--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীক পুনৰ চানিছে ভয়ংকৰ বায়ু প্ৰদূষণে।  এই বছৰ দিল্লীৰ বায়ুত সৰ্বাধিক হাৰত প্ৰদূষক পদাৰ্থৰ উপস্থিতি নিশ্চিত কৰা হৈছে। শুক্ৰবাৰে পুৱা দিল্লীৰ বায়ুৰ গুণসূচকে ৪৬০ স্পৰ্শ কৰিছিল। ৰাজধানী চহৰ খনত  বিষাক্ত বায়ুৰ ফলত হ’ব পৰা ক্ষতি হ্ৰাস  কৰিবলৈ প্ৰাথমিক বিদ্যালয়সমূহ  বন্ধ কৰি দিয়া হৈছে। 

প্ৰশাসনে চহৰ খনত বৰ্তমানৰ বাবে নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰো নিৰ্দেশ দিছে। দিল্লীত ২০ খনতকৈও অধিক মেট্ৰ’ চলোৱা হৈছে যাতে মানুহে গাড়ীৰ ব্যৱহাৰ বন্ধ কৰি মেট্ৰ'ত ভ্ৰমণ কৰিব পাৰে। ইপিনে  ভাৰতীয় জনতা পাৰ্টীয়ে  অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দিল্লীক "গেছ চেম্বাৰ"লৈ পৰিণত কৰাৰ অভিযোগ উত্থাপন কৰে।

 দিল্লীৰ প্ৰদূষণৰ স্তৰ সাধাৰণতে দেৱালীৰ সময়ত বৃদ্ধি পায়। চুবুৰীয়া ৰাজ্য পঞ্জাৱ আৰু হাৰিয়ানাৰ পথাৰত নৰা জ্বলোৱাৰ ফলতো দিল্লীত প্ৰদূষণ বৃদ্ধি পায়। শুক্ৰবাৰে পুৱা দিল্লীৰ প্ৰদূষণৰ  পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। গোটেই চহৰখন ঘন কুঁৱলীৱে  আৱৰি ধৰিছে। পুৱা ৮ বজালৈ চহৰ খনত  বায়ু প্ৰদূষণৰ সূচক ৪৬৪ লৈ বৃদ্ধি পাইছিল। বায়ু গুণমান সূচক অনুসৰি, ৪০১ ৰ পৰা ৫০০ লৈকে থকা স্তৰ  উদ্বেগজনক। শুকুৰবাৰে চফদৰজং অঞ্চলত দৃশ্যমানতা ৬০০ মিটাৰলৈ হ্ৰাস পায় । বতৰ বিজ্ঞান  বিভাগে গোটেই দিনটোত প্ৰদূষণৰ  পৰিস্থিতি উন্নত হোৱাৰ কোনো আশা কৰা নাই। 

প্ৰদূষণৰ পৰিপ্ৰেক্ষিততে  দিল্লীৰ সকলো প্ৰাথমিক বিদ্যালয় শুক্ৰবাৰৰ পৰা দেওবাৰলৈ বন্ধ ঘোষণা কৰা  দিল্লীৰ সাধাৰণ মানুহেও বিষাক্ত বায়ুৰ বাবে সমস্যাৰ সন্মুখীন হৈছে। বহুতৰে  চকু জ্বলা-পোৰা কৰা আৰু ডিঙিৰ ভিতৰত  খজুৱতি হোৱাৰ দৰে উপসৰ্গই দেখা দিছে। বিজেপিয়ে দিল্লী চৰকাৰক প্ৰদূষণ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বাবে  দোষাৰোপ কৰিছে। দলৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই কয়  যে কেজৰিৱালৰ চৰকাৰে প্ৰদূষণ বিয়পাই দিল্লীক গেছ চেম্বাৰ কৰি তুলিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু