--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেতা ৰণবীৰ সিঙৰ নগ্ন ফটোক লৈ দেশ তোলপাৰ লাগি আছে। সেই ফটোত একাংশ বেয়াকৈ মন্তব্য কৰিছে। আনহাতে কোনোৱে কৰিছে প্ৰশংসা। কোনোৱে কৰিছে ট্ৰ’ল। অভিনেতাগৰাকীৰ বিৰুদ্ধে বহু ৰাজ্যত এজাহাৰো ৰুজু হৈছে। আনহাতে ৰণবীৰৰ অনুৰাগী আৰু একাংশ চেলিব্ৰিটিয়ে এই ফটোশ্বুটক লৈ অভিনেতাজনক সমৰ্থন আগবঢ়াইছে।

ৰণবীৰৰ নগ্ন ফটোক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত আলিয়া ভাট, অৰ্জুন কাপুৰ, স্বাৰা ভাস্কৰ, মিলিন্দ সোমনকে ধৰি বহু চেলিব্ৰিটিয়ে অভিনেতাজনক সমৰ্থন কৰিছে। এইবাৰ ৰণবীৰ সিঙৰ সমৰ্থনত ওলাই আহিল এগৰাকী কৰিঅ’গ্ৰাফাৰ। নগ্ন হৈ ৰণবীৰক মুকলিকৈ সমৰ্থন আগবঢ়ালে কৰিঅ’গ্ৰাফাৰগৰাকীয়ে। সেই কৰিঅ’গ্ৰাফাৰগৰাকী হৈছে আদিল খান। ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতা 'ডান্স দীৱানে'ত কাম কৰি জনপ্ৰিয় হোৱা কৰিঅ’গ্ৰাফাৰ আদিলে সাগৰৰ পাৰত নগ্ন হৈ উঠিলে ফটো। এই ফটো আদিল খানে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট যোগে শ্বেয়াৰ কৰে। ফটো শ্বেয়াৰ কৰাৰ লগে লগেই ই ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত।
 
একাংশই লগে লগে ৰণবীৰৰ দৰে কৰিঅ’গ্ৰাফাৰগৰাকীকো ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰে। আনহাতে একাংশই আকৌ আদিলৰ এই সাহসক প্ৰশংসাও কৰিছে। কোনোৱে কৈছে, উৰ্ফীৰ পৰা অনুপ্ৰেৰণা পাই ৰণবীৰ নগ্ন হ’ল, এইবাৰ ৰণবীৰৰ পৰা অনুপ্ৰেৰণা পাই আদিল নগ্ন হ’ল। পাছে ট্ৰ’লক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আদিলে। আদিলে ফটো শ্বেয়াৰ কৰি লিখিলে-''যিয়ে নিজৰ ছালক লৈ কম্ফ’র্টেবল সেই সকলে নিজৰ ইচ্ছা মতে যি কোনো কৰাৰ বাবে স্বাধীনতা আছে।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু