--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই শোৱনি কোঠাৰ ভিতৰত টেলিভিছন ৰখাটো এটা সাধাৰণ কথাত পৰিণত হৈছে। বিছনাত শুই শুই বহুতে টেলিভিছনৰ অনুষ্ঠান উপভোগ কৰে। এনেদৰে আৰামেৰে টেলিভিছনৰ অনুষ্ঠান উপভোগ কৰাটো পিছে মুঠেও শুভ ফলদায়ক নহয়। শোৱনি কোঠাৰ ভিতৰত বিচনাৰ কাষতে টেলিভিছন ছেট কেতিয়াও ৰাখিব নালাগে। কিয়নো টেলিভিছনৰ পৰা এক ৰশ্মি নির্গত হয়। যি ৰশ্মিয়ে মানুহৰ যথেষ্ট ক্ষতিসাধন কৰে। 

শোৱাৰ সময়ত মানুহৰ শৰীৰত তেনে ৰশ্মিয়ে আৰু অধিক দ্রুততাৰে ক্ৰিয়া কৰিব পাৰে। ইয়াৰ ফলত মানুহ ৰুগীয়া হৈ পৰিব পাৰে। তদুপৰি শোৱনি কোঠাত টেলিভিছন ৰাখিলে বহু নিশালৈকে টেলিভিছনৰ অনুষ্ঠান উপভোগ কৰাৰ অভ্যাস গঢ় ল'ব পাৰে। ইয়াৰ ফলত টোপনি ক্ষতি হ'ব আৰু স্বাস্থ্য হানি হ'ব পাৰে। ফেংছুইৰ মতে সেয়ে ঘৰৰ ভিতৰত কেতিয়াও টেলিভিছন ছেট ৰাখিব নালাগে । বহুতেই ঘৰত ধাতুৰে প্ৰস্তুত কৰা সজোৱা সামগ্রী সজাই ভাল পায়। 

ধাতুৰে প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ মূৰ্তি, ফুল, জীৱ-জন্তুৰ প্ৰতিকৃতি আদি বহুতে ঘৰত সজাই ৰাখে। কিন্তু ধাতুৰে প্ৰস্তুত কৰা এনেধৰণ মূৰ্তি আদি ঘৰৰ ভুল  দিশতে সজাই ৰাখিলে বিষময় পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ধাতুৰে নিৰ্মাণ কৰা মূৰ্তি আদি বিশেষ দিশত সজাই নাৰাখিলে ঘৰত অশান্তিৰ সৃষ্টি হোৱাৰ লগতে ৰোগ-ব্যাধি আদি বৃদ্ধি পায়। বিভিন্ন ধৰণৰ ধাতুৰে নিৰ্মিত মূৰ্তিৰ উপৰি ধাতুৰ জৰিয়তে নানান ধৰণৰ যন্ত্রপাতি আদিও প্ৰস্তুত কৰা হয়। 

এনেধৰণৰ যন্ত্ৰপাতি তথা মূর্তিসমূহ ঘৰৰ পশ্চিম দিশত ৰাখিব লাগে। কাৰণ পশ্চিম দিশৰ উপাদান হৈছে ধাতু। সেইবাবে সেই দিশত ধাতুৰে প্ৰস্তুত কৰা মূৰ্তি আদি ৰাখিলে গৃহস্থৰ মংগল হয়। ধাতুৰে প্ৰস্তুত কৰা মূৰ্তি, যন্ত্রপাতি আদি ঘৰৰ য'তে-ত'তে সিঁচৰতি কৰি ৰাখিব নালাগে। এনেদৰে এনেবোৰ সামগ্ৰী ঘৰৰ য'তে-ত'তে সিঁচৰতি কৰি ৰাখিলে ঘৰত অশান্তি বৃদ্ধি পায়। ধন-ধান আদি হ্রাস পায়। সেইবাবে ধাতুৰে প্ৰস্তুত কৰা মূৰ্তি-যন্ত্রপাতি আদি সদায় ঘৰৰ পশ্চিম দিশত ৰখাটো মংগলজনক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ