--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত খাদ্য বিষক্ৰিয়াৰ আশংকা অধিক বৃদ্ধি পায়। কাৰণ এই বতৰত খাদ্য সামগ্ৰীবোৰ সোনকালে নষ্ট হোৱাৰ লগতে খাদ্যৰ বিষক্ৰিয়াৰ সম্ভাৱনাও বাঢ়ি যায়। যিহেতু খাদ্য বিষক্ৰিয়াৰ বেক্টেৰিয়া অতি দ্ৰুতগতিত বিয়পে, গতিকে এই বতৰত যিমান পাৰি খোৱা-বোৱাৰ সঠিক যত্ন লোৱাটো প্ৰয়োজন। কাৰণ অলপ সাৱধানতা অৱলম্বন কৰিলেই সুস্থ হৈ থাকিব পৰা যায়। সেয়েহে আজি আমি খাদ্য বিষক্ৰিয়াৰ কাৰণ, ইয়াৰ লক্ষণ আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ কিছু উপায়ৰ বিষয়ে জানো আহক।

খাদ্য বিষক্ৰিয়াৰ কাৰণ-

গ্ৰীষ্মকালত খাদ্য বিষক্ৰিয়াৰ কাৰণ এটাই নহয় বহু হ’ব পাৰে। এই সমস্যা সাধাৰণতে বেক্টেৰিয়া বা ভাইৰাছৰ দ্বাৰা হয়। বেক্টেৰিয়া বা ভাইৰাছ বহু ধৰণে আমাৰ পেটত উপনীত হ’ব পাৰে। কমকৈ সিজোৱা খাদ্য খোৱা, লেতেৰা বাচনত তৈয়াৰী খাদ্য, সঠিকভাৱে ঢাকি নৰখা সামগ্ৰী, ফ্ৰীজৰ বাহিৰত বহুদিন ধৰি ৰখা খাদ্য খালে ফুড পইজনিং হ’ব পাৰে। ইয়াৰ বাহিৰেও ঠাণ্ডা খাদ্য খোৱা, ফ্ৰীজৰ পৰা উলিয়াই অনাৰ পাছত পুনৰ গৰম নকৰাকৈ খাদ্য খোৱা, দুই-তিনি দিন ধৰি ৰখা যিকোনো বাহি খাদ্য খোৱাটো ক্ষতিকাৰক হ’ব পাৰে।

খাদ্য বিষক্ৰিয়াৰ লক্ষণ-

১. পেটৰ বিষ

২. বমি

৩. মূৰৰ বিষ

৪. ভাগৰ

৫. ডায়েৰিয়া

৬. হাইড্ৰেচন

খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি-

* ৰন্ধা-বঢ়া কৰাৰ সময়ত সদায় পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক।

* ভুলতো নষ্ট হোৱা শাক-পাচলি ৰান্ধিব নালাগে।

* আৱৰ্জনা আৰু প্ৰচেছড খাদ্য যিমান পাৰি পৰিহাৰ কৰক।

* যিমান পাৰি তৰল খাদ্য গ্ৰহণ কৰক, যাতে খাদ্য বিষক্ৰিয়াৰ পৰা আৰোগ্য লাভ কৰাত সহায় কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা