--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দুসকলৰ অন্যতম পবিত্ৰ গ্ৰন্থ শ্ৰীমদ ভাগৱত গীতা। ইয়াৰ ১৮টা অধ্যায়, ৭০০টা শ্লোকত ভগৱান কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনক দিয়া ধৰ্মকৰ্মৰ সৈতে জড়িত শিক্ষা আছে। মহাভাৰত যুদ্ধৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া শিক্ষাৰ বিষয়ে শ্ৰীমদ ভাগৱত গীতাই বৰ্ণনা কৰিছে। গীতাত দিয়া শিক্ষাসমূহ আজিও সমানেই প্ৰাসংগিক আৰু মানুহক জীৱনৰ সঠিক পথ দেখুৱাইছে।

গীতাৰ ১৮টা অধ্যায় আৰু ৭০০টা শ্লোকত ধৰ্মৰ পথ অনুসৰণ কৰি ভাল কৰ্ম কৰিবলৈ শিক্ষা দিয়া হৈছে। জীৱনৰ সকলো সমস্যাৰ সমাধান গীতাত পোৱা যায়। গীতাৰ বাক্য অনুসৰণ কৰিলে জীৱন সলনি হয় আৰু সকলোতে সফলতা লাভ কৰে বুলি বিশ্বাস কৰা হয়। আহক আমি শ্ৰীমদ ভাগৱত গীতাৰ সেই পাঁচটা উপদেশৰ বিষয়ে জানো যিবোৰ গ্ৰহণ কৰি জীৱনৰ বিজয় লাভ কৰিব পাৰি।

গীতা উপদেশৰ গুৰুত্বপূৰ্ণ কথা

১) গীতাৰ মতে খং নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগে। খং উঠিলে মানুহে নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই ভুল কাম কৰে। খঙত লোৱা সিদ্ধান্তবোৰ প্ৰায়ে ভুল হয়, যাৰ বাবে ব্যক্তিজনে পিছত অনুশোচনা কৰে। গতিকে খং উঠিলে নিজকে শান্ত কৰিবলৈ চেষ্টা কৰক।

২) শ্ৰীমদ ভাগৱত গীতাৰ মতে প্ৰতিজন ব্যক্তিয়েই আত্ম-নিৰীক্ষণ কৰিব লাগিব। আত্মজ্ঞানৰ দ্বাৰাহে এজন ব্যক্তিয়ে নিজৰ গুণ-গুণৰ বিষয়ে জানিব পাৰে। আত্মনিৰীক্ষণে এজন ব্যক্তিক উচিত-অনুচিত সিদ্ধান্ত লোৱাত সহায় কৰে। সেয়ে কিছু সময় অকলশৰীয়া হৈ আত্মনিৰীক্ষণ কৰক।

৩) শ্ৰীকৃষ্ণৰ মতে এজন ব্যক্তিয়ে নিজকে মূল্যায়ন কৰাটোও অতি প্ৰয়োজনীয়। নিজকে বুজি নোপোৱালৈকে নিজৰ লগত জড়িত কোনো সিদ্ধান্ত দৃঢ়তাৰে ল’ব নোৱাৰিব। যেতিয়া এজন ব্যক্তিয়ে নিজৰ গুণ আৰু অভাৱবোৰ জানে, তেতিয়া তেওঁ নিজৰ ব্যক্তিত্ব সঠিকভাৱে গঢ়ি তুলিবলৈ সক্ষম হয়।

৪) গীতাৰ মতে প্ৰতিজন ব্যক্তিয়ে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব লাগে। মনটো বৰ চঞ্চল আৰু এয়াই আমাৰ দুখ-কষ্টৰ কাৰণ। যিজন ব্যক্তিয়ে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে, তেওঁ সফলতাৰ পথত খোজ কাঢ়ে। এনে ব্যক্তিয়ে কেৱল নিজৰ কামত মনোনিৱেশ কৰি সহজে লক্ষ্যত উপনীত হয়।

৫) শ্ৰীকৃষ্ণৰ শিক্ষা অনুসৰি মানুহে কৰ্ম অনুসাৰে ফল লাভ কৰে। গতিকে ফলাফলৰ কথা নাভাবি কেৱল নিজৰ কৰ্মতহে মনোনিৱেশ কৰা উচিত।










FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন