--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মকাল অহাৰ লগে লগে ডেংগুৰ ৰোগৰ আশংকা বাঢ়ে। ডেংগু ভাইৰাছত আক্ৰান্ত ইডিছ মহৰ কামোৰৰ ফলত ডেংগু জ্বৰ বিয়পি পৰে। এক পৰিসংখ্যা অনুসৰি সমগ্ৰ বিশ্বতে প্ৰতি বছৰে প্ৰায় ৪০ কোটি লোক ডেংগু জ্বৰত আক্ৰান্ত হয়। সাধাৰণতে ডেংগুৰ লক্ষণসমূহ দেখা দিবলৈ আৰম্ভ কৰে সংক্ৰমণৰ চাৰিৰ পৰা ছয়দিনৰ পাছতহে আৰম্ভ হৈ এই জ্বৰ ১০দিনপৰ্যন্ত থাকে। এই ৰোগৰ ফলত শৰীৰত প্লেটলেটৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰে ফলত গুৰুতৰ অৱস্থাত ব্যক্তিজনৰ মৃত্যু হয়। এই বিষয়ে বিতংভাৱে জানো আহক।

১. কোন সময়ত ডেংগু মহ অধিক সক্ৰিয় হৈ থাকে-

ডেংগু বিয়পোৱা মহে দুপৰীয়া বেছিকৈ কামোৰে। বিশেষকৈ সূৰ্য্য উদয়ৰ ২ ঘণ্টাৰ পাছত আৰু সূৰ্যাস্তৰ ১ ঘণ্টা আগতে। এই সময়ত মহক অধিক বিপজ্জনক বুলি গণ্য কৰা হয়। দিনটোৰ এই তিনি ঘণ্টাত যদি এই মহৰ পৰা নিজকে বচাই ৰাখে, তেন্তে ডেংগুৰ পৰা নিজকে অধিক সুৰক্ষিত কৰি ৰাখিব পাৰিব। কিন্তু নিশাৰ সময়তো ডেংগু মহে সক্ৰিয় হৈ থাকে আৰু কামোৰিব পাৰে। বিশেষকৈ যিবোৰ ঠাইত ভাল পোহৰ থাকে।ডেংগু মহৰ কামোৰাৰ আশংকা অফিচ, মল, অডিটৰিয়াম, ষ্টেডিয়ামৰ ভিতৰত বেছি হয়। কাৰণ ইয়াত সকলো সময়তে কৃত্ৰিম পোহৰ ব্যৱহাৰ কৰা হয় আৰু পোহৰ অতি উজ্জ্বল হয়।

২. কেনেকৈ ৰক্ষা কৰিব লাগে?

ডেংগু মহৰ পৰা ৰক্ষা পাবলৈ সম্পূৰ্ণ হাতৰ কাপোৰ আৰু ভৰিত জোতা পিন্ধিব লাগে। কোনো দিশৰ পৰা শৰীৰটো খোলাকৈ নাৰাখিব এই মহটোৱে বৰ ওপৰলৈ উৰিব নোৱাৰে। এই কাৰণে ই কেৱল ভৰিৰ পৰা আঁঠুলৈকে কামোৰে, গতিকে ভৰি দুখন সদায় ঢাকি ৰাখক।ঘৰৰ চাৰিওফালে বা ভিতৰত পানী জমা হ’বলৈ নিদিব। কুলাৰ, পাত্ৰ, টায়াৰত ফ্ৰ’জেন পানীখিনি নিষ্কাশন কৰক। মহৰ পৰা হাত সাৰিবলৈ আটাইতকৈ উত্তম উপায় হ’ল নিশা শুই থকাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰা।

৩. ডেংগু জ্বৰত এই লক্ষণ দেখা পোৱা যায়-

উচ্চ জ্বৰ, মূৰৰ বিষ আৰু পেটৰ বিষৰ পৰা ডেংগুৰ আৰম্ভণি হয়। প্ৰথম তিনি-চাৰি ঘণ্টাত গাঁঠিৰ বিষ হয়। হঠাৎ শৰীৰৰ উষ্ণতা ১০৪ ডিগ্ৰী হয় আৰু ৰক্তচাপও স্বাভাৱিকতকৈ বহু কম হৈ পৰে।চকু ৰঙা হৈ ছালৰ ৰং গোলাপী হৈ পৰে। ডিঙিৰ ওচৰৰ লিম্ফ ন’ডবোৰ ফুলি উঠে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ