--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাপমোচনৰ বাবে বহুতে গংগাত ডুব দিয়ে ,  বাৰাণসী বা হৰিদ্বাৰলৈ যাত্ৰা কৰে। কিন্তু ক’তো তেনে লোকসকলে  পাপ মুক্তিৰ প্ৰমাণপত্ৰ লাভ নকৰে। সেয়ে তেনে বাসনাৰে যোৱা লোকসকল সঁচাকৈয়ে পাপমুক্ত হ’ল নে নাই সেয়া সন্দেহৰ বিষয় হৈয়েই থাকে। কিন্তু এতিয়া আৰু চিন্তা নাই। পাপমুক্ত হ’বলৈ বিচৰা যিকোনো লোকেই এটা বিশেষ মন্দিৰলৈ যাব পাৰে। সেই মন্দিৰতেই তেনে লোকক দিয় হয় একো খনকৈ পাপমুক্তিৰ প্ৰমাণপত্ৰ। 

 তাকো মাত্ৰ  মাত্ৰ ১২ টকাতে উপলব্ধ তেনে পাপমুক্তিৰ প্ৰমাণপত্ৰ। তেনে প্ৰমাণপত্ৰ লাভ কৰিবলৈ পাপমুক্ত হ’ব বিচৰাসকলে সেই মন্দিৰৰ পবিত্ৰ কুণ্ড বা পুখুৰীত ডুব দিব লাগিব। কিন্তু এনে মন্দিৰ ক'ত আছে?

পাপমুক্তিৰ প্ৰমাণপত্ৰ দিয়া মন্দিৰটো দক্ষিণ ৰাজস্থানৰ প্ৰতাপগড় জিলাত অৱস্থিত। গৌতমেশ্বৰ মহাদেৱ মন্দিৰ জয়পুৰৰ পৰা ৪৫০ কিলোমিটাৰ দূৰৈত অৱস্থিত। ইয়াক মৰুভূমি ৰাজ্য খনৰ  আটাইতকৈ জাগ্ৰত মন্দিৰ হিচাপে গণ্য কৰা হয়। মন্দিৰটোত  মাত্ৰ ১২ টকাত 'পাপ-মুক্তিৰ প্ৰমাণপত্ৰ' দিয়া হয় । মন্দিৰ কৰ্তৃপক্ষই দাবী কৰে যে যদি কোনোবাই  পবিত্ৰ মন্দাকিনী কুণ্ডত ডুব দিয়ে, পাপ দুই  পৰিষ্কাৰ হৈ পৰে।

 মন্দিৰ ন্যাসৰ দ্বাৰা জাৰী কৰা প্ৰমাণপত্ৰখন ৰাজস্থান চৰকাৰৰ 'দেৱস্থান বিভাগ'ৰ বুলি দাবী কৰা হৈছে। ফলস্বৰূপে পাপৰ মুক্তিৰ প্ৰমাণপত্ৰক লৈ বিতৰ্কৰো সৃষ্টি হৈছে।  জানিব পৰা গৈছে যে কৰ্তৃপক্ষৰ সিদ্ধান্ত অনুসৰি প্ৰতি বছৰে ২৫০-৩০০ জন লোকক এই প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। এজন ব্যক্তিৰ সৈতে সেই প্ৰমাণপত্ৰ থকাৰ অৰ্থ হৈছে যে তেওঁ আগতে যি বেয়া কাম  কৰিছিল, তেওঁ এতিয়া তেনে সকলো পাপৰ পৰা মুক্ত।

যদি কোনোবাই 'মন্দাকিনী কুণ্ড'ত ডুব দিয়ে, গাওঁখনৰ পঞ্চায়ত সদস্যসকলক এই বিষয়ে অৱগত কৰা হয়। ইয়াৰ পিছত পাপৰ পৰা  বিচ্ছিন্ন হোৱা ব্যক্তিজনক সমাজলৈ ঘূৰাই অনা হয়।  গৌতমেশ্বৰ মহাদেৱ মন্দিৰত এনে পৰম্পৰা কেনেকৈ আৰম্ভ হৈছিল?
গ্ৰাম পঞ্চায়তৰ সদস্য উদয় লাল মীনাই কয়, "মহৰ্ষি গৌতমৰ এটা কাহিনী আছে। কাহিনী অনুসৰি মহৰ্ষিয়ে এক ডাঙৰ পাপ কৰিছিল। ইয়াৰ পিছত, তেওঁ এই মন্দিৰৰ কাষৰ কুণ্ডত গা ধুই পাপৰ পৰা মুক্ত হৈছিল। পিছত গৌতমেশ্বৰ মন্দিৰ সেই ঠাইত নিৰ্মাণ কৰা হৈছিল। তেতিয়াৰে পৰা ভক্তসকলৰ মাজত কুণ্ডত গা ধোৱা আৰু পাপৰ পৰা মুক্ত হোৱাৰ প্ৰৱণতা তাব্ৰতৰ হৈ আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ