--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৯ বছৰ বয়সত মুকলি আকাশৰ তলত বিচৰণ কৰিলে এটা চিম্পাঞ্জীয়ে। নাম তাৰ ভেনিলা। ইমান দিনে পিঞ্জৰাত কটোৱা ভেনিলাই মুক্ত পৃথিৱীখন দেখাই নাছিল।

শেহতীয়াকৈ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা ভেনিলাই জন্মৰ পিছৰ প্ৰথম দুবছৰ নিউয়ৰ্কৰ কুখ্যাত লেবৰেটৰী ফৰ এক্সপেৰিমেণ্টেল মেডিচিন এণ্ড চাৰ্জাৰী ইন প্ৰাইমেটছত কটায়। ইয়াৰ পিছত যেতিয়া লেবটো বন্ধ হৈ গ’ল, তেতিয়া কেলিফৰ্ণিয়ালৈ পঠিওৱা হ’ল। পাঁচ বৰ্গফুটতকৈও ডাঙৰ পিঞ্জৰা এটাত বন্দী কৰা হৈছিল তাক!

১৯৯৭ চনৰ পৰা ২০১৯ চনলৈকে তাতেই থাকিল ভেনিলা। কিন্তু কেলিফৰ্ণিয়াৰ সেই চিৰিয়াখানাখনো ২০১৯ চনত বন্ধ হৈ পৰিছিল। সেয়ে ছেভ দ্য চিম্প নামৰ এটা সংস্থাই এইবাৰ তাক অন্য চিৰিয়াখানালৈ প্ৰেৰণ কৰে। ফ্ল’ৰিডাৰ ফ’ৰ্ট পিয়ৰ্চ নামৰ এটা দ্বীপত ভেনিলাক ৰখা হৈছে।

ভেনিলা এতিয়া তাত নতুন বন্ধুৰ সৈতে এটা দ্বীপত ভালদৰেই আছে। বিশেষকৈ ডুৱাইট নামৰ তেওঁৰ পুৰুষ বন্ধুৰ সৈতে তাৰ নিবিড় সম্পৰ্ক! চিম্পাঞ্জীটোৰ ভিডিঅ’ প্ৰকাশ কৰা ছেভ দ্য চিম্পৰ অন্যতম চিকিৎসক এণ্ড্ৰু হাল’ৰানে কয় যে, “ভেনিলাই এতিয়া এখন নতুন পৃথিৱীৰ সোৱাদ লৈছে।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস