--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী-এনচিআৰ আকৌ এবাৰ যেন গেছ চেম্বাৰলৈ পৰিণত হৈছে। দিল্লীকে ধৰি সমগ্ৰ এনচিআৰত কোনো এলেকা বাকী নাই, য’ত AQI অৰ্থাৎ বায়ুৰ গুণাগুণ সূচাংকাই দুৰ্বল বা অতি দুৰ্বল স্তৰত উপনীত হোৱা নাই। 

দিল্লীৰ এলেকাৰ কথা ক’বলৈ গ’লে বহু ঠাইত AQI ৪০০ৰ ওপৰত আছে। দিল্লীত দীপাৱলীৰ পূৰ্বে ৰাইজৰ অৱস্থা কাহিল হোৱাটো নিশ্চিত বুলি বিবেচিত হৈছে। প্ৰদূষণৰ বাবে দিল্লীৰ অৱস্থা দুৰ্বিষহ। কিমান দিন এই বিষাক্ত বতাহ উশাহত ল’ব লাগিব সেয়া কোনেও নাজানে।

সচৰাচৰৰ দৰে দিল্লীৰ ৰাজপথত প্ৰচণ্ড যান-বাহন। অফিচ আৰু গুৰুত্বপূৰ্ণ কামৰ বাবে ঘৰ এৰি মানুহ ওলাইছে। কিন্তু তেওঁলোকে বিশুদ্ধ বতাহ পোৱা নাই। দিল্লীত বিগত কেইবাবছৰৰ পৰা এনে পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। কিন্তু দিল্লীৰ পৰিস্থিতিৰ কোনো উন্নতি হোৱা নাছিল। অৱশ্যে দিল্লীৰ বায়ুৰ গুণাগুণ উন্নত কৰাৰ বাবে পুনৰ চৰকাৰী প্ৰচেষ্টা আৰম্ভ হৈছে। দিল্লীত পুনৰবাৰ যান-বাহনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। দিল্লীৰ বায়ুৰ গুণাগুণে বিপদজনক স্তৰ অতিক্ৰম কৰাৰ বাবেই দিল্লীত পুনৰ আৰম্ভ হৈছে স্কুল বন্ধ।

কেৱল দিল্লীয়ে নহয় লক্ষ্ণৌ-পাটনাৰ বাসিন্দাও বিষাক্ত বতাহৰ বলি হৈছে। এই চহৰতো প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাই গৈ আছে। লক্ষ্ণৌৰ AQI ২১৫ আৰু পাটনাৰ AQI ২৪০। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ