--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  হাৰিয়ানাৰ নুহত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । এখন যাত্ৰীবাহী বাছত জুই লগাৰ ফলত  কমেও নজন লোকৰ মৃত্যু ঘটিছে। এই ঘটনাত আহত হৈছে ২৪গৰাকী যাত্ৰী । প্ৰশাসনে আশংকা কৰিছে যে হতাহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। বাছখনত কেনেকৈ জুই লাগিল  সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। বাছ খনত জুই লগাৰ সময়ত কমেও  ৬০ গৰাকী লোক বাছ খনৰ ভিতৰত আছিল। 

তেওঁলোকৰ বেছিভাগেই তীৰ্থযাত্ৰী বুলি জানিব পৰা গৈছে। মৃতসকলৰ ভিতৰত ছগৰাকী মহিলাও আছিল। ঘটনাটোৰ  ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ'ত  বাছখন এখন ফ্লাইঅভাৰত জ্বলি থকা দেখা গৈছে।   বাছখনত থকা এগৰাকী  মহিলাই সংবাদ মাধ্যমক কয় যে বাছখনৰ পিছফালে এখন বাইক আহি আছিল। বাইক আৰোহীজনেই প্ৰথমে জুই লক্ষ্য কৰিছিল। তেওঁ লগে লগে বাছ খন   অতিক্ৰম কৰিছিল আৰু চালকজনক এই বিষয়ে  অৱগত কৰিছিল। মহিলাগৰাকীয়ে কয় "মই বাছখনৰ সন্মুখৰ চিটত বহি আছিলো। যেতিয়া মই জুইৰ বিষয়ে শুনিছিলো, মই বাছৰ খিৰিকীৰে জঁপিয়াই দিছিলো। কেনেবাকৈ মই মোৰ জীৱন ৰক্ষা কৰিলোঁ।’’ 

পঞ্জাৱৰ বাসিন্দা মহিলাগৰাকীয়ে লগতে কয় যে বাছখনত তেওঁৰ কেইবাজনো আত্মীয় আছিল। তেওঁলোক সকলোৱে সাত-আঠ দিনৰ তীৰ্থযাত্ৰাৰ পিছত ঘৰলৈ উভতি আহিছিল। কিন্তু উভতি অহাৰ পথতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। 

এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, "বাছখন জ্বলি থকা দেখি স্থানীয় লোকসকল ঘটনাস্থলীলৈ দৌৰি গৈছিল। মানুহে  জুই নুমুৱাবলৈ চেষ্টা কৰিছিল। কিন্তু কোনো লাভ নহ'ল।  অগ্নি নিৰ্বাপক বাহিনীৰ চাৰিখন  গাড়ী ঘটনাস্থলীক উপস্থিত হয়  যদিও তেতিয়ালৈকে বাছখনৰ একো বাকী নাছিল।’’
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু