--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি ধনৱান হ’ব বিচাৰে নেকি? অথবা, আপুনি অৰ্থ সংকটত পৰিছে নেকি? তেন্তে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই৷ এজোপা তুলসীয়েই দূৰ কৰিব আপোনাৰ অৰ্থ সংকট৷ 

কিয়নো, তুলসী গছে ওচৰ-পাজৰৰ নেতিবাচক শক্তি নাশ কৰে। সেইবাবে ঘৰৰ মাজত তুলসী গছ সমীপতে লাগে। ঘৰৰ উত্তৰ দিশত ৰোপণ কৰিলে মংগলদায়ক৷। ইতিবাচক শক্তি তৰংগ পূবৰ পৰা পশ্চিম আৰু উত্তৰৰ পৰা দক্ষিণৰ ফালে আহে।ওখ গছ যেনে নাৰিকল, নিম, অশোক আদি গছ ঘৰৰ দক্ষিণ বা পশ্চিম দিশত ৰোপণ কৰিব লাগে।

গছে আমাৰ জীৱনত ইতিবাচক শক্তি প্ৰদান কৰে। বাস্তুৰ হিচাপত বাস্তু দোষ দূৰ কৰিব পাৰে। গছ-গছনি যদি সঠিক দিশত নহ’লে ইয়ে শাৰিৰীক, আৰ্থিক , মানসিক সমস্যাৰ কাৰণ হ’ব পাৰে।

যদি গছ-গছনি সঠিক দিশত স্থান অনুসৰি ৰোপণ কৰা হয় তেনেহ’লে ইয়ে বহুত চমৎকাৰী উপকাৰ দিব পাৰে। আকৌ যদি সেইবোৰ গছ-গছনি ভুল ঠাইত ৰোপণ কৰা হয় তেনেহ’লে ই অপকাৰিতাৰ কাৰণ হ’ব পাৰে।

ঘৰৰ উত্তৰ দিশত সৰু গছ যেনে  - তুলসী, হালধি, কুঁহিয়াৰ, কল, পদিনা আদি ৰোপণ কৰিব লাগে। ঘৰৰ পূব দিশত সৰু গছ ৰোপণ কৰিলে পৰিয়ালৰ সদস্য স্বাস্থ্যৱান হৈ থাকে আৰু সামাজিক সম্পৰ্ক মজবুত হৈ থাকে।

উত্তৰ দিশত নীলা ৰঙৰ ফুল ৰোপণ কৰক নতুবা এনেকুৱা গছ ৰোপণ কৰক, য’ত নীলা ৰঙৰ ফুল ফুলে। নীলা ৰঙে জীৱনত সমৃদ্ধি আনে আৰু পানীৰ দৰে জীৱনক গতি প্ৰদান কৰে। 

পশ্চিম দিশত ভুলতেও কাঁইটজাতীয় গছ ৰোপণ নকৰিব। ৰঙা ৰঙৰ ফুল ঘৰৰ দক্ষিণ দিশত ৰোপন কৰক। ইয়ে জীৱনত শক্তি আৰু নতুনত্ব প্ৰদান কৰে।আনাৰসৰ গছ ঘৰৰ ভিতৰত নাৰাখি বাহিৰত ৰাখক। ইয়াক দক্ষিণ দিশত ৰোপণ কৰিলে সুখ আৰু সমৃদ্ধি প্ৰাপ্তি হয়। 

বেল গছ ঘৰৰ চৌহদত ৰাখিব লাগে। ইয়াৰ দ্বাৰা নকৰাত্মক শক্তি নাশ হয় আৰু পৰিয়ালৰ উন্নতি হয়। বগা ৰঙৰ ফুল পশ্চিম দিশত ৰোপণ কৰিলে লাভৰ পথ উপলব্ধ হয় আৰু ল’ৰা-ছোৱালীৰ সৃষ্টিশীলতা বৃদ্ধি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?