--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৯ বছৰ বয়সত মুকলি আকাশৰ তলত বিচৰণ কৰিলে এটা চিম্পাঞ্জীয়ে। নাম তাৰ ভেনিলা। ইমান দিনে পিঞ্জৰাত কটোৱা ভেনিলাই মুক্ত পৃথিৱীখন দেখাই নাছিল।

শেহতীয়াকৈ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা ভেনিলাই জন্মৰ পিছৰ প্ৰথম দুবছৰ নিউয়ৰ্কৰ কুখ্যাত লেবৰেটৰী ফৰ এক্সপেৰিমেণ্টেল মেডিচিন এণ্ড চাৰ্জাৰী ইন প্ৰাইমেটছত কটায়। ইয়াৰ পিছত যেতিয়া লেবটো বন্ধ হৈ গ’ল, তেতিয়া কেলিফৰ্ণিয়ালৈ পঠিওৱা হ’ল। পাঁচ বৰ্গফুটতকৈও ডাঙৰ পিঞ্জৰা এটাত বন্দী কৰা হৈছিল তাক!

১৯৯৭ চনৰ পৰা ২০১৯ চনলৈকে তাতেই থাকিল ভেনিলা। কিন্তু কেলিফৰ্ণিয়াৰ সেই চিৰিয়াখানাখনো ২০১৯ চনত বন্ধ হৈ পৰিছিল। সেয়ে ছেভ দ্য চিম্প নামৰ এটা সংস্থাই এইবাৰ তাক অন্য চিৰিয়াখানালৈ প্ৰেৰণ কৰে। ফ্ল’ৰিডাৰ ফ’ৰ্ট পিয়ৰ্চ নামৰ এটা দ্বীপত ভেনিলাক ৰখা হৈছে।

ভেনিলা এতিয়া তাত নতুন বন্ধুৰ সৈতে এটা দ্বীপত ভালদৰেই আছে। বিশেষকৈ ডুৱাইট নামৰ তেওঁৰ পুৰুষ বন্ধুৰ সৈতে তাৰ নিবিড় সম্পৰ্ক! চিম্পাঞ্জীটোৰ ভিডিঅ’ প্ৰকাশ কৰা ছেভ দ্য চিম্পৰ অন্যতম চিকিৎসক এণ্ড্ৰু হাল’ৰানে কয় যে, “ভেনিলাই এতিয়া এখন নতুন পৃথিৱীৰ সোৱাদ লৈছে।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান