--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম শক্তি দম্পতি হৈছে বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰ। বং সৌন্দৰ্য বিপাশা আৰু কৰণ সিঙে প্ৰথমবাৰৰ বাবে ২০১৫ চনত মুক্তি হোৱা এল ’ন  চলচ্চিত্ৰৰ ছেটত লগ পাইছিল। কৰণ আৰু বিপাশা২০১৬ চনৰ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল। 

যদিও বিপাশা কৰণ সিং গ্ৰোভাৰৰ তৃতীয় পত্নী। তেওঁলোকৰ বিবাহৰ পিছৰে পৰা, বিভিন্ন সময়ত বিপাশা বসু গৰ্ভৱতী হোৱাৰ খবৰ পোৱা গৈছে। কিন্তু প্ৰতিবাৰেই এই অনুমানক খাৰিজ কৰে দম্পতীয়ে। কিন্তু এইবাৰ বিপাশা মাতৃ হ'বলৈ গৈ আছে। বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰে সোনকালেই তেওঁলোকৰ প্ৰথম সন্তানৰ আগমনৰ কথা ঘোষণা কৰিব।

প্ৰতিবেদন অনুসৰি, বিপাশাই শীঘ্ৰেই তেওঁৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰিব কিন্তু এই সন্দৰ্ভত তাৰকা দম্পতীয়ে এতিয়ালৈকে একো ঘোষণা কৰা নাই।

আগতেও বহুবাৰ বিপাশা গৰ্ভৱতী বুলি শুনা গৈছিল। সেই সময়ত, বিপাশাক ঢিলা পোছাক পিন্ধা দেখা গৈছিল। কিন্তু নেটিজেনে মন্তব্য দিবলৈ আৰম্ভ কৰিছে যে, কৰণ আৰু বিপাশা বসুৱে এইবাৰ সঁচাকৈয়ে তেওঁলোকৰ প্ৰথম সন্তান জন্ম দিব উলাইছে বুলি। বিপাশাই শেহতীয়াকৈ বেবী বাম্প লুকুৱাবলৈ এনে ধৰণৰ পোছাক পিন্ধা দেখা গৈছিল, তেতিয়াই নেটিজেনৰ এই সন্দেহ অধিক ঘনিভূত হৈছিল। 

আনকি তেওঁ আপলড কৰা মন্তব্য   শাখাতো, বিপাশা মাতৃ হ'ব নে নহয় তাক লৈ যেন নেটিজেনৰ উচাহৰ অন্ত নাই। একাংশ নেটিজেনৰ মতে, বিপাশা বসুৱে ঢিলা পোছাক পিন্ধাৰ কাৰণ হৈছে মুম্বাইৰ গৰম, আনহাতে কিছুমানে যুক্তি দিয়ে যে এইটো বেবী বাম্প লুকুৱাবলৈ বিপাশাই এই পোছাক পিন্ধিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ