ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক তোশাখানা গোচৰত গ্ৰেপ্তাৰৰ বাবে পাক আৰক্ষীয়ে চেষ্টা চলাই আছে। আদালতৰ হস্তক্ষেপতহে ইমৰানে গ্ৰেপ্তাৰৰ পৰা এতিয়া হাতসাৰি আছে৷ এনে সময়তে দেশ খনৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফেও ইমৰানক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ যো-জা চলি থকাৰ হুলস্থূলৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে আৰ এছ এছৰ নামো এই প্ৰসংগত টানি আনিছে। ইমৰান খানক আক্ৰমণ কৰি শ্বেহবাজ শ্বৰীফে কয় যে তেওঁ আৰ এছ এছৰ কিতাপৰ পৰা বহু কথা শিকিছে৷ সমৰ্থকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ পৰা আৰক্ষীৰ ওপৰত পেট্ৰ'ল বোমা নিক্ষেপ কৰালৈকে সকলো কথা ইমৰানে আৰএছএছৰ কিতাপৰ পৰাই শিকিছে৷ এনেদৰেই ইমৰানে ন্যায়পালিকাক ভয় খুৱাব বিচাৰিছে বুলিও পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়৷
শ্বৰীফে লগতে কয় যে ইমৰান খানৰ যোৱা কেইদিনমানৰ কাৰ্যকলাপে তেওঁৰ ফেচিষ্ট আৰু উগ্ৰপন্থী প্ৰৱণতাক উন্মোচিত কৰিছে। তেওঁ আৰ এছ এছৰ পৰা এইবোৰ কথা শিকিছে যেন লাগিছে।
লাহোৰত থকা ইমৰান খানৰ বাসগৃহত আৰক্ষী উপস্থিত হৈছিল । পাকিস্তানী সংবাদ মাধ্যমৰ মতে পঞ্জাৱ আৰক্ষীয়ে ২০ জনতকৈও অধিক দলীয় কৰ্মীক গ্ৰেপ্তাৰ কৰিছে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ কনভয়ৰ এখন বাহন তোশখানা গোচৰৰ শুনানিৰ কামত ইছলামাবাদলৈ যাওঁতে দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি পাকিস্তানী সংবাদ মাধ্যমে খবৰ প্ৰকাশ কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে টুইট কৰি কয় যে এতিয়া এইটো স্পষ্ট হৈ পৰিছে যে মই সকলো গোচৰত জামিন পোৱা স্বত্বেও চৰকাৰে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে। তেওঁলোকৰ বিদ্বেষপূৰ্ণ অভিপ্ৰায় জনা স্বত্বেও, মই ইছলামাবাদ আৰু আদালতলৈ গৈ আছোঁ ৷ কাৰণ মই আইনৰ শাসনত বিশ্বাস কৰো। পঞ্জাৱ আৰক্ষীয়ে জামান পাৰ্কত থকা মোৰ ঘৰত আক্ৰমণ কৰিছে, য'ত বুশ্ৰা বেগম অকলে আছে। তেওঁলোকে কেনে আইনৰ অধীনত এইবোৰ কৰি আছে?
ইমৰান খানৰ উপস্থিতিৰ বাবে ইছলামাবাদত ব্যাপক হাৰত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে শুনানিৰ সময়ত, আদালতে ইমৰান খানৰ বিৰুদ্ধে জাৰি কৰা জামিন অযোগ্য গ্ৰেপ্তাৰ ৱাৰেণ্ট স্থগিত ৰখাৰ আবেদন খাৰিজ কৰিছিল। অৱশ্যে, ইছলামাবাদ উচ্চ ন্যায়ালয়ে শুকুৰবাৰে ইমৰান খানৰ বিৰুদ্ধে জাৰি কৰা জামিন অযোগ্য গ্ৰেপ্তাৰ পৰোৱানা স্থগিত ৰাখে ৷