--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত এটা ৰিজাৰ্ভ বেটেলিয়ন শিবিৰত জনতাই দুবাৰকৈ  আক্ৰমণৰ চেষ্টা চলায়।আৰক্ষী সূত্ৰই জনোৱা অনুসৰি মঙলবাৰে থৌবালৰ তৃতীয় ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰত জনতাই আক্ৰমণ কৰে আৰু গুলী তথা  অস্ত্ৰ-শস্ত্ৰ লুটিবলৈ চেষ্টা কৰে। 

তেনে সময়তে ৰিজাৰ্ভ বেটেলিয়নৰ এজন জোৱানৰ গুলীচালনাত এজন কংগ্ৰেছ কৰ্মী নিহত হয়। তাৰ পিছতে আক্ৰমণ কৰিবলৈ অহা  লোকসকলে  পলাই যায়।  কিন্তু পিছত জোৱানজনৰ ঘৰত জনতাই জুই লগাই দিয়ে । আবেলি পুনৰ  জনতাই ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰত আক্ৰমণ কৰে। পিছৰ বাৰৰ আক্ৰমণত দুজন সৈনিক আৰু ২১ জন আক্ৰমণকাৰী আহত হয়।এলেকাটোত  পৰিস্থিতি এতিয়াও  উত্তেজনাপূৰ্ণ হৈয়েই আছে। 

ইফালে, কুকি উগ্ৰপন্থীৰ যুটীয়া মঞ্চ কেএনঅ'য়ে  মণিপুৰৰ ২ নং ৰাষ্ট্ৰীয় ঘাইপথত জনজাতীয় যুটীয়া মঞ্চৰ সন্মতি অবিহনে অৱৰোধ উঠাই লোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁলোকে উত্তৰ-পূবৰ এজন শক্তিশালী বিজেপি নেতাৰ হেঁচাত এই সিদ্ধান্ত লৈছিল বুলি অভিযোগ উঠিছে। এই ঘটনাৰ পিছত কুকিসকলৰ একাংশই উত্তেজনাত ফাটি পৰে আৰু কেএনঅ'ৰ প্ৰবক্তা চিলিন হাওকিপৰ লামকাত থকা ঘৰত জুই লগোৱা হৈছিল। তেওঁৰ গাড়ীখনো জ্বলাই দিয়া হয়। এই ঘটনাত অৱশ্যে কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। কুকি উগ্ৰপন্থীৰ দুটা মঞ্চ কেএনঅ' আৰু ইউপিএফে প্ৰথমতে বিজেপি নেতাজনৰ নামত তেওঁলোকৰ গোপন আলোচনাৰ বিষয়ে বিবৃতি প্ৰস্তুত কৰিছিল। সেই বিবৃতি বিয়পি পৰাৰ পিছতে উত্তেজনা বৃদ্ধি পায়। 

ৰাজ্যখনৰ সকলো অবৈধ বাংকাৰ ভাঙি পেলোৱাৰ বাবে ইউনিফাইড কমাণ্ডৰ বৈঠকৰ পিছত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কৰা  ঘোষণাৰ বিৰোধিতা কৰি আইটিএলএফ নামৰ জনজাতীয় সংগঠনটোৱে  কয় যে কুকিসকলে মেইটিসকলক আক্ৰমণ কৰা নাছিল কিন্তু মেইটিসকলে বাৰে বাৰে আক্ৰমণ কৰি আছে, সেয়েহে কুকিসকলৰ গাওঁসমূহৰ সুৰক্ষাৰ বাবে বাংকাৰৰ প্ৰয়োজন। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস