--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত এটা ৰিজাৰ্ভ বেটেলিয়ন শিবিৰত জনতাই দুবাৰকৈ  আক্ৰমণৰ চেষ্টা চলায়।আৰক্ষী সূত্ৰই জনোৱা অনুসৰি মঙলবাৰে থৌবালৰ তৃতীয় ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰত জনতাই আক্ৰমণ কৰে আৰু গুলী তথা  অস্ত্ৰ-শস্ত্ৰ লুটিবলৈ চেষ্টা কৰে। 

তেনে সময়তে ৰিজাৰ্ভ বেটেলিয়নৰ এজন জোৱানৰ গুলীচালনাত এজন কংগ্ৰেছ কৰ্মী নিহত হয়। তাৰ পিছতে আক্ৰমণ কৰিবলৈ অহা  লোকসকলে  পলাই যায়।  কিন্তু পিছত জোৱানজনৰ ঘৰত জনতাই জুই লগাই দিয়ে । আবেলি পুনৰ  জনতাই ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰত আক্ৰমণ কৰে। পিছৰ বাৰৰ আক্ৰমণত দুজন সৈনিক আৰু ২১ জন আক্ৰমণকাৰী আহত হয়।এলেকাটোত  পৰিস্থিতি এতিয়াও  উত্তেজনাপূৰ্ণ হৈয়েই আছে। 

ইফালে, কুকি উগ্ৰপন্থীৰ যুটীয়া মঞ্চ কেএনঅ'য়ে  মণিপুৰৰ ২ নং ৰাষ্ট্ৰীয় ঘাইপথত জনজাতীয় যুটীয়া মঞ্চৰ সন্মতি অবিহনে অৱৰোধ উঠাই লোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁলোকে উত্তৰ-পূবৰ এজন শক্তিশালী বিজেপি নেতাৰ হেঁচাত এই সিদ্ধান্ত লৈছিল বুলি অভিযোগ উঠিছে। এই ঘটনাৰ পিছত কুকিসকলৰ একাংশই উত্তেজনাত ফাটি পৰে আৰু কেএনঅ'ৰ প্ৰবক্তা চিলিন হাওকিপৰ লামকাত থকা ঘৰত জুই লগোৱা হৈছিল। তেওঁৰ গাড়ীখনো জ্বলাই দিয়া হয়। এই ঘটনাত অৱশ্যে কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। কুকি উগ্ৰপন্থীৰ দুটা মঞ্চ কেএনঅ' আৰু ইউপিএফে প্ৰথমতে বিজেপি নেতাজনৰ নামত তেওঁলোকৰ গোপন আলোচনাৰ বিষয়ে বিবৃতি প্ৰস্তুত কৰিছিল। সেই বিবৃতি বিয়পি পৰাৰ পিছতে উত্তেজনা বৃদ্ধি পায়। 

ৰাজ্যখনৰ সকলো অবৈধ বাংকাৰ ভাঙি পেলোৱাৰ বাবে ইউনিফাইড কমাণ্ডৰ বৈঠকৰ পিছত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কৰা  ঘোষণাৰ বিৰোধিতা কৰি আইটিএলএফ নামৰ জনজাতীয় সংগঠনটোৱে  কয় যে কুকিসকলে মেইটিসকলক আক্ৰমণ কৰা নাছিল কিন্তু মেইটিসকলে বাৰে বাৰে আক্ৰমণ কৰি আছে, সেয়েহে কুকিসকলৰ গাওঁসমূহৰ সুৰক্ষাৰ বাবে বাংকাৰৰ প্ৰয়োজন। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান