--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত মাটিৰ পাত্ৰত শীতল পানী খোৱাৰ পৰম্পৰা শতিকা পুৰণি। ইয়াৰ উপৰি মাটিৰ পাত্ৰৰ পানী খোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী। বাস্তুশাস্ত্ৰৰ মতে ঘৰত মাটিৰ পাত্ৰ এটা থকাটো অতি শুভ। শকুনশাস্ত্ৰৰ মতে যদি ঘৰৰ পৰা ওলাই আহোঁতে মাটিৰ পাত্ৰ বা পানীৰে ভৰা পাত্ৰ দেখে, তেন্তে সেয়া অতি শুভ লক্ষণ। ইয়াৰ ফলত কামত সফলতা লাভ কৰে। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে ঘৰত পানীৰে ভৰা মাটিৰ পাত্ৰ ৰাখিলে মালক্ষ্মী সুখী হয় আৰু কেতিয়াও পানীৰ অভাৱ নহয়। কিন্তু ইয়াৰ বাবে কিছুমান নিয়ম জনা উচিত।

 ঘৰত মাটিৰ পাত্ৰ ৰখাৰ বাস্তু টিপছ-

পানী ধন-সম্পত্তিৰ লগত জড়িত। সেইবাবেই কোৱা হয় খোৱাপানীৰ পাত্ৰ কেতিয়াও ঘৰত খালী ৰাখিব নালাগে। বিশেষকৈ নিশা পানীৰ বাচন খালী কৰি ৰখাটো অশুভ বুলি গণ্য কৰা হয়। সেয়েহে ঘৰৰ কোন দিশত মাটিৰ পানীৰে ভৰা পাত্ৰ ৰখা উচিত জানো আহক।

 নতুন মাটিৰ পাত্ৰ এটা আনি ভালদৰে ধুই লওক। কিছু সময় তাত পানী ভৰাই ৰাখি পানীখিনি কেইঘণ্টামানৰ পাছত পেলাই দিয়ক। ইয়াৰ পাছত পুনৰ পানী ভৰাই সেৱন কৰক। প্ৰথমে শিশুক আৰু বিশেষকৈ কন্যা শিশুক এই পানী সেৱন কৰিবলৈ দিব লাগে, ইয়াৰ ফলত মালক্ষ্মী সন্তুষ্ট হয়।

 * বাস্তুশাস্ত্ৰৰ মতে ঘৰত মাটিৰ পাত্ৰ এটা ৰাখিবলৈ সৰ্বোত্তম দিশটো হ’ল উত্তৰ দিশ। উত্তৰ দিশটো বৰুণ দেৱতাৰ দিশ বুলিও কোৱা হয় অৰ্থাৎ পানীৰ দিশ। এই দিশত মাটিৰ পাত্ৰ ৰাখিলে ঘৰলৈ উপাৰ্জনৰ সুযোগ অহাৰ উপৰি উন্নতিও হয়। যদি আপুনি উত্তৰ দিশত মাটিৰ পাত্ৰ ৰাখিব নোৱাৰে, তেন্তে উত্তৰ-পূব দিশতো ৰাখিব পাৰে।

* যদি আৰ্থিক সমস্যাই জুৰুলা কৰিছে, যদি যিকোনো কামতে বাধা পাইছে, তেন্তে প্ৰতি সন্ধিয়া মাটিৰ পাত্ৰ এটাৰ সন্মুখত চাকি জ্বলালে মালক্ষ্মী সন্তুষ্ট হয় আৰু ঘৰলৈ ধনাত্মক শক্তিৰ সঞ্চাৰ হৈ সুখ-সমৃদ্ধি বৃদ্ধি কৰে।

 * এটা কথা মনত ৰখা জৰুৰী যে মাটিৰ পাত্ৰ কেতিয়াও খালী কৰি ৰাখিব নালাগে। বিশেষকৈ নিশাৰ ভাগত যিকোনো পাত্ৰ খালী কৰি ৰাখিব নালাগে। ইয়াৰ ফলত অশুভ শক্তিৰ বৃদ্ধি হয় আৰু ধনৰ ক্ষতি হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস