--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  হাৰিয়ানাৰ নুহত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । এখন যাত্ৰীবাহী বাছত জুই লগাৰ ফলত  কমেও নজন লোকৰ মৃত্যু ঘটিছে। এই ঘটনাত আহত হৈছে ২৪গৰাকী যাত্ৰী । প্ৰশাসনে আশংকা কৰিছে যে হতাহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। বাছখনত কেনেকৈ জুই লাগিল  সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। বাছ খনত জুই লগাৰ সময়ত কমেও  ৬০ গৰাকী লোক বাছ খনৰ ভিতৰত আছিল। 

তেওঁলোকৰ বেছিভাগেই তীৰ্থযাত্ৰী বুলি জানিব পৰা গৈছে। মৃতসকলৰ ভিতৰত ছগৰাকী মহিলাও আছিল। ঘটনাটোৰ  ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ'ত  বাছখন এখন ফ্লাইঅভাৰত জ্বলি থকা দেখা গৈছে।   বাছখনত থকা এগৰাকী  মহিলাই সংবাদ মাধ্যমক কয় যে বাছখনৰ পিছফালে এখন বাইক আহি আছিল। বাইক আৰোহীজনেই প্ৰথমে জুই লক্ষ্য কৰিছিল। তেওঁ লগে লগে বাছ খন   অতিক্ৰম কৰিছিল আৰু চালকজনক এই বিষয়ে  অৱগত কৰিছিল। মহিলাগৰাকীয়ে কয় "মই বাছখনৰ সন্মুখৰ চিটত বহি আছিলো। যেতিয়া মই জুইৰ বিষয়ে শুনিছিলো, মই বাছৰ খিৰিকীৰে জঁপিয়াই দিছিলো। কেনেবাকৈ মই মোৰ জীৱন ৰক্ষা কৰিলোঁ।’’ 

পঞ্জাৱৰ বাসিন্দা মহিলাগৰাকীয়ে লগতে কয় যে বাছখনত তেওঁৰ কেইবাজনো আত্মীয় আছিল। তেওঁলোক সকলোৱে সাত-আঠ দিনৰ তীৰ্থযাত্ৰাৰ পিছত ঘৰলৈ উভতি আহিছিল। কিন্তু উভতি অহাৰ পথতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। 

এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, "বাছখন জ্বলি থকা দেখি স্থানীয় লোকসকল ঘটনাস্থলীলৈ দৌৰি গৈছিল। মানুহে  জুই নুমুৱাবলৈ চেষ্টা কৰিছিল। কিন্তু কোনো লাভ নহ'ল।  অগ্নি নিৰ্বাপক বাহিনীৰ চাৰিখন  গাড়ী ঘটনাস্থলীক উপস্থিত হয়  যদিও তেতিয়ালৈকে বাছখনৰ একো বাকী নাছিল।’’
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement