--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি আপুনি জীৱনত সুখী হ’ব বিচাৰে, তেন্তে আপুনি আপোনাৰ জীৱনত সৰু সৰু পৰিৱৰ্তন কৰিব লাগিব। জীৱনত সৰু সৰু পৰিৱৰ্তন কৰি জীৱনৰ দুখ-কষ্টক এৰাই চলিব পাৰি। জীৱনত কোনে সুখী হ’ব নিবিচাৰে? সকলোৱে বিচাৰে যে তেওঁলোকে টেনচন নোহোৱাকৈ নিজৰ জীৱনটো সুখেৰে কটাব পাৰে। কিন্তু আজিৰ সময়ত মানুহ প্ৰায়ে মানসিক চাপত বা দুখত থাকে। কিন্তু আপুনি জানেনে যে জীৱনত সৰু সৰু পৰিৱৰ্তন কৰি আপুনি সদায় সুখী হ’ব পাৰে।‌জীৱনত সুখী হবলৈ পাঁচটা গোপন কথা জানো আহক।

১) নিজকে আনৰ লগত তুলনা নকৰিব: সুখী হোৱাৰ আটাইতকৈ সহজ উপায় হ’ল নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰক। আজিকালি বেছিভাগ মানুহৰে দেখা যায় যে তেওঁলোকৰ হাতত থকা বস্তুবোৰৰ গুৰুত্ব তেওঁলোকে বুজি নাপায়। এনে মানুহে কেৱল আনে যি কৰি আছে তাকে কৰিব বিচাৰে। আমাৰ এই অভ্যাস কেতিয়াবা আমাৰ দুখৰ কাৰণ হৈ পৰে। গতিকে যদি আপুনি সুখী হব বিচাৰে তেন্তে নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰক। যিদিনা আপুনি এই অভ্যাস গ্ৰহণ কৰিব, সেইদিনাই আপুনি জীৱনত সুখী হ’বলৈ আৰম্ভ কৰিব।

২) নিজকে সময় দিয়ক: সুখী হ’বলৈ হ’লে নিজৰ লগত কিছু সময় কটাব লাগিব। বিশেষজ্ঞসকলৰ মতে নিজৰ লগত সময় কটালেও মানসিক চাপ কমি যায়। আজিৰ দ্ৰুত গতিত চলি থকা জীৱনত আমি ইমানেই ব্যস্ত যে আমি নিজৰ কথাও ভাবিব নোৱাৰো। কিন্তু যেতিয়া আমি অকলে সময় কটাওঁ, তেতিয়া সেই সময়ত আমি নিজৰ বিষয়ে ভালকৈ পৰিকল্পনা কৰিব পাৰো। বিশেষজ্ঞসকলৰ মতে আমি যেতিয়া অকলে সময় কটাওঁ তেতিয়া আমি আমাৰ চৌপাশে ঘটি থকা কথাবোৰৰ সঠিক মূল্যায়ন কৰি উন্নত সিদ্ধান্ত ল’ব পাৰো।

৩) পাহৰিবলৈ শিকক: সুখী হ’বলৈ হ’লে আপুনি আনে কোৱা কথাবোৰ এৰাই চলিব লাগিব। কথাবোৰ পাহৰিবলৈ শিকক। বহুতে নিজৰ চিন্তাধাৰা মনত ৰাখি আনৰ কথা চিন্তা কৰি থাকে যদি কোনোবাই এনে লোকৰ লগত বেয়া কাম কৰে, তেনেহ’লে এইসকল লোকে এই কথাবোৰ অনবৰতে চিন্তা কৰি নিজকে দুখী কৰি তোলে। কিন্তু জীৱনত যদি সুখী হ’ব বিচাৰে তেন্তে আনৰ কথাবোৰ পাহৰি যোৱাৰ অভ্যাস গঢ়িব লাগিব, যিবোৰে আপোনাৰ মনত বেয়াকৈ প্ৰভাৱ পেলায় সেয়া পাহৰি যোৱাতো অতি প্ৰয়োজনীয়।

৪) ইতিবাচক চিন্তা: নিজকে সুখী কৰি ৰাখিবলৈ হ’লে আপুনি‌ নিজকে নেতিবাচক চিন্তাৰ পৰা আঁতৰাই ৰাখক। যদি আপুনি জীৱনত সুখী হ’ব বিচাৰে তেন্তে সদায় ইতিবাচক চিন্তা কৰক, ইতিবাচক চিন্তাধাৰাই বেয়া পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ সহায় কৰে। গতিকে যেতিয়া আপুনি ইতিবাচক চিন্তা কৰে তেতিয়া আপুনি সুখী হ'ব পৰাতো প্ৰায় নিশ্চিত।

৫) আনৰ পৰা আশা কৰা বন্ধ কৰক: যদি আপুনি জীৱনত সুখী হ’ব বিচাৰে তেন্তে আপুনি আনৰ পৰা আশা কৰা বন্ধ কৰা উচিত। যদি আপুনি কাৰোবাৰ বাবে কিবা এটা কৰি আছে, তেন্তে আপুনি আশা কৰা উচিত নহয় যে সন্মুখৰ ব্যক্তিজনেও আপোনাৰ বাবে একে কাম কৰিব। আনৰ পৰা আশা কৰাটোৱে সদায় দুখৰ সৃষ্টি কৰে। গতিকে সুখী হ’বলৈ হ’লে আপুনি আশা নকৰাটো গুৰুত্বপূৰ্ণ। যদি আপুনি কাৰোবাৰ বাবে কিবা এটা কৰি আছে তেন্তে বিনিময়ত তেওঁলোকেও একে আচৰণ কৰিব বুলি আশা কৰাতো এক ভুল ধাৰণা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী