--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শাৰদীয় নৱৰাত্ৰিৰ আৰম্ভণিৰ বাবে মাত্ৰ কেইটামান দিন বাকী। ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব নৱৰাত্ৰি আৰু ৫ অক্টোবৰলৈকে চলিব। এই সময়ছোৱাত মানুহে মা দুৰ্গাৰ বিভিন্ন ৰূপক পূজা কৰিব। অৱশ্যে পূজা-পাতলৰ সময়ত কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰাখিব লগা হয়।

২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে মাতৃ আদিশক্তিৰ পূজা উৎসৱ নৱৰাত্ৰী। ৫ অক্টোবৰত ইয়াৰ অন্ত পৰিব। নৱৰাত্ৰিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে ভক্তসকলে। এই সময়ছোৱাত তেওঁ গোটেই নটা দিন পূৰ্ণ ভক্তিৰে মা দুৰ্গাৰ ৯টা ভিন্ন ৰূপক পূজা কৰে। নৱৰাত্ৰীৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাইজে। মাতৃৰ বিভিন্ন ৰূপক পূজা কৰি থাকোঁতে কিছুমান কথাৰ যত্ন ল’বলগীয়া হয়। এনে নকৰিলে পূজা সফল বুলি গণ্য কৰা  নহয় 

যথাযথভাৱে পূজা কৰা

প্ৰায়ে নৱৰাত্ৰিৰ সময়ত বহু লোক উপবাসে থাকে। একে সময়তে বহু লোকে আকৌ উপবাস ৰাখিবলৈ অক্ষম হৈ পৰে। সেয়েহে ব্ৰত পালন নকৰা সকলে পূজাও নকৰে। কিন্তু সকলোৱে জনা উচিত যে উপবাসে নাথাকিলেও পূজা কৰিব পৰা যায় । অৱশ্যে এই পূজাৰ সময়ত উচিত পদ্ধতিৰে কৰিব লাগে।

দুবৰি বন 

প্ৰায় মানুহে পূজাত দুবৰি বন  ব্যৱহাৰ কৰে, কিন্তু মাতৃ আদিশক্তিৰ নৱৰাত্ৰি পূজাত তুলসী বা দুবৰি বন  নিদিয়ে। এনে কৰিলে উপাসনাৰ পূৰ্ণ ফল পোৱা নাযায়। ৰোলি বা কুমকুম ব্যৱহাৰ কৰক।

ফল উপভোগ

নৱৰাত্ৰীৰ সময়ত ভোগ হিচাপে মাতৃ শক্তিক দৈনিক ফল-মূল আগবঢ়াব লাগে। এই ফলবোৰ আগবঢ়াই দিয়াৰ পাছত যিকোনো যুৱতীক বিতৰণ কৰিব লাগে। ইয়াৰ লগতে কন্যা সকলক মাতৃ দুৰ্গাৰ ৰূপ হিচাপে মানি্ নিশ্চিতভাৱে খুৱাব লাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক