বাৰ্মাই জনোৱা মতে, গদাৰ ছবিখনৰ ক্লাইমেক্স দৃশ্যটো এখন ৰে’লত শ্বুট কৰা হৈছিল। য’ত বহি তৰা আৰু সাকিনাই পাকিস্তানৰ সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰে। এই দৃশ্যৰ শ্বুটিঙৰ সময়ত ৰে’লখনৰ ফালে দৌৰিবলগীয়া হৈছিল এক বিশাল জনসমাগম। তেওঁ একচন বুলি কোৱাৰ লগে লগে গোটেই ভিৰটো ৰেলখনৰ ফালে দৌৰিবলৈ ধৰিলে যদিও তাত এজন ল’ৰা আছিল যিয়ে বিপৰীত দিশত দৌৰিবলৈ ধৰিলে। 

এই ল’ৰাটো আন কোনো নাছিল, তেওঁ আছিল কপিল শৰ্মা। টিনুৱে কপিলক মাতি ক’লে, ‘তোমাৰ বাবেই মই আৰু এটা শ্বট ল’ব লাগিব।’ ইয়াৰ পিছত যেতিয়া দ্বিতীয়বাৰৰ বাবে শ্বটটো লোৱা হ’ল, তেতিয়া কপিল শৰ্মাই আকৌ বিপৰীত দিশত দৌৰিবলৈ ধৰিলে। পুনৰ শ্বটটোত গণ্ডগোল লগাই দিলে কপিলে।

দ্বিতীয় বাৰতো কপিলে একে ভুল কৰাত টিনু বাৰ্মাৰ বহুত খং উঠিল। তেওঁ ক’লে, ‘‘মই কেমেৰাটো তাতে এৰি কপিলৰ ফালে দৌৰি গলো আৰু কপিলক ধৰি জোৰেৰে এক চৰ মাৰিলো। চৰ মাৰি মই চিঞৰি চিঞৰি কৈছিলো যে ইয়াক উলিয়াই দিয়ক।’’ উল্লেখ্য যে কপিল শৰ্মাৰ অনুষ্ঠানত যেতিয়া ছানী দেউল আহিছিল, তেতিয়া কপিলে এই কথাও কৈছিল যদিও সকলোখিনি খুলি কোৱা নাছিল। শেহতীয়াকৈ টিনু বাৰ্মাইহে সমগ্ৰ ঘটনাটো সদৰী কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ