--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাগৱত হৈছে ভগৱান শ্ৰীকৃষ্ণৰ কথিত বাক্য। এই ভাগৱত হিন্দু ধৰ্মৰ এখন অতি মূল্যৱান গ্ৰন্থ। যদি কোনোবাই ভাগৱতৰ কথা মানি চলে তেন্তে জীৱনত তেওঁৰ সফলতা কোনেও ৰোধ কৰিব নোৱাৰে।  কোৱা হয় যে জীৱনত যদি কিবা সমস্যা থাকে, যদি হতাশ হয় তেন্তে ভাগৱত পঢ়ক।  পৃথিৱীৰ কোনো সমস্যা নাই যিটো ভাগৱতত সমাধান কৰিব নোৱাৰি। ই এক দৰ্শন।  

যিয়ে ভাগৱত গীতা সঠিকভাৱে পাঠ কৰে আৰু তেওঁৱেই এই গীতাৰ অৰ্থ সঠিকভাৱে বুজিব আৰু নিশ্চয় এগৰাকী আদৰ্শ ব্যক্তি হ’ব পাৰিব। এই জ্ঞানে ভাল চৰিত্ৰ আৰু উদাৰ মানসিকতা গঢ়ি তোলাত বহুখিনি ক্ষেত্ৰত সহায় কৰে। আজি আমি আলোচনা কৰিম গীতাৰ ৭টা অমৃতবাণী।

১. কৰ্মৰ ফলৰ আশা ত্যাগ কৰিবলৈ শিকা 

আমি যিকোনো কাম কৰাৰ লগে লগে সেই কৰ্মৰ ফলৰ আকাংক্ষা আমাৰ মনত সৃষ্টি হয়। যেনে, আপুনি চাকৰিৰ পৰীক্ষা দিয়াৰ লগে লগে চাকৰিটো পাব বুলি ভাবিছে। পৰীক্ষাৰ ফলাফলত দেখা গ’ল যে আপোনাৰ নাম তালিকাত নাই। তেন্তে মনটো হতাশাৰে ভৰি পৰিব। গতিকে ভাগৱত কৈছে যে কৰ্মৰ ফলৰ আশা ত্যাগ কৰি মাঁথো কৰ্ম কৰি যাব লাগে।  কাৰণ কৰ্মৰ ফল আমাৰ হাতত নাই। কেৱল কৰ্ম আমাৰ হাতত।  

২.জীৱনত কেনেকৈ শান্তি আহিব? 

ভাগৱতত কোৱা হৈছে যে ঈৰ্ষা, লোভ, কামনা ত্যাগ কৰিলে আপুনি জীৱনত শান্তি পাব।  আচলতে আমি আমাৰ জীৱনটোক আন কাৰোবাৰ জীৱনৰ লগত তুলনা কৰিলেহে অসুখী হৈ পৰো। যেতিয়া আমি আন কাৰোবাৰ সুখৰ প্ৰতি ঈৰ্ষা অনুভৱ কৰো তেতিয়া আমি নিজেই দুখী অনুভৱ কৰো। সুখ আৰু শান্তি পাব বিচাৰিলে প্ৰথমে লোভ, কামনা আৰু হিংসাৰ পৰা পৰিত্ৰাণ পাব লাগিব।

৩. জীৱনত কেনেকৈ সুখী হ'ব? 

কাৰোবাৰ পৰা যিকোনো বস্তু পোৱাৰ আশা এৰি দিয়ক।  মাত্ৰ মনে মনে নিজৰ কৰ্তব্য পালন কৰক।  জীৱনৰ ধন-সম্পত্তি বা কষ্ট আপোনাৰ পছন্দৰ কোনো নহয়। জীৱনে যি দিয়ে তাক মানি লোৱাটো প্ৰয়োজন। এইবোৰ বিষয় আপোনাৰ অতীত-কৰ্মৰ ফলাফলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। গতিকে কাৰোৰে পৰা একো আশা নকৰিব।


৪. ক্ৰোধ পৰিত্যাগ 

ভাগৱতত কোৱা হৈছে যে ক্ৰোধ মানুহৰ বাবে অতিকৈ ক্ষতিকাৰক।  ক্ৰোধক আসুৰিক শক্তি বোলা হয়। চাওক আজি ডাক্তৰসকলেও কয় যদি আপুনি সুস্থ হব বিচাৰে তেন্তে খঙৰ টেনচন পাহৰি যাওক। খং ত্যাগ কৰি নিজৰ কৰ্মসমূহ একাগ্ৰতাৰে কৰি যাওক। আশা কৰো আপুনি বুজি পাব ভাগৱত গীতাৰ জ্ঞান কিমান মহান।


৫. সকলো পূৰ্বনিৰ্ধাৰিত 

ভাগৱত কৈছে যে যি ঘটে সকলো পূৰ্বনিৰ্ধাৰিত।  কোৱা হয় যে পৰম ভগৱানৰ ইচ্ছা অবিহনে গছৰ পাতো লৰচৰ নকৰে।  গতিকে যি হয় সকলো ভালৰ বাবে হয়।  হয়তো আপুনি ইয়াৰ বেয়া প্ৰভাৱ দেখিছে আৰু ইয়াৰ ভাল প্ৰভাৱ দেখা নাই!  কিন্তু বহু সময়ৰ পিছত বেয়া পৰিঘটনাৰ মাজেৰেও ভাল প্ৰভাৱ দেখা পাব। উদাহৰণস্বৰূপে ধৰি লওক কোনোবা বন্ধুৱে আপোনাক সৰু কথা এটাত বিশ্বাসঘাতকতা কৰিছে। আপুনি ভাবিছিল যে আপোনাৰ বাবে ই বহুত বেয়া। কিন্তু আজি আপোনাৰ সৰু ক্ষতি কৰা বন্ধুজনৰ কথা ভাবি চাওক, সেই বন্ধুৱে ভৱিষ্যতে আপোনাৰ ডাঙৰ ক্ষতি কৰাৰ আগতেই ভগৱানে আপোনাক সচেতন কৰি দিছে। আপুনি যিটো বেয়া বুলি ভাবে সেয়া আচলতে আপোনাৰ নিজৰ মংগলৰ বাবেই হয়।

৬. অন্যায়ৰ প্ৰতিবাদ 

ভাগৱতত কোৱা হৈছে যে অন্যায় দেখিলে প্ৰতিবাদ কৰিব লাগে, অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে। অন্যায় মনে মনে সহ্য কৰাতকৈ ডাঙৰ পাপ একো নাই। ভীষ্ম, দ্ৰোনাচাৰ্যই কৰা পাপৰ বাবেই কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁলোকৰ বীৰত্বৰ কোনো অৰ্থ নাই।

৭. সংযত আচৰণ 

অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব।  কিন্তু মনত ৰাখিব আপোনাৰ আচৰণ, আচাৰ-ব্যৱহাৰত বা আপোনাৰ কথাত যাতে কোনো নিৰীহ লোকে আঘাত নাপাই তাৰ প্ৰতিও লক্ষ্য ৰাখক। গীতাত কোৱা হৈছে যে মানুহৰ ধৰ্ম বিনয় আৰু অহিংসা।  কিন্তু অন্যায় দেখিলে কেতিয়াও সহ্য কৰা উচিত নহয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু