--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই শোৱনি কোঠাৰ ভিতৰত টেলিভিছন ৰখাটো এটা সাধাৰণ কথাত পৰিণত হৈছে। বিছনাত শুই শুই বহুতে টেলিভিছনৰ অনুষ্ঠান উপভোগ কৰে। এনেদৰে আৰামেৰে টেলিভিছনৰ অনুষ্ঠান উপভোগ কৰাটো পিছে মুঠেও শুভ ফলদায়ক নহয়। শোৱনি কোঠাৰ ভিতৰত বিচনাৰ কাষতে টেলিভিছন ছেট কেতিয়াও ৰাখিব নালাগে। কিয়নো টেলিভিছনৰ পৰা এক ৰশ্মি নির্গত হয়। যি ৰশ্মিয়ে মানুহৰ যথেষ্ট ক্ষতিসাধন কৰে। 

শোৱাৰ সময়ত মানুহৰ শৰীৰত তেনে ৰশ্মিয়ে আৰু অধিক দ্রুততাৰে ক্ৰিয়া কৰিব পাৰে। ইয়াৰ ফলত মানুহ ৰুগীয়া হৈ পৰিব পাৰে। তদুপৰি শোৱনি কোঠাত টেলিভিছন ৰাখিলে বহু নিশালৈকে টেলিভিছনৰ অনুষ্ঠান উপভোগ কৰাৰ অভ্যাস গঢ় ল'ব পাৰে। ইয়াৰ ফলত টোপনি ক্ষতি হ'ব আৰু স্বাস্থ্য হানি হ'ব পাৰে। ফেংছুইৰ মতে সেয়ে ঘৰৰ ভিতৰত কেতিয়াও টেলিভিছন ছেট ৰাখিব নালাগে । বহুতেই ঘৰত ধাতুৰে প্ৰস্তুত কৰা সজোৱা সামগ্রী সজাই ভাল পায়। 

ধাতুৰে প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ মূৰ্তি, ফুল, জীৱ-জন্তুৰ প্ৰতিকৃতি আদি বহুতে ঘৰত সজাই ৰাখে। কিন্তু ধাতুৰে প্ৰস্তুত কৰা এনেধৰণ মূৰ্তি আদি ঘৰৰ ভুল  দিশতে সজাই ৰাখিলে বিষময় পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ধাতুৰে নিৰ্মাণ কৰা মূৰ্তি আদি বিশেষ দিশত সজাই নাৰাখিলে ঘৰত অশান্তিৰ সৃষ্টি হোৱাৰ লগতে ৰোগ-ব্যাধি আদি বৃদ্ধি পায়। বিভিন্ন ধৰণৰ ধাতুৰে নিৰ্মিত মূৰ্তিৰ উপৰি ধাতুৰ জৰিয়তে নানান ধৰণৰ যন্ত্রপাতি আদিও প্ৰস্তুত কৰা হয়। 

এনেধৰণৰ যন্ত্ৰপাতি তথা মূর্তিসমূহ ঘৰৰ পশ্চিম দিশত ৰাখিব লাগে। কাৰণ পশ্চিম দিশৰ উপাদান হৈছে ধাতু। সেইবাবে সেই দিশত ধাতুৰে প্ৰস্তুত কৰা মূৰ্তি আদি ৰাখিলে গৃহস্থৰ মংগল হয়। ধাতুৰে প্ৰস্তুত কৰা মূৰ্তি, যন্ত্রপাতি আদি ঘৰৰ য'তে-ত'তে সিঁচৰতি কৰি ৰাখিব নালাগে। এনেদৰে এনেবোৰ সামগ্ৰী ঘৰৰ য'তে-ত'তে সিঁচৰতি কৰি ৰাখিলে ঘৰত অশান্তি বৃদ্ধি পায়। ধন-ধান আদি হ্রাস পায়। সেইবাবে ধাতুৰে প্ৰস্তুত কৰা মূৰ্তি-যন্ত্রপাতি আদি সদায় ঘৰৰ পশ্চিম দিশত ৰখাটো মংগলজনক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত