--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীক পুনৰ চানিছে ভয়ংকৰ বায়ু প্ৰদূষণে।  এই বছৰ দিল্লীৰ বায়ুত সৰ্বাধিক হাৰত প্ৰদূষক পদাৰ্থৰ উপস্থিতি নিশ্চিত কৰা হৈছে। শুক্ৰবাৰে পুৱা দিল্লীৰ বায়ুৰ গুণসূচকে ৪৬০ স্পৰ্শ কৰিছিল। ৰাজধানী চহৰ খনত  বিষাক্ত বায়ুৰ ফলত হ’ব পৰা ক্ষতি হ্ৰাস  কৰিবলৈ প্ৰাথমিক বিদ্যালয়সমূহ  বন্ধ কৰি দিয়া হৈছে। 

প্ৰশাসনে চহৰ খনত বৰ্তমানৰ বাবে নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰো নিৰ্দেশ দিছে। দিল্লীত ২০ খনতকৈও অধিক মেট্ৰ’ চলোৱা হৈছে যাতে মানুহে গাড়ীৰ ব্যৱহাৰ বন্ধ কৰি মেট্ৰ'ত ভ্ৰমণ কৰিব পাৰে। ইপিনে  ভাৰতীয় জনতা পাৰ্টীয়ে  অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দিল্লীক "গেছ চেম্বাৰ"লৈ পৰিণত কৰাৰ অভিযোগ উত্থাপন কৰে।

 দিল্লীৰ প্ৰদূষণৰ স্তৰ সাধাৰণতে দেৱালীৰ সময়ত বৃদ্ধি পায়। চুবুৰীয়া ৰাজ্য পঞ্জাৱ আৰু হাৰিয়ানাৰ পথাৰত নৰা জ্বলোৱাৰ ফলতো দিল্লীত প্ৰদূষণ বৃদ্ধি পায়। শুক্ৰবাৰে পুৱা দিল্লীৰ প্ৰদূষণৰ  পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। গোটেই চহৰখন ঘন কুঁৱলীৱে  আৱৰি ধৰিছে। পুৱা ৮ বজালৈ চহৰ খনত  বায়ু প্ৰদূষণৰ সূচক ৪৬৪ লৈ বৃদ্ধি পাইছিল। বায়ু গুণমান সূচক অনুসৰি, ৪০১ ৰ পৰা ৫০০ লৈকে থকা স্তৰ  উদ্বেগজনক। শুকুৰবাৰে চফদৰজং অঞ্চলত দৃশ্যমানতা ৬০০ মিটাৰলৈ হ্ৰাস পায় । বতৰ বিজ্ঞান  বিভাগে গোটেই দিনটোত প্ৰদূষণৰ  পৰিস্থিতি উন্নত হোৱাৰ কোনো আশা কৰা নাই। 

প্ৰদূষণৰ পৰিপ্ৰেক্ষিততে  দিল্লীৰ সকলো প্ৰাথমিক বিদ্যালয় শুক্ৰবাৰৰ পৰা দেওবাৰলৈ বন্ধ ঘোষণা কৰা  দিল্লীৰ সাধাৰণ মানুহেও বিষাক্ত বায়ুৰ বাবে সমস্যাৰ সন্মুখীন হৈছে। বহুতৰে  চকু জ্বলা-পোৰা কৰা আৰু ডিঙিৰ ভিতৰত  খজুৱতি হোৱাৰ দৰে উপসৰ্গই দেখা দিছে। বিজেপিয়ে দিল্লী চৰকাৰক প্ৰদূষণ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বাবে  দোষাৰোপ কৰিছে। দলৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই কয়  যে কেজৰিৱালৰ চৰকাৰে প্ৰদূষণ বিয়পাই দিল্লীক গেছ চেম্বাৰ কৰি তুলিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ