--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় পুৰুষসকলে মোবাইলত বাৰু বেছিকৈ কি ছাৰ্চ কৰে? কভাৰেছন মিডিয়া প্লেটফৰ্ম বাবল এআইয়ে স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ ওপৰত এক নতুন গৱেষণা কৰিছে। এই গৱেষণা প্ৰায় ৮.৫ কোটি পুৰুষ-মহিলাৰ ওপৰত কৰা হৈছিল। গৱেষণাৰ ফলত পোহৰলৈ আহিছে যে তেওঁলোকে নিজৰ এণ্ড্ৰইড স্মাৰ্টফোনত কেনেধৰণৰ ভিডিঅ’ বেছিকৈ চায় বা তেওঁলোকে কি বেছিকৈ ছাৰ্চ কৰে আৰু কেনেধৰণৰ এপ ভাল পায়?

বাবল এআইৰ প্ৰতিবেদন অনুসৰি ২০২১ চনৰ তুলনাত ২০২২ চনত ভাৰতীয়সকলে স্মাৰ্টফোনত ৫০ শতাংশ বেছি সময় কটায়। অৰ্থাৎ সামগ্ৰিকভাৱে মোবাইল ফোনত সময় নষ্ট কৰাৰ ধাৰা বৃদ্ধি পাইছে।

গৱেষণাৰ মতে ভাৰতীয় পুৰুষে স্মাৰ্টফোনত সৰ্বাধিক গেমিং এপ ব্যৱহাৰ কৰে। আনহাতে, গেমিং এপৰ ​​প্ৰতি মহিলাৰ আগ্ৰহ কম। দেখা গ’ল যে মাত্ৰ ৬.১ শতাংশ মহিলাইহে গেমিং এপ্লিকেচন ব্যৱহাৰ কৰে।

ছ’চিয়েল মিডিয়া আৰু মেছেজিং এপত মহিলাসকল অতি সক্ৰিয়। তেওঁলোকে গেমিং এপ ভাল নাপায়। এই অধ্যয়ন অনুসৰি ভিডিঅ’ এপ্লিকেচন ব্যৱহাৰকাৰীৰ ২১.৭ শতাংশ মহিলা। খাদ্য সম্পৰ্কীয় এপ ব্যৱহাৰ কৰা ২৩.৫ শতাংশই মহিলা।

প্ৰতিবেদন অনুসৰি পেমেণ্ট এপত মহিলাৰ অংশগ্ৰহণ ১১.৩ শতাংশ আৰু ক্ৰীড়া এপত ৬.১ শতাংশ।

তথ্য অনুসৰি বেছিভাগ ভাৰতীয় পুৰুষে গেমিং এপ্লিকেচন ব্যৱহাৰ কৰাটো পছন্দ কৰে আৰু নাৰীয়ে পছন্দ কৰে খাদ্য আৰু মেছেজিং এপ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক