--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন জনজাতীয় লোকৰ মুখত  প্ৰস্ৰাৱ কৰাৰ ঘটনাকলৈ এতিয়া উত্তপ্ত হৈ পৰিছে  মধ্যপ্ৰদেশ।  ইতিমধ্যে জনজাতীয় যুৱকজনৰ  মুখত প্ৰস্ৰাৱ কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত লোকজনে ঘটনা সংঘটিত কৰিয়েই পলাতক অৱস্থাত আছিল যদিও যোৱা নিশা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত লোকজনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত  এটা গোচৰ ৰুজু কৰা হৈছে।মঙলবাৰে, এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ভিডিঅ’টোত  এজন জনজাতীয় যুৱকক দোকান এখনৰ ওচৰত  বহি থকা দেখা গৈছিল। সেই সময়ত অভিযুক্ত প্ৰবেশ শুক্লা নামৰ লোকজনে তেওঁৰ সন্মুখত থিয় হৈছিল আৰু জনজাতীয় যুৱকজনৰ মুখতে  প্ৰস্ৰাৱ কৰিবলৈ আৰম্ভ কৰিছিল।  

ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে বিতৰ্কৰ সূত্ৰপাত হয়।তাৰ পিছতে  লোকজনে গ্ৰেপ্তাৰ এৰাই চলিবলৈ পলাতক হৈ আছিল। অৱশেষত পুলিচে তেওঁক পুৱতি নিশা  প্ৰায় ২ বজাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তেওঁক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ লগতে অনুসূচীত জাতি/অনুসূচীত জনজাতি আইন আৰু অন্যান্য  ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছে। অভিযুক্তৰ পত্নী আৰু পিতৃ-মাতৃকো সোধা-পোছা কৰা হৈছে।

জানিব পৰা মতে ভিযুক্তজন বিজেপি বিধায়ক কেদাৰনাথ শুক্লাৰ ঘনিষ্ঠ লোক । জ্যেষ্ঠ নেতা কেদাৰনাথ চিধিৰ পৰা দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছে। বিৰোধীয়ে ঘটনাটোত সেয়ে বিজেপি কৰ্মীৰ সংযোগ বিচাৰি উলিয়াইছে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা কমল নাথে কয়, " সভ্য সমাজত এনে ধৰণৰ ঘৃণনীয়  আচৰণৰ কোনো স্থান নাই। "অৱশ্যে পদ্ম শিবিৰে এই দাবী অস্বীকাৰ কৰি কয় যে বিজেপিৰ সৈতে  লোকজনৰ  কোনো সম্পৰ্ক নাই। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এনে ধৰণৰ অপৰাধক তীব্ৰ গৰিহণা দিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান