--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম শক্তি দম্পতি হৈছে বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰ। বং সৌন্দৰ্য বিপাশা আৰু কৰণ সিঙে প্ৰথমবাৰৰ বাবে ২০১৫ চনত মুক্তি হোৱা এল ’ন  চলচ্চিত্ৰৰ ছেটত লগ পাইছিল। কৰণ আৰু বিপাশা২০১৬ চনৰ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল। 

যদিও বিপাশা কৰণ সিং গ্ৰোভাৰৰ তৃতীয় পত্নী। তেওঁলোকৰ বিবাহৰ পিছৰে পৰা, বিভিন্ন সময়ত বিপাশা বসু গৰ্ভৱতী হোৱাৰ খবৰ পোৱা গৈছে। কিন্তু প্ৰতিবাৰেই এই অনুমানক খাৰিজ কৰে দম্পতীয়ে। কিন্তু এইবাৰ বিপাশা মাতৃ হ'বলৈ গৈ আছে। বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰে সোনকালেই তেওঁলোকৰ প্ৰথম সন্তানৰ আগমনৰ কথা ঘোষণা কৰিব।

প্ৰতিবেদন অনুসৰি, বিপাশাই শীঘ্ৰেই তেওঁৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰিব কিন্তু এই সন্দৰ্ভত তাৰকা দম্পতীয়ে এতিয়ালৈকে একো ঘোষণা কৰা নাই।

আগতেও বহুবাৰ বিপাশা গৰ্ভৱতী বুলি শুনা গৈছিল। সেই সময়ত, বিপাশাক ঢিলা পোছাক পিন্ধা দেখা গৈছিল। কিন্তু নেটিজেনে মন্তব্য দিবলৈ আৰম্ভ কৰিছে যে, কৰণ আৰু বিপাশা বসুৱে এইবাৰ সঁচাকৈয়ে তেওঁলোকৰ প্ৰথম সন্তান জন্ম দিব উলাইছে বুলি। বিপাশাই শেহতীয়াকৈ বেবী বাম্প লুকুৱাবলৈ এনে ধৰণৰ পোছাক পিন্ধা দেখা গৈছিল, তেতিয়াই নেটিজেনৰ এই সন্দেহ অধিক ঘনিভূত হৈছিল। 

আনকি তেওঁ আপলড কৰা মন্তব্য   শাখাতো, বিপাশা মাতৃ হ'ব নে নহয় তাক লৈ যেন নেটিজেনৰ উচাহৰ অন্ত নাই। একাংশ নেটিজেনৰ মতে, বিপাশা বসুৱে ঢিলা পোছাক পিন্ধাৰ কাৰণ হৈছে মুম্বাইৰ গৰম, আনহাতে কিছুমানে যুক্তি দিয়ে যে এইটো বেবী বাম্প লুকুৱাবলৈ বিপাশাই এই পোছাক পিন্ধিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু