--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিজেপিয়ে লোকসভা নিৰ্বাচনৰ আগে আগে  কেইবাখনো ৰাজ্যত ৰাজ্যিক পৰ্যায়ত সাংগঠনিক ৰদবদল আৰম্ভ কৰিছে। তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, ঝাৰখণ্ড আৰু পঞ্জাৱৰ ৰাজ্যিক সভাপতিৰ পদ সলনি কৰা হৈছে। বিজেপিৰ সূত্ৰই কৈছে  যে আৰু চাৰিৰ পৰা ছয়খন ৰাজ্যত সভাপতি পৰিৱৰ্তনৰ সম্ভাৱনা আছে। সভাপতি সলনিৰ পৰৱৰ্তী পৰ্যায়টো হ’ব পাৰে  কেন্দ্ৰীয় কেবিনেট ৰদবদল।

 তাৎপৰ্যপূৰ্ণভাৱে শেহতীয়াকৈ  ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া চাৰিজনৰ ভিতৰত তিনিজনেই কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা ৰাজনীতিক।  তেন্তে সভাপতিৰ পদ অৰ্পন কৰিব পৰা  বিজেপিৰ কম নেতা আছে নেকি? এতিয়া এই প্ৰশ্নৰ উদ্ৰেক ঘটিছে বিজেপিৰেই  বহু লোকৰ মনত। সভাপতি  সলনি কৰা চাৰিখন ৰাজ্যৰ ভিতৰত তেলেংগানাত বছৰটোৰ শেষত নিৰ্বাচন অনুষ্ঠিত হ'ব। দলটোৱে দলৰ সভাপতি প্ৰবীণ বিজেপি নেতা বান্দি সঞ্জয়ৰ ঠাইত জি কিষাণ ৰেড্ডীক সভাপতিৰ দায়িত্ব দিছে। আৰম্ভণিৰে পৰা বিজেপিৰ সদস্য হৈ থকা ৰেড্ডীয়ে সংস্কৃতি আৰু পৰ্যটনৰ ক্ষেত্ৰত দ্বিতীয় মোদী চৰকাৰত মন্ত্ৰী হিচাবে  কাৰ্যনিৰ্বাহ কৰিছে। 

তেওঁ উত্তৰ-পূবৰ উন্নয়ন মন্ত্ৰালয়ৰো দায়িত্বত আছিল। বিজেপি নেতৃত্বই নিৰ্বাচনৰ পূৰ্বে কেবিনেটৰ পৰা দললৈ আৰু দলৰ পৰা কেবিনেটলৈ ৰদবদল কৰাৰ পৰিকল্পনাৰে আগবাঢ়িছে। এই নীতি অনুসৰণ কৰি ৰেড্ডীক মন্ত্ৰীসভাৰ পৰা আঁতৰাই দিয়া হয় আৰু দলৰ দায়িত্ব অনা হয়। বিজেপিৰ সূত্ৰৰ মতে তেলেংগানাত বিজেপি নেতাজনক  সভাপতিৰ দায়িত্বলৈ অনা হৈছে, কিয়নো তেওঁৰ সকলোকে লগত লৈ আগুৱাই যোৱাৰ ক্ষমতা আছে। অনাগত দিনবোৰত ৰেড্ডীৰ মুখ্য কাম হ'ব ৰাজ্যখনত শাসকীয় দল কে চন্দ্ৰশেখৰ ৰাওৰ  তিক্ত সম্পৰ্কৰ সলনি   লোকসভা নিৰ্বাচনৰ  কথা মনত ৰাখি ৰাজ্যখনত মিত্ৰতাৰ বাবে পটভূমি প্ৰস্তুত কৰা। অৱশ্যে, ৰেড্ডীয়েই একমাত্ৰ মন্ত্ৰী নহয়, পীয়ুষ গোৱেল, ধৰ্মেন্দ্ৰ প্ৰধানকো বিভিন্ন ৰাজ্যৰ দায়িত্ব অৰ্পনৰ কথা  বিবেচনা কৰা হৈছে। 

সূত্ৰ অনুসৰি ৰাজ্যখনৰ অ'বিচি ভোটৰ কথা মনত ৰাখি উত্তৰ প্ৰদেশৰ দায়িত্বত ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজস্থানৰ দায়িত্বত পীয়ুষ গোৱেলক প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰি মধ্য প্ৰদেশ, কৰ্ণাটক, কেৰালা আৰু ৰাজস্থানতো সাংগঠনিক পৰ্যায়ৰ পৰিৱৰ্তন ত্বৰান্বিত হোৱাৰ সম্ভাৱনা আছে।   প্ৰধানমন্ত্ৰীয়ে ৭-৮ জুলাইলৈ উত্তৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান আৰু ছত্তীশগড় ভ্ৰমণ কৰাৰ কথা আছে। উত্তৰ প্ৰদেশৰ বাহিৰে তিনিওখন ৰাজ্যতে বিধানসভা নিৰ্বাচন সমাগত ।অন্ধ্ৰ প্ৰদেশত, এনটি ৰামা ৰাওৰ কন্যা ডি পুৰন্দেশ্বৰীক ৰাজ্যখনৰ সভাপতি হিচাবে বাছনি কৰা হৈছে। পুৰন্দেশ্বৰীয়ে   দ্বিতীয় ইউপিএ চৰকাৰৰ সময়ত মনমোহন সিং মন্ত্ৰীসভাত কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী আছিল। 

পিছত মনমোহন সিং চৰকাৰে অন্ধ্ৰ প্ৰদেশ ভাঙি তেলেংগানা ৰাজ্য গঠন কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত তেওঁ কংগ্ৰেছ ত্যাগ কৰে। পিছত তেওঁ বিজেপিত যোগদান কৰিছিল।আন দুখন ৰাজ্যৰ ভিতৰত বাবুলাল মাৰাণ্ডীক ঝাৰখণ্ড বিজেপিৰ  সভাপতি কৰা হৈছে। তেওঁ ২০০২ চনলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আছিল। পিছত ২০০৬  চনত তেওঁ বিজেপি ত্যাগ কৰে আৰু ঝাৰখণ্ড বিকাশ মৰ্চা দল গঠন কৰিবলৈ কংগ্ৰেছৰ সৈতে হাত মিলায়। পিছ, আসন ভাগ-বতৰাৰ সমস্যাৰ বাবে মাৰাণ্ডীয়ে অকলে ২০১৯ ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁ সেই নিৰ্বাচনত  জিকিছিল। 

তাৰ পিছত তেওঁ বিজেপিত পুনৰ যোগদান কৰিছিল আৰু বিৰোধী দলৰ নেতা হৈছিল। আগন্তুক লোকসভা আৰু পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ কথা মনত ৰাখি তেওঁক ৰাজ্যিক সভাপতি কৰা হৈছে। প্ৰয়াত কংগ্ৰেছ নেতা বলৰাম জাখৰৰ পুত্ৰ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুনীল জাখৰক পঞ্জাৱত বিজেপিৰ সভাপতি কৰা হৈছে। সুনীল ঝাখৰে  যোৱা বছৰ বিজেপিত যোগদান কৰিছিল। তেওঁ দীৰ্ঘদিন ধৰি কংগ্ৰেছ চৰকাৰৰ এজন মন্ত্ৰীও আছিল।জাখৰ, পুৰন্দেশ্বৰী বা বাবুলাল মাৰাণ্ডিৰ দৰে  অসমৰ হিমন্ত বিশ্ব শৰ্মাও কংগ্ৰেছৰ প্ৰভাৱশালী নেতা আছিল। অসমত এতিয়াৰ বহু প্ৰভাৱশালী মন্ত্ৰী-বিধায়কেই সৌসিদিনালৈ কংগ্ৰেছৰ নেতা আছিল।

 মণিপুৰতো  একেই দৃশ্য দেখিবলৈ পোৱা গৈছে।  মণিপুৰৰ বিজেপিৰ মুখ্যমন্ত্ৰী বীৰেন সিং আগতে কংগ্ৰেছত আছিল। পশ্চিম বংগতো, বিধানসভাৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী আগতে তৃণমূল কংগ্ৰেছৰ সৈতে আছিল। কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ মণিকাম ঠাকুৰে এই প্ৰসংগতে সেয়ে প্ৰশ্ন কিছে , "সংঘ পৰিয়ালত প্ৰতিভাৰ অভাৱ আছে নেকি? কংগ্ৰেছৰ বহু  প্ৰাক্তন নেতাই এতিয়া বিজেপি সভাপতিকে ধৰি আন পদত অধিষ্ঠিত হৈছে?"।
FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ