--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাগৱত হৈছে ভগৱান শ্ৰীকৃষ্ণৰ কথিত বাক্য। এই ভাগৱত হিন্দু ধৰ্মৰ এখন অতি মূল্যৱান গ্ৰন্থ। যদি কোনোবাই ভাগৱতৰ কথা মানি চলে তেন্তে জীৱনত তেওঁৰ সফলতা কোনেও ৰোধ কৰিব নোৱাৰে।  কোৱা হয় যে জীৱনত যদি কিবা সমস্যা থাকে, যদি হতাশ হয় তেন্তে ভাগৱত পঢ়ক।  পৃথিৱীৰ কোনো সমস্যা নাই যিটো ভাগৱতত সমাধান কৰিব নোৱাৰি। ই এক দৰ্শন।  

যিয়ে ভাগৱত গীতা সঠিকভাৱে পাঠ কৰে আৰু তেওঁৱেই এই গীতাৰ অৰ্থ সঠিকভাৱে বুজিব আৰু নিশ্চয় এগৰাকী আদৰ্শ ব্যক্তি হ’ব পাৰিব। এই জ্ঞানে ভাল চৰিত্ৰ আৰু উদাৰ মানসিকতা গঢ়ি তোলাত বহুখিনি ক্ষেত্ৰত সহায় কৰে। আজি আমি আলোচনা কৰিম গীতাৰ ৭টা অমৃতবাণী।

১. কৰ্মৰ ফলৰ আশা ত্যাগ কৰিবলৈ শিকা 

আমি যিকোনো কাম কৰাৰ লগে লগে সেই কৰ্মৰ ফলৰ আকাংক্ষা আমাৰ মনত সৃষ্টি হয়। যেনে, আপুনি চাকৰিৰ পৰীক্ষা দিয়াৰ লগে লগে চাকৰিটো পাব বুলি ভাবিছে। পৰীক্ষাৰ ফলাফলত দেখা গ’ল যে আপোনাৰ নাম তালিকাত নাই। তেন্তে মনটো হতাশাৰে ভৰি পৰিব। গতিকে ভাগৱত কৈছে যে কৰ্মৰ ফলৰ আশা ত্যাগ কৰি মাঁথো কৰ্ম কৰি যাব লাগে।  কাৰণ কৰ্মৰ ফল আমাৰ হাতত নাই। কেৱল কৰ্ম আমাৰ হাতত।  

২.জীৱনত কেনেকৈ শান্তি আহিব? 

ভাগৱতত কোৱা হৈছে যে ঈৰ্ষা, লোভ, কামনা ত্যাগ কৰিলে আপুনি জীৱনত শান্তি পাব।  আচলতে আমি আমাৰ জীৱনটোক আন কাৰোবাৰ জীৱনৰ লগত তুলনা কৰিলেহে অসুখী হৈ পৰো। যেতিয়া আমি আন কাৰোবাৰ সুখৰ প্ৰতি ঈৰ্ষা অনুভৱ কৰো তেতিয়া আমি নিজেই দুখী অনুভৱ কৰো। সুখ আৰু শান্তি পাব বিচাৰিলে প্ৰথমে লোভ, কামনা আৰু হিংসাৰ পৰা পৰিত্ৰাণ পাব লাগিব।

৩. জীৱনত কেনেকৈ সুখী হ'ব? 

কাৰোবাৰ পৰা যিকোনো বস্তু পোৱাৰ আশা এৰি দিয়ক।  মাত্ৰ মনে মনে নিজৰ কৰ্তব্য পালন কৰক।  জীৱনৰ ধন-সম্পত্তি বা কষ্ট আপোনাৰ পছন্দৰ কোনো নহয়। জীৱনে যি দিয়ে তাক মানি লোৱাটো প্ৰয়োজন। এইবোৰ বিষয় আপোনাৰ অতীত-কৰ্মৰ ফলাফলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। গতিকে কাৰোৰে পৰা একো আশা নকৰিব।


৪. ক্ৰোধ পৰিত্যাগ 

ভাগৱতত কোৱা হৈছে যে ক্ৰোধ মানুহৰ বাবে অতিকৈ ক্ষতিকাৰক।  ক্ৰোধক আসুৰিক শক্তি বোলা হয়। চাওক আজি ডাক্তৰসকলেও কয় যদি আপুনি সুস্থ হব বিচাৰে তেন্তে খঙৰ টেনচন পাহৰি যাওক। খং ত্যাগ কৰি নিজৰ কৰ্মসমূহ একাগ্ৰতাৰে কৰি যাওক। আশা কৰো আপুনি বুজি পাব ভাগৱত গীতাৰ জ্ঞান কিমান মহান।


৫. সকলো পূৰ্বনিৰ্ধাৰিত 

ভাগৱত কৈছে যে যি ঘটে সকলো পূৰ্বনিৰ্ধাৰিত।  কোৱা হয় যে পৰম ভগৱানৰ ইচ্ছা অবিহনে গছৰ পাতো লৰচৰ নকৰে।  গতিকে যি হয় সকলো ভালৰ বাবে হয়।  হয়তো আপুনি ইয়াৰ বেয়া প্ৰভাৱ দেখিছে আৰু ইয়াৰ ভাল প্ৰভাৱ দেখা নাই!  কিন্তু বহু সময়ৰ পিছত বেয়া পৰিঘটনাৰ মাজেৰেও ভাল প্ৰভাৱ দেখা পাব। উদাহৰণস্বৰূপে ধৰি লওক কোনোবা বন্ধুৱে আপোনাক সৰু কথা এটাত বিশ্বাসঘাতকতা কৰিছে। আপুনি ভাবিছিল যে আপোনাৰ বাবে ই বহুত বেয়া। কিন্তু আজি আপোনাৰ সৰু ক্ষতি কৰা বন্ধুজনৰ কথা ভাবি চাওক, সেই বন্ধুৱে ভৱিষ্যতে আপোনাৰ ডাঙৰ ক্ষতি কৰাৰ আগতেই ভগৱানে আপোনাক সচেতন কৰি দিছে। আপুনি যিটো বেয়া বুলি ভাবে সেয়া আচলতে আপোনাৰ নিজৰ মংগলৰ বাবেই হয়।

৬. অন্যায়ৰ প্ৰতিবাদ 

ভাগৱতত কোৱা হৈছে যে অন্যায় দেখিলে প্ৰতিবাদ কৰিব লাগে, অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে। অন্যায় মনে মনে সহ্য কৰাতকৈ ডাঙৰ পাপ একো নাই। ভীষ্ম, দ্ৰোনাচাৰ্যই কৰা পাপৰ বাবেই কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁলোকৰ বীৰত্বৰ কোনো অৰ্থ নাই।

৭. সংযত আচৰণ 

অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব।  কিন্তু মনত ৰাখিব আপোনাৰ আচৰণ, আচাৰ-ব্যৱহাৰত বা আপোনাৰ কথাত যাতে কোনো নিৰীহ লোকে আঘাত নাপাই তাৰ প্ৰতিও লক্ষ্য ৰাখক। গীতাত কোৱা হৈছে যে মানুহৰ ধৰ্ম বিনয় আৰু অহিংসা।  কিন্তু অন্যায় দেখিলে কেতিয়াও সহ্য কৰা উচিত নহয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ