--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন জনজাতীয় লোকৰ মুখত  প্ৰস্ৰাৱ কৰাৰ ঘটনাকলৈ এতিয়া উত্তপ্ত হৈ পৰিছে  মধ্যপ্ৰদেশ।  ইতিমধ্যে জনজাতীয় যুৱকজনৰ  মুখত প্ৰস্ৰাৱ কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত লোকজনে ঘটনা সংঘটিত কৰিয়েই পলাতক অৱস্থাত আছিল যদিও যোৱা নিশা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত লোকজনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত  এটা গোচৰ ৰুজু কৰা হৈছে।মঙলবাৰে, এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ভিডিঅ’টোত  এজন জনজাতীয় যুৱকক দোকান এখনৰ ওচৰত  বহি থকা দেখা গৈছিল। সেই সময়ত অভিযুক্ত প্ৰবেশ শুক্লা নামৰ লোকজনে তেওঁৰ সন্মুখত থিয় হৈছিল আৰু জনজাতীয় যুৱকজনৰ মুখতে  প্ৰস্ৰাৱ কৰিবলৈ আৰম্ভ কৰিছিল।  

ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে বিতৰ্কৰ সূত্ৰপাত হয়।তাৰ পিছতে  লোকজনে গ্ৰেপ্তাৰ এৰাই চলিবলৈ পলাতক হৈ আছিল। অৱশেষত পুলিচে তেওঁক পুৱতি নিশা  প্ৰায় ২ বজাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তেওঁক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ লগতে অনুসূচীত জাতি/অনুসূচীত জনজাতি আইন আৰু অন্যান্য  ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছে। অভিযুক্তৰ পত্নী আৰু পিতৃ-মাতৃকো সোধা-পোছা কৰা হৈছে।

জানিব পৰা মতে ভিযুক্তজন বিজেপি বিধায়ক কেদাৰনাথ শুক্লাৰ ঘনিষ্ঠ লোক । জ্যেষ্ঠ নেতা কেদাৰনাথ চিধিৰ পৰা দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছে। বিৰোধীয়ে ঘটনাটোত সেয়ে বিজেপি কৰ্মীৰ সংযোগ বিচাৰি উলিয়াইছে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা কমল নাথে কয়, " সভ্য সমাজত এনে ধৰণৰ ঘৃণনীয়  আচৰণৰ কোনো স্থান নাই। "অৱশ্যে পদ্ম শিবিৰে এই দাবী অস্বীকাৰ কৰি কয় যে বিজেপিৰ সৈতে  লোকজনৰ  কোনো সম্পৰ্ক নাই। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এনে ধৰণৰ অপৰাধক তীব্ৰ গৰিহণা দিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস