--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেতা ৰণবীৰ সিঙৰ নগ্ন ফটোক লৈ দেশ তোলপাৰ লাগি আছে। সেই ফটোত একাংশ বেয়াকৈ মন্তব্য কৰিছে। আনহাতে কোনোৱে কৰিছে প্ৰশংসা। কোনোৱে কৰিছে ট্ৰ’ল। অভিনেতাগৰাকীৰ বিৰুদ্ধে বহু ৰাজ্যত এজাহাৰো ৰুজু হৈছে। আনহাতে ৰণবীৰৰ অনুৰাগী আৰু একাংশ চেলিব্ৰিটিয়ে এই ফটোশ্বুটক লৈ অভিনেতাজনক সমৰ্থন আগবঢ়াইছে।

ৰণবীৰৰ নগ্ন ফটোক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত আলিয়া ভাট, অৰ্জুন কাপুৰ, স্বাৰা ভাস্কৰ, মিলিন্দ সোমনকে ধৰি বহু চেলিব্ৰিটিয়ে অভিনেতাজনক সমৰ্থন কৰিছে। এইবাৰ ৰণবীৰ সিঙৰ সমৰ্থনত ওলাই আহিল এগৰাকী কৰিঅ’গ্ৰাফাৰ। নগ্ন হৈ ৰণবীৰক মুকলিকৈ সমৰ্থন আগবঢ়ালে কৰিঅ’গ্ৰাফাৰগৰাকীয়ে। সেই কৰিঅ’গ্ৰাফাৰগৰাকী হৈছে আদিল খান। ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতা 'ডান্স দীৱানে'ত কাম কৰি জনপ্ৰিয় হোৱা কৰিঅ’গ্ৰাফাৰ আদিলে সাগৰৰ পাৰত নগ্ন হৈ উঠিলে ফটো। এই ফটো আদিল খানে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট যোগে শ্বেয়াৰ কৰে। ফটো শ্বেয়াৰ কৰাৰ লগে লগেই ই ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত।
 
একাংশই লগে লগে ৰণবীৰৰ দৰে কৰিঅ’গ্ৰাফাৰগৰাকীকো ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰে। আনহাতে একাংশই আকৌ আদিলৰ এই সাহসক প্ৰশংসাও কৰিছে। কোনোৱে কৈছে, উৰ্ফীৰ পৰা অনুপ্ৰেৰণা পাই ৰণবীৰ নগ্ন হ’ল, এইবাৰ ৰণবীৰৰ পৰা অনুপ্ৰেৰণা পাই আদিল নগ্ন হ’ল। পাছে ট্ৰ’লক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আদিলে। আদিলে ফটো শ্বেয়াৰ কৰি লিখিলে-''যিয়ে নিজৰ ছালক লৈ কম্ফ’র্টেবল সেই সকলে নিজৰ ইচ্ছা মতে যি কোনো কৰাৰ বাবে স্বাধীনতা আছে।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ