--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তেঁতেলী এবিধ এনেকুৱা খাদ্য, যাৰ সোৱাদ টেঙা-মিঠা। সেইবাবেই তেঁতেলীৰ নাম শুনিলেই সকলোৰে মুখত পানী ওলায়। কিন্তু আপুনি কেতিয়াবা তেঁতেলীৰ পানী বনাই পাইছেনে? যদি নাই তেন্তে আজি আমি আপোনালোকৰ বাবে তেঁতেলী পানী বনোৱাৰ ৰেচিপি লৈ আহিছো। এই পানীয়ে হজম শক্তি উন্নত কৰাৰ লগতে ডায়েবেটিছ আৰু ওজন নিয়ন্ত্ৰণতো সহায় হয়। কেৱল এয়াই নহয়, শৰীৰত তেজৰ অভাৱো দূৰ কৰে। গতিকে তেঁতেলী পানী কেনেকৈ প্ৰস্তুত কৰা হয় জানো আহক।

প্ৰয়োজনীয় উপাদান-

তেঁতেলী ২০০ গ্ৰাম, জিৰাৰ গুড়ি ১ চামুচ, ধনীয়াৰ গুড়ি ১ চামুচ, সোৱাদ অনুসৰি নিমখ, চাট মছলা ২ চামুচ, জলকীয়া পাউদাৰ ২ চামুচ,

চেনি ২ চামুচ, পদিনা চাটনি, ১ চামুচ, ধনীয়াৰ পাত ৩ চামুচ মিহিকৈ কাটি লওক।

তেঁতেলী পানী কেনেকৈ প্ৰস্তুত কৰিব?

তেঁতেলী পানী বনাবলৈ প্ৰথমে তেঁতেলী লৈ ১ কাপ গৰম পানীত তিয়াই ৰাখক এঘণ্টামান। ইয়াৰ পাছত পানীখিনি এটা সুকীয়া পাত্ৰত উলিয়াই লওক। তাৰ পাছত হাতেৰে তেঁতেলীখিনি উলিয়াই পৃথক পৃথক কৰি লওক। ইয়াৰ পাছত তেঁতেলী পানীখিনিত প্ৰায় ৬-৭ গিলাচ পানীত সকলো উপাদান ভালদৰে মিহলাই লওক। এতিয়া আপোনাৰ টেঙা-মিঠা তেঁতেলী পানী সাজু।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস