--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাপমোচনৰ বাবে বহুতে গংগাত ডুব দিয়ে ,  বাৰাণসী বা হৰিদ্বাৰলৈ যাত্ৰা কৰে। কিন্তু ক’তো তেনে লোকসকলে  পাপ মুক্তিৰ প্ৰমাণপত্ৰ লাভ নকৰে। সেয়ে তেনে বাসনাৰে যোৱা লোকসকল সঁচাকৈয়ে পাপমুক্ত হ’ল নে নাই সেয়া সন্দেহৰ বিষয় হৈয়েই থাকে। কিন্তু এতিয়া আৰু চিন্তা নাই। পাপমুক্ত হ’বলৈ বিচৰা যিকোনো লোকেই এটা বিশেষ মন্দিৰলৈ যাব পাৰে। সেই মন্দিৰতেই তেনে লোকক দিয় হয় একো খনকৈ পাপমুক্তিৰ প্ৰমাণপত্ৰ। 

 তাকো মাত্ৰ  মাত্ৰ ১২ টকাতে উপলব্ধ তেনে পাপমুক্তিৰ প্ৰমাণপত্ৰ। তেনে প্ৰমাণপত্ৰ লাভ কৰিবলৈ পাপমুক্ত হ’ব বিচৰাসকলে সেই মন্দিৰৰ পবিত্ৰ কুণ্ড বা পুখুৰীত ডুব দিব লাগিব। কিন্তু এনে মন্দিৰ ক'ত আছে?

পাপমুক্তিৰ প্ৰমাণপত্ৰ দিয়া মন্দিৰটো দক্ষিণ ৰাজস্থানৰ প্ৰতাপগড় জিলাত অৱস্থিত। গৌতমেশ্বৰ মহাদেৱ মন্দিৰ জয়পুৰৰ পৰা ৪৫০ কিলোমিটাৰ দূৰৈত অৱস্থিত। ইয়াক মৰুভূমি ৰাজ্য খনৰ  আটাইতকৈ জাগ্ৰত মন্দিৰ হিচাপে গণ্য কৰা হয়। মন্দিৰটোত  মাত্ৰ ১২ টকাত 'পাপ-মুক্তিৰ প্ৰমাণপত্ৰ' দিয়া হয় । মন্দিৰ কৰ্তৃপক্ষই দাবী কৰে যে যদি কোনোবাই  পবিত্ৰ মন্দাকিনী কুণ্ডত ডুব দিয়ে, পাপ দুই  পৰিষ্কাৰ হৈ পৰে।

 মন্দিৰ ন্যাসৰ দ্বাৰা জাৰী কৰা প্ৰমাণপত্ৰখন ৰাজস্থান চৰকাৰৰ 'দেৱস্থান বিভাগ'ৰ বুলি দাবী কৰা হৈছে। ফলস্বৰূপে পাপৰ মুক্তিৰ প্ৰমাণপত্ৰক লৈ বিতৰ্কৰো সৃষ্টি হৈছে।  জানিব পৰা গৈছে যে কৰ্তৃপক্ষৰ সিদ্ধান্ত অনুসৰি প্ৰতি বছৰে ২৫০-৩০০ জন লোকক এই প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। এজন ব্যক্তিৰ সৈতে সেই প্ৰমাণপত্ৰ থকাৰ অৰ্থ হৈছে যে তেওঁ আগতে যি বেয়া কাম  কৰিছিল, তেওঁ এতিয়া তেনে সকলো পাপৰ পৰা মুক্ত।

যদি কোনোবাই 'মন্দাকিনী কুণ্ড'ত ডুব দিয়ে, গাওঁখনৰ পঞ্চায়ত সদস্যসকলক এই বিষয়ে অৱগত কৰা হয়। ইয়াৰ পিছত পাপৰ পৰা  বিচ্ছিন্ন হোৱা ব্যক্তিজনক সমাজলৈ ঘূৰাই অনা হয়।  গৌতমেশ্বৰ মহাদেৱ মন্দিৰত এনে পৰম্পৰা কেনেকৈ আৰম্ভ হৈছিল?
গ্ৰাম পঞ্চায়তৰ সদস্য উদয় লাল মীনাই কয়, "মহৰ্ষি গৌতমৰ এটা কাহিনী আছে। কাহিনী অনুসৰি মহৰ্ষিয়ে এক ডাঙৰ পাপ কৰিছিল। ইয়াৰ পিছত, তেওঁ এই মন্দিৰৰ কাষৰ কুণ্ডত গা ধুই পাপৰ পৰা মুক্ত হৈছিল। পিছত গৌতমেশ্বৰ মন্দিৰ সেই ঠাইত নিৰ্মাণ কৰা হৈছিল। তেতিয়াৰে পৰা ভক্তসকলৰ মাজত কুণ্ডত গা ধোৱা আৰু পাপৰ পৰা মুক্ত হোৱাৰ প্ৰৱণতা তাব্ৰতৰ হৈ আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু