--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী-এনচিআৰ আকৌ এবাৰ যেন গেছ চেম্বাৰলৈ পৰিণত হৈছে। দিল্লীকে ধৰি সমগ্ৰ এনচিআৰত কোনো এলেকা বাকী নাই, য’ত AQI অৰ্থাৎ বায়ুৰ গুণাগুণ সূচাংকাই দুৰ্বল বা অতি দুৰ্বল স্তৰত উপনীত হোৱা নাই। 

দিল্লীৰ এলেকাৰ কথা ক’বলৈ গ’লে বহু ঠাইত AQI ৪০০ৰ ওপৰত আছে। দিল্লীত দীপাৱলীৰ পূৰ্বে ৰাইজৰ অৱস্থা কাহিল হোৱাটো নিশ্চিত বুলি বিবেচিত হৈছে। প্ৰদূষণৰ বাবে দিল্লীৰ অৱস্থা দুৰ্বিষহ। কিমান দিন এই বিষাক্ত বতাহ উশাহত ল’ব লাগিব সেয়া কোনেও নাজানে।

সচৰাচৰৰ দৰে দিল্লীৰ ৰাজপথত প্ৰচণ্ড যান-বাহন। অফিচ আৰু গুৰুত্বপূৰ্ণ কামৰ বাবে ঘৰ এৰি মানুহ ওলাইছে। কিন্তু তেওঁলোকে বিশুদ্ধ বতাহ পোৱা নাই। দিল্লীত বিগত কেইবাবছৰৰ পৰা এনে পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। কিন্তু দিল্লীৰ পৰিস্থিতিৰ কোনো উন্নতি হোৱা নাছিল। অৱশ্যে দিল্লীৰ বায়ুৰ গুণাগুণ উন্নত কৰাৰ বাবে পুনৰ চৰকাৰী প্ৰচেষ্টা আৰম্ভ হৈছে। দিল্লীত পুনৰবাৰ যান-বাহনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। দিল্লীৰ বায়ুৰ গুণাগুণে বিপদজনক স্তৰ অতিক্ৰম কৰাৰ বাবেই দিল্লীত পুনৰ আৰম্ভ হৈছে স্কুল বন্ধ।

কেৱল দিল্লীয়ে নহয় লক্ষ্ণৌ-পাটনাৰ বাসিন্দাও বিষাক্ত বতাহৰ বলি হৈছে। এই চহৰতো প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাই গৈ আছে। লক্ষ্ণৌৰ AQI ২১৫ আৰু পাটনাৰ AQI ২৪০। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু