--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক তোশাখানা গোচৰত গ্ৰেপ্তাৰৰ বাবে পাক আৰক্ষীয়ে চেষ্টা চলাই আছে। আদালতৰ হস্তক্ষেপতহে ইমৰানে গ্ৰেপ্তাৰৰ পৰা এতিয়া হাতসাৰি আছে৷ এনে সময়তে দেশ খনৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফেও ইমৰানক আক্ৰমণৰ  লক্ষ্য কৰি লৈছে। 

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ যো-জা  চলি থকাৰ হুলস্থূলৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে আৰ এছ এছৰ নামো এই প্ৰসংগত টানি আনিছে। ইমৰান খানক আক্ৰমণ কৰি শ্বেহবাজ শ্বৰীফে কয় যে তেওঁ আৰ এছ এছৰ কিতাপৰ পৰা বহু কথা শিকিছে৷  সমৰ্থকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ পৰা আৰক্ষীৰ ওপৰত পেট্ৰ'ল বোমা নিক্ষেপ কৰালৈকে সকলো কথা ইমৰানে আৰএছএছৰ কিতাপৰ পৰাই শিকিছে৷ এনেদৰেই ইমৰানে   ন্যায়পালিকাক ভয় খুৱাব বিচাৰিছে বুলিও পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়৷ 

শ্বৰীফে লগতে  কয়  যে ইমৰান খানৰ যোৱা কেইদিনমানৰ কাৰ্যকলাপে তেওঁৰ ফেচিষ্ট আৰু উগ্ৰপন্থী প্ৰৱণতাক উন্মোচিত কৰিছে। তেওঁ আৰ এছ এছৰ পৰা এইবোৰ কথা  শিকিছে যেন লাগিছে। 

লাহোৰত থকা ইমৰান খানৰ বাসগৃহত আৰক্ষী উপস্থিত হৈছিল । পাকিস্তানী সংবাদ মাধ্যমৰ মতে পঞ্জাৱ আৰক্ষীয়ে ২০ জনতকৈও অধিক দলীয় কৰ্মীক গ্ৰেপ্তাৰ কৰিছে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ কনভয়ৰ এখন বাহন তোশখানা গোচৰৰ শুনানিৰ কামত  ইছলামাবাদলৈ যাওঁতে দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি পাকিস্তানী সংবাদ মাধ্যমে  খবৰ প্ৰকাশ কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে টুইট কৰি কয় যে এতিয়া এইটো স্পষ্ট হৈ পৰিছে যে মই  সকলো গোচৰত জামিন পোৱা স্বত্বেও চৰকাৰে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে। তেওঁলোকৰ বিদ্বেষপূৰ্ণ অভিপ্ৰায় জনা স্বত্বেও, মই ইছলামাবাদ আৰু আদালতলৈ গৈ আছোঁ ৷ কাৰণ মই আইনৰ শাসনত বিশ্বাস কৰো। পঞ্জাৱ আৰক্ষীয়ে জামান পাৰ্কত থকা মোৰ ঘৰত আক্ৰমণ কৰিছে, য'ত বুশ্ৰা বেগম অকলে আছে। তেওঁলোকে কেনে আইনৰ অধীনত এইবোৰ  কৰি আছে? 


ইমৰান খানৰ উপস্থিতিৰ বাবে ইছলামাবাদত ব্যাপক হাৰত  নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে শুনানিৰ সময়ত, আদালতে ইমৰান খানৰ বিৰুদ্ধে জাৰি কৰা জামিন অযোগ্য গ্ৰেপ্তাৰ ৱাৰেণ্ট স্থগিত ৰখাৰ আবেদন খাৰিজ কৰিছিল। অৱশ্যে, ইছলামাবাদ উচ্চ ন্যায়ালয়ে শুকুৰবাৰে ইমৰান খানৰ বিৰুদ্ধে জাৰি কৰা জামিন অযোগ্য গ্ৰেপ্তাৰ পৰোৱানা স্থগিত ৰাখে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ